--°C
Loading...
Listen to Article
2 min read
80%

জাকাৰ্টা : ইণ্ডোনেছিয়াৰ সৰ্ববৃহৎ তেল শোধনাগাৰত আজি সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। এটা বিস্ফোৰণৰ পাছত শোধনাগৰটো জুইৰ লেলিহান শিখাই আগুৰি ধৰে। দেশখনৰ পশ্চিম জাভাত থকা বালোনগান শোধনাগাৰত এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে। দেশখৱনৰ ৰাজহুৱা খণ্ডৰ তৈল কোম্পানী পেৰ্টামিনাই এই শোধনাগাৰটো পৰিচালনা কৰে।

আৰু পঢ়িব পাৰিব : ভঙা ভৰিৰেই ৰণ অব্যাহত ৰাখিছে মমতা বেনাৰ্জীয়ে

এই অগ্নিকাণ্ডৰ ফলত অতিকায় ধোঁৱাৰ কুণ্ডলীয়ে আকাশ ঢাকি ধৰা দেখিবলৈ পোৱা গৈছে। এই ঘটনাৰ বিষয়ে প্ৰকাশ কৰি এগৰাকী স্থানীয় বাসিন্দাই প্ৰকাশ কৰিছে যে, ‘আমি এটা বৃহৎ বিস্ফোৰণৰ শব্দ শুনিছিলোঁ আৰু হাৰিকেন বুলি ভাবিছিলোঁ।’

আৰু পঢ়িব পাৰিব : হোলীৰ আনন্দৰ মাজতে পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে দুজনৰ

সংবাদ প্ৰতিষ্ঠান এএফপিত এই তথ্য প্ৰকাশ পাইছে। বাসিন্দাগৰাকীয়ে লগতে কয়, মই বাহিৰলৈ চাই জুইৰ ভয়ংকৰ শিখা দেখা পাইছিলোঁ। জুইৰ শিখাই আকাশ স্পৰ্শ কৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই অগ্নিকাণ্ডৰ ফলত কমেও পাঁচজন লোক গুৰুতৰভাৱে আহত হৈছে। আৰু কমেও এহেজাৰ লোকক স্থানান্তৰ কৰা হৈছে। আজি পুৱাৰ ভাগতে এটা ষ্টোৰেজ টেংকত প্ৰথমে এই জুইৰ সূত্ৰপাত ঘটে আৰু পাছত আটাইবোৰ কণ্টেইনাৰলৈ এই জুইৰ সম্প্ৰসাৰণ ঘটে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ