--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক'কেইন অবিহনে দুঘণ্টাও কটাব নোৱাৰে ইমৰান খানে। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ক্ষমতাচ্যুত হোৱাৰ পাছৰে পৰা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে একাধিক গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। এইবাৰ ইমৰান খানৰ বিৰুদ্ধে উত্থাপিত হল নিষিদ্ধ মাদক দ্ৰব্য ব্যৱহাৰৰ গুৰুতৰ অভিযোগ। 

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ গৃহমন্ত্ৰী আতাউল্লাহ তৰাৰে পাকিস্তান তেহৰিক-এ-ইনছাফ দলৰ মুৰব্বী ইমৰানৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰি কয় যে ক'কেইনৰ দৰে মাৰাত্মক ড্ৰাগছ অবিহনে প্ৰাক্তন প্ৰধানমন্ত্ৰীজনে দুঘণ্টাও অতিবাহিত কৰিব নোৱাৰে। তেওঁ কয় যে, ''ইমৰান খান আৰম্ভণিৰে পৰা ড্ৰাগছ আসক্ত আছিল। চৰকাৰে জানে যে ইমৰানৰ বণিগালাৰ বিলাসী বাসগৃহলৈ কোনে ড্ৰাগছৰ যোগান ধৰি আহিছে। চৰছ আৰু ক'কেইন অবিহনে ইমৰানে দুঘণ্টাও থাকিব নোৱাৰে।'' লগতে তৰাৰে কয় যে, ''আমি নিষিদ্ধ  ড্ৰাগছ গ্ৰহণৰ অভিযোগত ইমৰান খানক যিকোনো সময়তে গ্ৰেপ্তাৰ কৰিব পাৰো। কিন্তু তেনে কাৰ্য কৰিব বিচৰা নাই। নিচা সামগ্ৰী অবিহনে তেওঁ কাৰাগাৰত কেনেকৈ থাকিব? 

উল্লেখ্য যে ইমৰান ড্ৰাগছ আসক্ত বুলি আগতেও অভিযোগ উত্থাপন হৈছে। ২০২০ চনত ইমৰাণৰ ঘনিষ্ঠ বন্ধু তথা পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ সৰফৰাজ নৱাজে মুকলিকৈ টিভিত একে অভিযোগ উত্থাপন কৰিছিল। সৰফৰাজৰ মতে, ১৯৮৭ চনত ইমৰানে ভাল বলিং কৰিব পৰা নাছিল। এদিন ইমৰাণ, চেলিম মালিক, মহছিন খান আৰু আব্দুল কাদিৰ তেওঁৰ ঘৰলৈ গৈছিল। ইমৰানে তাত ক'কেইন সেৱন কৰি আছিল। দীৰ্ঘদিন ধৰি তেওঁ ড্ৰাগছ সেৱন কৰি আহিছে। 

ইমৰানৰ দ্বিতীয় বিবাহ বিচ্ছেদ হোৱা পত্নী ৰেহামেও খানক ড্ৰাগছৰ প্ৰতি আসক্ত বুলি কৈছিল।তেওঁ কৈছিল যে ইমৰানে ঘণ্টাৰ পিছত ঘণ্টা কোঠাত বহি ড্ৰাগছ সেৱন কৰে।ৰেহামে এইবোৰ কথা তেওঁৰ কিতাপখনতো লিখিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি