--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনো শুভ কাম আৰম্ভ কৰাৰ আগতে আমি পূজা সম্পন্ন কৰোঁ। আমাৰ শাস্ত্ৰত শুভ কৰ্ম মানে বিবাহ, খাদ্য গ্ৰহণ, সাধভক্ষন, নামকৰণ, উপনয়ন, দীক্ষা, গৃহাৰম্ভ, গ্ৰহপ্ৰৱেশ, দেৱতা প্ৰতিষ্ঠা, বিপান্যাৰম্ভ, গ্ৰহপূজা আদি। এই শুভ কামৰ নিৰ্দিষ্ট দিন, সময়, গ্ৰহ আৰু নক্ষত্ৰ বিচাৰ কৰি আমি শুভ কৰ্ম সম্পাদন কৰোঁ। কিন্তু আমি সকলোৱে দৈনিক পুৱা-গধূলি ঘৰতে পূজা কৰো। ঘৰত পূজা-সেৱা কৰিলে সুখ, সমৃদ্ধি আৰু শান্তি থাকে।

কোন দেৱ-দেৱীক কিহেৰে পূজা কৰিলে সহজতে সন্তুষ্ট হয় জানি লওক।

নাৰায়ণঃ তুলসী পাত, বগা চন্দন, বগা সুগন্ধি ফুলৰ সৈতে বিষ্ণু নাৰায়ণক পূজা কৰিব লাগে। নাৰায়ণক বেল পাতেৰে পূজা কৰা উচিত নহয়। 

গণেশঃ ৰঙা জবা ফুল, ৰঙা চন্দন, দূবৰি আৰু মোদকেৰে গণেশ পূজা কৰিব লাগে। তুলসী পাত দি গণেশ পূজা কৰিব নালাগে। 

দুৰ্গা, কালীঃ ৰঙা জবা বা ৰঙা ফুল, ৰঙা চন্দন, ৰঙা সেন্দুৰ, ৰঙা চূৰ্ণী, দূবৰি, পাণ, তামোল। 

সূৰ্যদেৱঃ ৰঙা জবাৰে পূজা কৰিব লাগে। ৰাতিপুৱা সূৰ্যদেৱক পানী অৰ্পণ কৰিলে মনটো শান্তিৰে ভৰি পৰে। 

শিৱঃ পানী, বেল পাত আৰু বগা ফুল দি কৰিব লাগে। ধতুৰা ফুল শিৱৰ প্ৰিয়। মহাদেৱক তুলসী পাতেৰে পূজা কৰিব নালাগে। যদি আপুনি আন্তৰিকতাৰে শিৱক আৰাধনা কৰে তেন্তে তেওঁ অতি সোনকালেই সন্তুষ্ট হয়। 

লক্ষ্মীঃ ফল, ৰঙা ফুল, মিঠাই, নাৰিকল।

যদি আপোনাৰ কোনো কাম সফল হোৱা নাই তেন্তে প্ৰতি বুধবাৰে দূবৰি বন, ৰঙা জবা ফুল আৰু মোদক বা বুন্দিয়া লাড্ডুৰে একেৰাহে পাঁচটা বুধবাৰে গণেশক পূজা কৰক। ঔম গং গণপতয়ে নমহঃ মন্ত্ৰ ১০৮ বাৰ জপ কৰক। এনে কৰিলে বাধাসমূহ দূৰ হ'ব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু