--°C
Loading...
Listen to Article
2 min read
80%

চণ্ডীগড় : কৃষি আইনবিৰোধী কৃষকৰ প্ৰতিবাদৰ প্ৰতি কাণ নিদিয়াৰ ফল এতিয়া অধিক হিংসাত্মক হোৱাৰ উপক্ৰম ঘটিছে। প্ৰতিবাদী কৃষকৰ হাতত এইবাৰ লাঞ্ছিত হ’বলগীয়া হৈছে বিজেপি নেতা। পঞ্জাবত কৃষকৰ আক্ৰমণৰ সন্মুখীন হ’ল বিজেপি বিধায়ক। শনিবাৰে পঞ্জাবৰ মুক্তছাৰ জিলাৰ মালআউটত বিজেপি বিধায়কজন আক্ৰান্ত হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। একাংশ উত্তেজিত কৃষকে বিধায়কজনক প্ৰহাৰ কৰাৰ লগতে তেওঁৰ কাপোৰো ফালি পেলায়। বিধায়কজন অবোহাৰ সমষ্টিৰ প্ৰতিনি অৰুণ নাৰং বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

আৰু পঢ়িব পাৰিব : মহানগৰীত হাতত চোকা অস্ত্ৰ লৈ হাতী মাউতৰ সন্ত্ৰাস

তেওঁ মালআউটত একাংশ স্থানীয় নেতাৰ সৈতে সংবাদমেল সম্বোধন কৰাৰ বাবে যোৱাৰ লগে লগে একাংশ প্ৰতিবাদী কৃষকে তেওঁলোকক ঘেৰাও কৰে আৰু তেওঁলোকলৈ ক’লা চিঞাহী নিক্ষেপ কৰে। ঘটনাস্থলীত উপস্থিত থকা একাংশ আৰক্ষীৰ লোকে বিধায়কজনক এখন দোকানৰ ভিতৰলৈ লৈ যায়।

কিন্তু পৰৱৰ্তী সময়ত তাৰ পৰা ওলাই অহাৰ পৰত প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ ওপৰত আক্ৰমণ চলায় আৰু নাৰঙৰ কাপোৰ ফালি পেলায়। পিছত আৰক্ষীয়ে তেওঁক সুৰক্ষিত ঠাইলৈ লৈ যায়। মালআউটৰ আৰক্ষী উপ-আয়ুক্ত যশপাল সিঙে প্ৰকাশ কৰিছে যে, কৃষকসকলে বিজেপি নেতাজনক তাত সংবাদমেল অনুষ্ঠিত কৰিবলৈ নিদিয়াৰ সিদ্ধান্তত অটল হৈ আছিল।

আৰু পঢ়িব পাৰিব : দ্বিতীয়, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰতো শ্বাহ, নাড্ডা

এই ঘটনাত আৰক্ষীৰ এজন লোকো সামান্য আহত হৈছে। পঞ্জাবৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে এই ঘটনাক কঠোৰ ভাষাৰে গৰিহনা দিছে আৰু ৰাজ্যখনৰ শান্তি বিঘ্নিত কৰা যিকোনো লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। কৃষি আইনবিৰোধী প্ৰতিবাদত চাৰিমাহে অটল হৈ থকা কৃষকসকলৰ ক্ষোভৰ এই উদগীৰণ এতিয়া চিন্তাৰ কাৰণ হৈ পৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ