--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মানৱ শৰীৰৰ বিকাশৰ বাবে বহুতো ভিটামিনৰ প্ৰয়োজন।ভিটামিনৰ অভাৱে শৰীৰত স্বাস্থ্যজনিত বহু সমস্যাও সৃষ্টি কৰে। এনে কিছু ভিটামিনৰ অভাৱে শৰীৰত বেয়া প্ৰভাৱ পেলায়। ইয়াৰ উপৰি মুখৰ দুৰ্গন্ধৰ আঁৰৰ কাৰণো হ’ব পাৰে ভিটামিনৰ অভাৱ। শৰীৰত ভিটামিনৰ অভাৱৰ বাবে বহুতো লক্ষণ দেখা দিয়ে। বেছিভাগ লোকৰে মুখৰ পৰা দুৰ্গন্ধৰ ওলোৱাৰ ফলত অসুবিধা সন্মুখীন হয়। এনে লোকৰ দাঁত ব্ৰাছ কৰাৰ পাছতো প্ৰায়ে মুখৰ গোন্ধ ওলায়। মুখৰ দুৰ্গন্ধৰ বহু কাৰণ থাকিব পাৰে। ভিটামিনৰ অভাৱৰ বাবেও মুখৰ দুৰ্গন্ধ ওলায়। কোনটো ভিটামিনৰ অভাৱত মুখৰ দুৰ্গন্ধ ওলায় জানো আহক।

কোনটো ভিটামিনৰ অভাৱত মুখৰ দুৰ্গন্ধ ওলায় জানেনে?
ভিটামিন-বি১২ আৰু ভিটামিন-চিৰ অভাৱত দুৰ্গন্ধৰ সৃষ্টি হয়। ভিটামিন-চিৰ অভাৱ দূৰ কৰিবলৈ অমিতা, মৌচমী, কমলা আৰু ষ্ট্ৰবেৰী খাদ্যত অন্তৰ্ভুক্ত কৰক। ভিটামিন-বি১২ৰ অভাৱ দূৰ কৰিবলৈ গাখীৰ, দৈ, কণী আৰু ছালমন মাছ খাব লাগে।

কোনটো ভিটামিনৰ অভাৱত দাঁতৰ আলুৰ পৰা ৰক্তক্ষৰণ হয়?
ভিটামিন-চিৰ অভাৱত দাঁতৰ আলুৰ পৰা ৰক্তক্ষৰণ হয়। ভিটামিন-চিৰ অভাৱৰ বাবে দাঁতৰ আলু ফুলা আৰু সংক্ৰমণৰ দৰে সমস্যা হ’বলৈ আৰম্ভ কৰে।

কোনটো ভিটামিনৰ অভাৱত ওঁঠ ফাটি যায় জানেনে?
ভিটামিন-বি১২ আৰু বি৬ৰ অভাৱত ওঁঠ ফাটে। ভিটামিনৰ বাহিৰেও কেতিয়াবা আইৰণ, জিংক আৰু ওমেগা-৩ৰ অভাৱত ওঁঠ ফাটিবলৈ আৰম্ভ কৰে।

কোনটো ভিটামিনৰ অভাৱৰ বাবে দাঁত হালধীয়া হয়?
ভিটামিন-বি১২ আৰু ভিটামিন-ডিৰ অভাৱৰ বাবে দাঁতৰ ৰং হালধীয়া হয়। দাঁতৰ যত্ন ল’বলৈ নিয়মীয়াকৈ খাদ্য তালিকাত ভিটামিন-বি১২ আৰু ভিটামিন-ডি অন্তৰ্ভুক্ত কৰক।

কোনটো ভিটামিনৰ অভাৱৰ বাবে দাঁতৰ ওপৰত হালধীয়া ৰঙৰ তৰপ গঠন হয়?
ভিটামিন-এ আৰু ভিটামিন-ডিৰ অভাৱত দাঁতৰ ওপৰত হালধীয়া ৰঙৰ তৰপ গঠন হয়। এই হালধীয়া তৰপটোৰ বাবে দাঁতৰ ৰং হালধীয়া হৈ পৰে আৰু মুখৰ পৰাও বেয়া গোন্ধ আহে। ভিটামিন-এৰ অভাৱ দূৰ কৰিবলৈ মিঠা আলু, বিলাহী, ডালিম, কচু আৰু অমিতা খোৱা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ