--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক'কেইন অবিহনে দুঘণ্টাও কটাব নোৱাৰে ইমৰান খানে। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ক্ষমতাচ্যুত হোৱাৰ পাছৰে পৰা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে একাধিক গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। এইবাৰ ইমৰান খানৰ বিৰুদ্ধে উত্থাপিত হল নিষিদ্ধ মাদক দ্ৰব্য ব্যৱহাৰৰ গুৰুতৰ অভিযোগ। 

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ গৃহমন্ত্ৰী আতাউল্লাহ তৰাৰে পাকিস্তান তেহৰিক-এ-ইনছাফ দলৰ মুৰব্বী ইমৰানৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰি কয় যে ক'কেইনৰ দৰে মাৰাত্মক ড্ৰাগছ অবিহনে প্ৰাক্তন প্ৰধানমন্ত্ৰীজনে দুঘণ্টাও অতিবাহিত কৰিব নোৱাৰে। তেওঁ কয় যে, ''ইমৰান খান আৰম্ভণিৰে পৰা ড্ৰাগছ আসক্ত আছিল। চৰকাৰে জানে যে ইমৰানৰ বণিগালাৰ বিলাসী বাসগৃহলৈ কোনে ড্ৰাগছৰ যোগান ধৰি আহিছে। চৰছ আৰু ক'কেইন অবিহনে ইমৰানে দুঘণ্টাও থাকিব নোৱাৰে।'' লগতে তৰাৰে কয় যে, ''আমি নিষিদ্ধ  ড্ৰাগছ গ্ৰহণৰ অভিযোগত ইমৰান খানক যিকোনো সময়তে গ্ৰেপ্তাৰ কৰিব পাৰো। কিন্তু তেনে কাৰ্য কৰিব বিচৰা নাই। নিচা সামগ্ৰী অবিহনে তেওঁ কাৰাগাৰত কেনেকৈ থাকিব? 

উল্লেখ্য যে ইমৰান ড্ৰাগছ আসক্ত বুলি আগতেও অভিযোগ উত্থাপন হৈছে। ২০২০ চনত ইমৰাণৰ ঘনিষ্ঠ বন্ধু তথা পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ সৰফৰাজ নৱাজে মুকলিকৈ টিভিত একে অভিযোগ উত্থাপন কৰিছিল। সৰফৰাজৰ মতে, ১৯৮৭ চনত ইমৰানে ভাল বলিং কৰিব পৰা নাছিল। এদিন ইমৰাণ, চেলিম মালিক, মহছিন খান আৰু আব্দুল কাদিৰ তেওঁৰ ঘৰলৈ গৈছিল। ইমৰানে তাত ক'কেইন সেৱন কৰি আছিল। দীৰ্ঘদিন ধৰি তেওঁ ড্ৰাগছ সেৱন কৰি আহিছে। 

ইমৰানৰ দ্বিতীয় বিবাহ বিচ্ছেদ হোৱা পত্নী ৰেহামেও খানক ড্ৰাগছৰ প্ৰতি আসক্ত বুলি কৈছিল।তেওঁ কৈছিল যে ইমৰানে ঘণ্টাৰ পিছত ঘণ্টা কোঠাত বহি ড্ৰাগছ সেৱন কৰে।ৰেহামে এইবোৰ কথা তেওঁৰ কিতাপখনতো লিখিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন