--°C
Loading...
Listen to Article
2 min read
80%

বেংগালুৰু : ক’ভিড ত্ৰাসে পুনৰ বাধ্য কৰিলে বিদ্যালয় বন্ধ কৰিবলৈ। দীঘলীয়া সময় বন্ধ হৈ থকাৰ পাছত ১ জানুৱাৰীৰ পৰা বিদ্যালয়সমূহ পুনৰ মুকলি কৰা হৈছিল যদিও ভালেমান শিক্ষক-শিক্ষয়িত্ৰী তথা শিক্ষাৰ্থী ক’ভিড পজিটিভ চিনাক্ত হোৱাত কৰ্ণাটকত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। কিয়নো বিদ্যালয়ত পাঠদান আৰম্ভ হোৱাৰ পাছতে কৰ্ণাটকাত বৃদ্ধি পাইছে কোভিড-১৯ৰ সংক্ৰমণ। ১জানুৱাৰীৰ পৰা ৰাজ্যখনত বিদ্যালয় পুনৰ মুকলি হৈছিল আৰু তাৰ পাছতে ভালেসংখ্যক শিক্ষক তথা শিক্ষাৰ্থী কোভিডত আক্ৰান্ত হৈছে।

আৰু পঢ়িব পাৰিব : দেশত কৰ’নাৰ নতুন ষ্ট্ৰেইনৰ ঘটনা ৭১টালৈ বৃদ্ধি

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কালি ৫০জনকৈ শিক্ষক-শিক্ষয়িত্ৰী কোভিডত আক্ৰান্ত হোৱাটো চিনাক্ত হৈছে। ইয়াৰ পাছতে ভালেমান বিদ্যালয় পুনৰ বন্ধ কৰি দিবলৈ বাধ্য হয় প্ৰশাসন। বেলগাৱীত ২২গৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰী কোভিড আক্ৰান্ত বুলি চিনাক্ত হৈছে আৰু তেওঁলোকক তাৰ পাছত হোম কোৱাৰেণ্টাইনত ৰখা হৈছে। বেলগাৱীৰ কাডোলী গাঁৱৰ এখন বিদ্যালয়ৰ এগৰাকী শিক্ষক কোভিডত আক্ৰান্ত হোৱাৰ পাছত বিদ্যালখন বন্ধ কৰি দিয়া হৈছে।

আৰু পঢ়িব পাৰিব : জেইই কেলেংকাৰী : ভাৰ্গৱ ডেকাৰ জামিন আবেদন নাকচ

বেলগাৱী শৈক্ষিক জিলাৰ এগৰাকী শীৰ্ষ বিষয়া এ বি পুণ্ডলিকে কয় যে, যিসকল শিক্ষক-শিক্ষয়িত্ৰীৰ দেহত কোভিডৰ লক্ষণ ধৰা পৰিছে তেওঁলোকক বিদ্যালয়লৈ অহাৰ পৰা বাৰণ কৰা হৈছে। কোভিড নিগেটিভ শিক্ষকৰ জৰিয়তে কমসংখ্যক শিক্ষাৰ্থীক পাঠদান কৰোঁৱাৰ ব্যৱস্থা কৰা হৈছে জিলাখনত। আনহাতে চিত্ৰদুৰ্গা জিলাৰ সাতখনকৈ বিদ্যালয়ৰ কেইবাগৰাকীও শিক্ষক-কৰ্মচাৰী কোভিডত আক্ৰান্ত হোৱাৰ পাছত বন্ধ হৈ পৰিছে । ৰাজ্যখনৰ আন আন জিলাতো অনুৰূপ ঘটনা সংঘটিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ