--°C
Loading...
Listen to Article
2 min read
80%

চণ্ডীগড় : কৃষি আইনবিৰোধী কৃষকৰ প্ৰতিবাদৰ প্ৰতি কাণ নিদিয়াৰ ফল এতিয়া অধিক হিংসাত্মক হোৱাৰ উপক্ৰম ঘটিছে। প্ৰতিবাদী কৃষকৰ হাতত এইবাৰ লাঞ্ছিত হ’বলগীয়া হৈছে বিজেপি নেতা। পঞ্জাবত কৃষকৰ আক্ৰমণৰ সন্মুখীন হ’ল বিজেপি বিধায়ক। শনিবাৰে পঞ্জাবৰ মুক্তছাৰ জিলাৰ মালআউটত বিজেপি বিধায়কজন আক্ৰান্ত হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। একাংশ উত্তেজিত কৃষকে বিধায়কজনক প্ৰহাৰ কৰাৰ লগতে তেওঁৰ কাপোৰো ফালি পেলায়। বিধায়কজন অবোহাৰ সমষ্টিৰ প্ৰতিনি অৰুণ নাৰং বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

আৰু পঢ়িব পাৰিব : মহানগৰীত হাতত চোকা অস্ত্ৰ লৈ হাতী মাউতৰ সন্ত্ৰাস

তেওঁ মালআউটত একাংশ স্থানীয় নেতাৰ সৈতে সংবাদমেল সম্বোধন কৰাৰ বাবে যোৱাৰ লগে লগে একাংশ প্ৰতিবাদী কৃষকে তেওঁলোকক ঘেৰাও কৰে আৰু তেওঁলোকলৈ ক’লা চিঞাহী নিক্ষেপ কৰে। ঘটনাস্থলীত উপস্থিত থকা একাংশ আৰক্ষীৰ লোকে বিধায়কজনক এখন দোকানৰ ভিতৰলৈ লৈ যায়।

কিন্তু পৰৱৰ্তী সময়ত তাৰ পৰা ওলাই অহাৰ পৰত প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ ওপৰত আক্ৰমণ চলায় আৰু নাৰঙৰ কাপোৰ ফালি পেলায়। পিছত আৰক্ষীয়ে তেওঁক সুৰক্ষিত ঠাইলৈ লৈ যায়। মালআউটৰ আৰক্ষী উপ-আয়ুক্ত যশপাল সিঙে প্ৰকাশ কৰিছে যে, কৃষকসকলে বিজেপি নেতাজনক তাত সংবাদমেল অনুষ্ঠিত কৰিবলৈ নিদিয়াৰ সিদ্ধান্তত অটল হৈ আছিল।

আৰু পঢ়িব পাৰিব : দ্বিতীয়, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰতো শ্বাহ, নাড্ডা

এই ঘটনাত আৰক্ষীৰ এজন লোকো সামান্য আহত হৈছে। পঞ্জাবৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে এই ঘটনাক কঠোৰ ভাষাৰে গৰিহনা দিছে আৰু ৰাজ্যখনৰ শান্তি বিঘ্নিত কৰা যিকোনো লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। কৃষি আইনবিৰোধী প্ৰতিবাদত চাৰিমাহে অটল হৈ থকা কৃষকসকলৰ ক্ষোভৰ এই উদগীৰণ এতিয়া চিন্তাৰ কাৰণ হৈ পৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement