--°C
Loading...
Listen to Article
2 min read
80%

বেংগালুৰু : ক’ভিড ত্ৰাসে পুনৰ বাধ্য কৰিলে বিদ্যালয় বন্ধ কৰিবলৈ। দীঘলীয়া সময় বন্ধ হৈ থকাৰ পাছত ১ জানুৱাৰীৰ পৰা বিদ্যালয়সমূহ পুনৰ মুকলি কৰা হৈছিল যদিও ভালেমান শিক্ষক-শিক্ষয়িত্ৰী তথা শিক্ষাৰ্থী ক’ভিড পজিটিভ চিনাক্ত হোৱাত কৰ্ণাটকত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। কিয়নো বিদ্যালয়ত পাঠদান আৰম্ভ হোৱাৰ পাছতে কৰ্ণাটকাত বৃদ্ধি পাইছে কোভিড-১৯ৰ সংক্ৰমণ। ১জানুৱাৰীৰ পৰা ৰাজ্যখনত বিদ্যালয় পুনৰ মুকলি হৈছিল আৰু তাৰ পাছতে ভালেসংখ্যক শিক্ষক তথা শিক্ষাৰ্থী কোভিডত আক্ৰান্ত হৈছে।

আৰু পঢ়িব পাৰিব : দেশত কৰ’নাৰ নতুন ষ্ট্ৰেইনৰ ঘটনা ৭১টালৈ বৃদ্ধি

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কালি ৫০জনকৈ শিক্ষক-শিক্ষয়িত্ৰী কোভিডত আক্ৰান্ত হোৱাটো চিনাক্ত হৈছে। ইয়াৰ পাছতে ভালেমান বিদ্যালয় পুনৰ বন্ধ কৰি দিবলৈ বাধ্য হয় প্ৰশাসন। বেলগাৱীত ২২গৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰী কোভিড আক্ৰান্ত বুলি চিনাক্ত হৈছে আৰু তেওঁলোকক তাৰ পাছত হোম কোৱাৰেণ্টাইনত ৰখা হৈছে। বেলগাৱীৰ কাডোলী গাঁৱৰ এখন বিদ্যালয়ৰ এগৰাকী শিক্ষক কোভিডত আক্ৰান্ত হোৱাৰ পাছত বিদ্যালখন বন্ধ কৰি দিয়া হৈছে।

আৰু পঢ়িব পাৰিব : জেইই কেলেংকাৰী : ভাৰ্গৱ ডেকাৰ জামিন আবেদন নাকচ

বেলগাৱী শৈক্ষিক জিলাৰ এগৰাকী শীৰ্ষ বিষয়া এ বি পুণ্ডলিকে কয় যে, যিসকল শিক্ষক-শিক্ষয়িত্ৰীৰ দেহত কোভিডৰ লক্ষণ ধৰা পৰিছে তেওঁলোকক বিদ্যালয়লৈ অহাৰ পৰা বাৰণ কৰা হৈছে। কোভিড নিগেটিভ শিক্ষকৰ জৰিয়তে কমসংখ্যক শিক্ষাৰ্থীক পাঠদান কৰোঁৱাৰ ব্যৱস্থা কৰা হৈছে জিলাখনত। আনহাতে চিত্ৰদুৰ্গা জিলাৰ সাতখনকৈ বিদ্যালয়ৰ কেইবাগৰাকীও শিক্ষক-কৰ্মচাৰী কোভিডত আক্ৰান্ত হোৱাৰ পাছত বন্ধ হৈ পৰিছে । ৰাজ্যখনৰ আন আন জিলাতো অনুৰূপ ঘটনা সংঘটিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ