--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশজোৰা কৃষক আন্দোলন যিমানে দীঘল হৈ গৈছে সিমানে পৰিস্থিতি জটিলতৰ হোৱাৰ আশংকা গাঢ় হৈ পৰিছে। ২৬ জানুৱাৰীত বিদ্ৰোহী কৃষকসকলে ভাগ ল’ব বহু চৰ্চিত ট্ৰেক্টৰ ৰেলীত। গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ সময়তে দিল্লীৰ ৰাজপথত কৃষি আইন বিৰোধী প্ৰতিবাদ নতুন ৰূপত উদগীৰিত হ’ব। কিন্তু কৃষকৰ আন্দোলনক বিপথে পৰিচালিত কৰাৰ বাবে এতিয়া বিভিন্ন দুষ্কৃতিকাৰী চক্ৰ সক্ৰিয় হৈ পৰা দেখা গৈছে।

আৰু পঢ়িব পাৰিব : দুই কন্যাক ডাম্বেলেৰে মৰিয়াই হত্যা কৰি সত্যযুগৰ অপেক্ষা শিক্ষক দম্পতীৰ

অলপতে সিংঘু সীমান্তত ছদ্মৱেশী দুষ্কৃতিকাৰীৰ এজন সদস্যক কৃষকসকলে ধৰা পেলোৱাৰ পাছত এই সন্দেহ অধিক গাঢ় হৈছে। কৃষক নেতাক প্ৰতিবাদৰ সময়তে হত্যা কৰাৰ ষড়যন্ত্ৰ ফাদিল হোৱাৰ পাছত শেহতীয়াকৈ কৃষক আন্দোলনৰ গইনা লৈ পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আই আৰু খালিস্তানী সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকা দুষ্ট চক্ৰই বিঘিনি ঘটোৱাৰ পৰিকল্পনা কৰাৰ কথা সদৰী কৰিছে দিল্লী আৰক্ষীয়ে। আৰক্ষীয়ে বৃহৎ ষড়যন্ত্ৰ আশংকা প্ৰকাশ কৰি কৃষক নেতাসকলক সকীয়াই দিছে।

আৰু পঢ়িব পাৰিব : নেপালত ৰাজনৈতিক অস্থিৰতাৰ নতুন মোৰ, বিপদ বৃদ্ধি কে পি অ’লিৰ

আৰক্ষীয়ে প্ৰকাশ কৰা মতে কৃষকৰ ৰেলীত বিনাশ নমাই অনাৰ বাবে সৃষ্টি কৰা ৩০০ৰো অধিক পাকিস্তানৰ সৈতে সম্পৰ্কিত টুইটাৰ হেণ্ডেল চিনাক্ত কৰিছে আৰক্ষীয়ে। এনে তথ্যই কৃষকৰ বৃহৎ ট্ৰেক্টৰ ৰেলী শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হ’ব নে নাই তাক লৈ সন্দেহৰ সৃষ্টি হৈছে। উল্লেখ্য যে, দিল্লী আৰক্ষীয়ে ইতিমধ্যে কৃষকসকল এই ৰেলী কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে আৰু তেওঁলোকে নিৰ্ধাৰিত পথেৰে শান্তিপূৰ্ণভাৱে ৰেলী অনুষ্ঠিত কৰিব বুলি আশা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ