--°C
Loading...
Listen to Article
2 min read
80%

জাকাৰ্টা : ইণ্ডোনেছিয়াৰ সৰ্ববৃহৎ তেল শোধনাগাৰত আজি সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। এটা বিস্ফোৰণৰ পাছত শোধনাগৰটো জুইৰ লেলিহান শিখাই আগুৰি ধৰে। দেশখনৰ পশ্চিম জাভাত থকা বালোনগান শোধনাগাৰত এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে। দেশখৱনৰ ৰাজহুৱা খণ্ডৰ তৈল কোম্পানী পেৰ্টামিনাই এই শোধনাগাৰটো পৰিচালনা কৰে।

আৰু পঢ়িব পাৰিব : ভঙা ভৰিৰেই ৰণ অব্যাহত ৰাখিছে মমতা বেনাৰ্জীয়ে

এই অগ্নিকাণ্ডৰ ফলত অতিকায় ধোঁৱাৰ কুণ্ডলীয়ে আকাশ ঢাকি ধৰা দেখিবলৈ পোৱা গৈছে। এই ঘটনাৰ বিষয়ে প্ৰকাশ কৰি এগৰাকী স্থানীয় বাসিন্দাই প্ৰকাশ কৰিছে যে, ‘আমি এটা বৃহৎ বিস্ফোৰণৰ শব্দ শুনিছিলোঁ আৰু হাৰিকেন বুলি ভাবিছিলোঁ।’

আৰু পঢ়িব পাৰিব : হোলীৰ আনন্দৰ মাজতে পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে দুজনৰ

সংবাদ প্ৰতিষ্ঠান এএফপিত এই তথ্য প্ৰকাশ পাইছে। বাসিন্দাগৰাকীয়ে লগতে কয়, মই বাহিৰলৈ চাই জুইৰ ভয়ংকৰ শিখা দেখা পাইছিলোঁ। জুইৰ শিখাই আকাশ স্পৰ্শ কৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই অগ্নিকাণ্ডৰ ফলত কমেও পাঁচজন লোক গুৰুতৰভাৱে আহত হৈছে। আৰু কমেও এহেজাৰ লোকক স্থানান্তৰ কৰা হৈছে। আজি পুৱাৰ ভাগতে এটা ষ্টোৰেজ টেংকত প্ৰথমে এই জুইৰ সূত্ৰপাত ঘটে আৰু পাছত আটাইবোৰ কণ্টেইনাৰলৈ এই জুইৰ সম্প্ৰসাৰণ ঘটে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা