--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত তিনিদিন ধৰি ৰাহুল গান্ধীক জেৰা কৰি আছে ইডিয়ে। দিল্লীৰ বাহিৰেও দেশৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে এই বিষয়ক লৈ। পিছে প্ৰতিবাদ কৰিবলৈ গৈ সংযম হেৰুৱায় পেলালে নাগপুৰৰ এজন কংগ্ৰেছ নেতাই। ভাষণ দিবলৈ গৈ তেওঁ কয়, ‘কুকুৰৰ দৰে মৃত্যু হ’ব নৰেন্দ্ৰ মোদীৰ।’

সোমবাৰে নাগপুৰৰ ইডি কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছৰ সমৰ্থকসকলে এক প্ৰতিবাদী কাৰ্যসূচীত যোগদান কৰে। তাতে নাগপুৰ কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ হুছেইনে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে এই মন্তব্য কৰে। এই উপলক্ষে ভাষণ দি হুছেইনে কয় যে, ‘যিদৰে কুকুৰৰ মৃত্যু হয়, নৰেন্দ্ৰ মোদীৰো তেনেকৈয়ে মৃত্যু হ’ব। এই কথাৰ বাবে যদি মোলৈ জাননী প্ৰেৰণ কৰা হয় তথাপি মই ভয় নকৰো।’

কংগ্ৰেছ মেতাগৰাকীৰ এই মন্তব্যৰ পাছতে তেওঁৰ বিৰুদ্ধে বুধবাৰে বিজেপিয়ে গীতিকাদান থানাত এখন এজাহাৰ দাখিল কৰে। হুছেইনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় শাসক দলে। আগন্তুক ৪৮ ঘণ্টাত যদি হুছেইনক গ্ৰেপ্তাৰ কৰা নহয় তেন্তে বিজেপিয়ে এই আন্দোলনত যোগ দিব বুলিও গেৰুৱা শিবিৰৰ পৰা ভাবুকি আহিছে।

দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে এনে অপমানসূচক মন্তব্য কৰাৰ অধিকাৰ হুছেইনৰ নাছিল বুলি বিজেপিয়ে অভিযোগ কৰিছে। অতিশীঘ্ৰে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰিলে বিজেপিয়ে আদালতলৈ যোৱাৰ লগতে ৰাজপথলৈ ওলাই আহিব বুলিও দিছে হুংকাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ