--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশজোৰা কৃষক আন্দোলন যিমানে দীঘল হৈ গৈছে সিমানে পৰিস্থিতি জটিলতৰ হোৱাৰ আশংকা গাঢ় হৈ পৰিছে। ২৬ জানুৱাৰীত বিদ্ৰোহী কৃষকসকলে ভাগ ল’ব বহু চৰ্চিত ট্ৰেক্টৰ ৰেলীত। গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ সময়তে দিল্লীৰ ৰাজপথত কৃষি আইন বিৰোধী প্ৰতিবাদ নতুন ৰূপত উদগীৰিত হ’ব। কিন্তু কৃষকৰ আন্দোলনক বিপথে পৰিচালিত কৰাৰ বাবে এতিয়া বিভিন্ন দুষ্কৃতিকাৰী চক্ৰ সক্ৰিয় হৈ পৰা দেখা গৈছে।

আৰু পঢ়িব পাৰিব : দুই কন্যাক ডাম্বেলেৰে মৰিয়াই হত্যা কৰি সত্যযুগৰ অপেক্ষা শিক্ষক দম্পতীৰ

অলপতে সিংঘু সীমান্তত ছদ্মৱেশী দুষ্কৃতিকাৰীৰ এজন সদস্যক কৃষকসকলে ধৰা পেলোৱাৰ পাছত এই সন্দেহ অধিক গাঢ় হৈছে। কৃষক নেতাক প্ৰতিবাদৰ সময়তে হত্যা কৰাৰ ষড়যন্ত্ৰ ফাদিল হোৱাৰ পাছত শেহতীয়াকৈ কৃষক আন্দোলনৰ গইনা লৈ পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আই আৰু খালিস্তানী সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকা দুষ্ট চক্ৰই বিঘিনি ঘটোৱাৰ পৰিকল্পনা কৰাৰ কথা সদৰী কৰিছে দিল্লী আৰক্ষীয়ে। আৰক্ষীয়ে বৃহৎ ষড়যন্ত্ৰ আশংকা প্ৰকাশ কৰি কৃষক নেতাসকলক সকীয়াই দিছে।

আৰু পঢ়িব পাৰিব : নেপালত ৰাজনৈতিক অস্থিৰতাৰ নতুন মোৰ, বিপদ বৃদ্ধি কে পি অ’লিৰ

আৰক্ষীয়ে প্ৰকাশ কৰা মতে কৃষকৰ ৰেলীত বিনাশ নমাই অনাৰ বাবে সৃষ্টি কৰা ৩০০ৰো অধিক পাকিস্তানৰ সৈতে সম্পৰ্কিত টুইটাৰ হেণ্ডেল চিনাক্ত কৰিছে আৰক্ষীয়ে। এনে তথ্যই কৃষকৰ বৃহৎ ট্ৰেক্টৰ ৰেলী শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হ’ব নে নাই তাক লৈ সন্দেহৰ সৃষ্টি হৈছে। উল্লেখ্য যে, দিল্লী আৰক্ষীয়ে ইতিমধ্যে কৃষকসকল এই ৰেলী কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে আৰু তেওঁলোকে নিৰ্ধাৰিত পথেৰে শান্তিপূৰ্ণভাৱে ৰেলী অনুষ্ঠিত কৰিব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ