--°C
Loading...
Listen to Article
2 min read
80%

ৰৌৰকেলা : বিষাক্ত কাৰ্বন মন'ক্সাইড গেছ ক্ষৰণৰ পাছত ৰৌৰকেলাৰ ছেল ষ্টীল প্লাণ্টৰ এটা কয়লা ৰাসায়নিক বিভাগত তত্বাৱধানৰ কামত নিয়োজিত চাৰিজন ঠিকাভিত্তিক কৰ্মচাৰীৰ আজি পুৱা মৃত্যু হয়৷

আৰু পঢ়িব পাৰিব : বিশেষভাৱে সক্ষম লোকে নিৰ্মাণ কৰি উলিয়ালে পকী দলং

আৰক্ষী সূত্ৰত প্ৰকাশ পোৱা মতে ঘটনাটো পুৱা প্ৰায় ৭:৩০ বজাত সংঘটিত হয়৷ ৰৌৰকেলাৰ আৰক্ষী অধীক্ষক মুকেশ কুমাৰ ভামুৱে প্ৰকাশ কৰা মতে গেছ কেনেদৰে নিৰ্গত হ'ল সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই। উদ্যোগটোৰ কৰ্তৃপক্ষই মৃত শ্ৰমিকসকলৰ পৰিয়ালক সকলোপ্ৰকাৰে সহায় কৰাৰ নিশ্চিতি প্ৰদান কৰিছে৷

আৰু পঢ়িব পাৰিব : কোভিড-১৯ৰ আগ্ৰাসন : পুনৰ বন্ধ হ’ল বিদ্যালয়

ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্তৰ নিৰ্দেশ দিয়া হৈছে। গেছ নিৰ্গত হোৱাৰ ফলত সংজ্ঞা হেৰুওৱা চাৰিজন লোকক হাস্পতালত ভৰ্তি কৰোঁৱা হৈছিল যদিও পাছত তেওঁলোকৰ মৃত্যু হয়৷ লোককেইজনক ক্ৰমে গণেশ চন্দ্ৰ পইলা (৫৯), অভিমন্যু চাহু (৩৩), ৰবিন্দ্ৰ চাহু (৫৯) আৰু ব্ৰহ্মাণ্ড পাণ্ডা (৫১) বুলি চিনাক্ত কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ