--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনো শুভ কাম আৰম্ভ কৰাৰ আগতে আমি পূজা সম্পন্ন কৰোঁ। আমাৰ শাস্ত্ৰত শুভ কৰ্ম মানে বিবাহ, খাদ্য গ্ৰহণ, সাধভক্ষন, নামকৰণ, উপনয়ন, দীক্ষা, গৃহাৰম্ভ, গ্ৰহপ্ৰৱেশ, দেৱতা প্ৰতিষ্ঠা, বিপান্যাৰম্ভ, গ্ৰহপূজা আদি। এই শুভ কামৰ নিৰ্দিষ্ট দিন, সময়, গ্ৰহ আৰু নক্ষত্ৰ বিচাৰ কৰি আমি শুভ কৰ্ম সম্পাদন কৰোঁ। কিন্তু আমি সকলোৱে দৈনিক পুৱা-গধূলি ঘৰতে পূজা কৰো। ঘৰত পূজা-সেৱা কৰিলে সুখ, সমৃদ্ধি আৰু শান্তি থাকে।

কোন দেৱ-দেৱীক কিহেৰে পূজা কৰিলে সহজতে সন্তুষ্ট হয় জানি লওক।

নাৰায়ণঃ তুলসী পাত, বগা চন্দন, বগা সুগন্ধি ফুলৰ সৈতে বিষ্ণু নাৰায়ণক পূজা কৰিব লাগে। নাৰায়ণক বেল পাতেৰে পূজা কৰা উচিত নহয়। 

গণেশঃ ৰঙা জবা ফুল, ৰঙা চন্দন, দূবৰি আৰু মোদকেৰে গণেশ পূজা কৰিব লাগে। তুলসী পাত দি গণেশ পূজা কৰিব নালাগে। 

দুৰ্গা, কালীঃ ৰঙা জবা বা ৰঙা ফুল, ৰঙা চন্দন, ৰঙা সেন্দুৰ, ৰঙা চূৰ্ণী, দূবৰি, পাণ, তামোল। 

সূৰ্যদেৱঃ ৰঙা জবাৰে পূজা কৰিব লাগে। ৰাতিপুৱা সূৰ্যদেৱক পানী অৰ্পণ কৰিলে মনটো শান্তিৰে ভৰি পৰে। 

শিৱঃ পানী, বেল পাত আৰু বগা ফুল দি কৰিব লাগে। ধতুৰা ফুল শিৱৰ প্ৰিয়। মহাদেৱক তুলসী পাতেৰে পূজা কৰিব নালাগে। যদি আপুনি আন্তৰিকতাৰে শিৱক আৰাধনা কৰে তেন্তে তেওঁ অতি সোনকালেই সন্তুষ্ট হয়। 

লক্ষ্মীঃ ফল, ৰঙা ফুল, মিঠাই, নাৰিকল।

যদি আপোনাৰ কোনো কাম সফল হোৱা নাই তেন্তে প্ৰতি বুধবাৰে দূবৰি বন, ৰঙা জবা ফুল আৰু মোদক বা বুন্দিয়া লাড্ডুৰে একেৰাহে পাঁচটা বুধবাৰে গণেশক পূজা কৰক। ঔম গং গণপতয়ে নমহঃ মন্ত্ৰ ১০৮ বাৰ জপ কৰক। এনে কৰিলে বাধাসমূহ দূৰ হ'ব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement