--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কপালত বলিৰেখা থাকিলে পুৰুষ বা মহিলাৰ বহু বয়স বাঢ়ি যোৱা যেন লাগে। দেখাত ছালখন নিস্তেজ আৰু শুকান যেন লাগে। কপালৰ বলিৰেখাৰ বাবে বয়সৰ আগতেই বহু বুঢ়া যেন দেখাবলৈ আৰম্ভ কৰে। কপালত বলিৰেখা নপৰিবৰ বাবে আপুনি আপোনাৰ জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰিব লাগিব। অনবৰতে অনাহক চিন্তা কৰি মনৰ ওপৰত মানসিক চাপ দি থাকিলে কপালত বলিৰেখা হ’ব পাৰে। আহক জানো এনে কিছুমান টিপছ, যিবোৰ গ্ৰহণ কৰিলে আপোনাৰ কপালৰ বলিৰেখাবোৰ নোহোৱা হৈ যাব।

কপালৰ বলিৰেখাৰ পৰা মুক্তি পাবলৈ এই পদক্ষেপসমূহ মানি চলক-

১)সূৰ্য্যৰ পৰা আঁতৰত থাকক।পুৰুষসকল মহিলাতকৈ বেছি সূৰ্যৰ পোহৰত থাকে আৰু কেতিয়াবা তেওঁলোকে নিজৰ ছালৰ যত্ন ল’ব নোৱাৰে। এনে অৱস্থাত তেওঁলোকৰ ছালখন অতি নিৰ্জীৱ হৈ পৰে। সেয়েহে পুৰুষ মহিলা উভয়েই সূৰ্য্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা নিজকে ৰক্ষা কৰিব লাগিব। যদি সূৰ্য্যৰ ৰশ্মিৰ সংস্পৰ্শত বহুদিন থাকে তেন্তে অকালতে বাৰ্ধক্য হোৱাৰ আশংকা থাকে আৰু কপালত বলিৰেখাৰ সৃষ্টি হয়। সেইবাবে ঘৰৰ পৰা যেতিয়াই বাহিৰলৈ ওলায় ছানস্ক্ৰীণ লগাবলৈ নাপাহৰিব।

২)মানসিক চাপ হ্ৰাস- অত্যধিক মানসিক চাপে জীৱনত বহুতো সমস্যা কঢ়িয়াই আনে। ইয়াৰ বাবে কপালতো বলিৰেখা হ’ব পাৰে। গতিকে মানসিক চাপ কমাব লাগিব। ইয়াৰ বাবে আপুনি ধ্যান কৰক আৰু যথেষ্ট টোপনি মাৰক।

৩)নিজকে হাইড্ৰেটেড কৰি ৰাখক- শুকান আৰু বলিৰেখা থকা ছালৰ পৰা মুক্তি পাবলৈ ছালখন হাইড্ৰেটেড কৰি ৰখাটো অতি প্ৰয়োজনীয়। যদি আপোনাৰ ছালখন ভালদৰে হাইড্ৰেটেড হয় তেন্তে কপালত বলিৰেখা দেখা নাযায় আৰু ছালখন জিলিকি থকা দেখা যায়। ছালখন হাইড্ৰেটেড কৰি ৰাখিবলৈ উপযুক্ত পৰিমাণত পানী খাওক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু