--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ কথুৱাত সন্ত্ৰাসবাদীয়ে সেনাবাহিনীৰ এখন বাহনত এম্বুছ কৰিছিল। এই আক্ৰমণত ভাৰতীয় সেনাৰ ৫ জন জোৱান শ্বহীদ হোৱাৰ লগতে প্ৰায় একে সংখ্যক জোৱান আহত হয়। মৃত্যু হোৱা ৫ জন জোৱান আটাইকেইজনেই উত্তৰাখণ্ডৰ।

দৰাচলতে উত্তৰাখণ্ডৰ তেহৰীত অৱস্থিত ডাগৰ গাঁৱৰ এটা পৰিয়ালৰ দুই পুত্ৰ দুমাহৰ ভিতৰতে দেশৰ বাবে শ্বহীদ হৈছে। ইয়াৰে এজন পুত্ৰ আদৰ্শ নেগীৰ যোৱা সোমবাৰে জম্মু-কাশ্মীৰৰ কাঠুৱাত মৃত্যু হোৱাৰ বিপৰীতে আনজন পুত্ৰ আৰু আদৰ্শৰ খুলশালীয়েক মেজৰ প্ৰণয় নেগী যোৱা এপ্ৰিল মাহত লেহত ৰোগৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে শ্বহীদ হৈছিল। দুয়োজন পুত্ৰৰ বিদায়ে পৰিয়াললৈ বৰ দুখ কঢ়িয়াই আনিছে।

কাঠুৱাত শ্বহীদ হোৱা জোৱান আদৰ্শ নেগীয়ে ২০১৮ চনত গড়ৱাল ৰাইফলছত যোগদান কৰিছিল। দেউতাক আছিল এজন খেতিয়ক। তথ্য অনুসৰি আদৰ্শৰ পিতৃ-মাতৃৰ মাজত তেওঁৰ বিবাহৰ বাবে আলোচনা চলি আছিল। কিন্তু পৰিয়ালটোৱে এজন পুত্ৰৰ শ্বহীদ হোৱাৰ পৰা মাত্ৰ সুস্থ হৈ উঠিছিল যেতিয়া আনজন পুত্ৰও শ্বহীদ হৈছিল। স্থানীয় বিধায়ক, ৰাজ্যিক মুখ্যমন্ত্ৰী পুষ্কৰ ধামীয়ে শ্বহীদৰ পিতৃ আৰু পৰিয়ালক সান্ত্বনা দিছে।

মঙলবাৰে সন্ধিয়া সামৰিক বিমানেৰে ডেৰাডুন বিমানবন্দৰত উপস্থিত হয় পাঁচ শ্বহীদৰ মৃতদেহ। ৰাজ্যৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ধামীয়ে কয় যে সকলো দেশবাসীয়ে জাতি ৰক্ষা কৰাৰ সমান্তৰালকৈ আমাৰ অমৰ শ্বহীদসকলক স্মৃতিত সদায় জীয়াই ৰাখিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন