--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে সন্ত্ৰাসমুক্ত জম্মু-কাশ্মীৰৰ লক্ষ্যৰে অব্যাহত ৰাখিছে সন্ত্ৰাসবাদ বিৰোধী অভিযান। বুধবাৰে নিশা উপত্যকাটোৰ শ্বপিয়ানৰ কাঞ্জিউলাৰ অঞ্চলত আৰক্ষীয়ে এক অভিযানত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ (এলইটি) সৈতে সম্পৰ্কিত দুজন সন্ত্ৰাসবাদীক হত্যা  কৰে।আৰক্ষীয়ে জানিবলৈ দিয়া মতে অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছত এটা আৰক্ষী বেষ্টনী গঢ়ি তোলাৰ লগতে তালাচী অভিযান আৰম্ভ কৰে। ইয়াৰ পিছতে কাঞ্জিউলাৰত উগ্ৰপন্থী আৰু নিৰাপত্তাবাহিনীৰ মাজত এই সংঘৰ্ষ সংঘটিত হয়।

আৰক্ষীৰ অভিযানত নিহত হোৱা সন্ত্ৰাসবাদী দুজনৰ পৰিচয় লাভ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।নিহত সন্ত্ৰাসবাদী দুজনৰ এজনক জান মহম্মদ লোন বুলি চিনাক্ত কৰা হৈছে। শেহতীয়াকৈ কুলগাম জিলাত ২ জুনত বেংক মেনেজাৰ বিজয় কুমাৰৰ হত্যাত মহম্মদ লোন জড়িত আছিল বুলি আৰক্ষীয়ে সদৰি কৰিছে।

আনহাতে নিহত দ্বিতীয়জন সন্ত্ৰাসবাদীক তুফাইল গণাই বুলি চিনাক্ত কৰা হৈছে। এনকাউণ্টাৰস্থলীৰ পৰা এটা একে ৪৭ ৰাইফল আৰু এটা পিষ্টলসহ আপত্তিজনক সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে সদৰি কৰিছে।

উল্লেখ্য যে ভূ-স্বৰ্গ জম্মু-কাশ্মীৰত চলিত বৰ্ষৰ আৰম্ভণিৰে পৰা সন্ত্ৰাসবাদ বিৰোধী অভিযান তীব্ৰ ৰূপত চলি আছে। সন্ত্ৰাসবাদ নিৰ্মূলৰ লক্ষ্যৰে উপত্যকাটোত চলিত বৰ্ষত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযানত নামি পৰিছে।

বৰ্ষটোৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীয়ে হত্যা কৰিছে মুঠ ১০০ জন সন্ত্ৰাসবাদী সদস্য। কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে শেহতীয়াকৈ এক বিবৃতি যোগে এই তথ্য প্ৰকাশ কৰিছিল। কুমাৰে উল্লেখ কৰা অনুসৰি নিৰাপত্তাৰক্ষীয়ে এই বৰ্ষত এতিয়ালৈকে মুঠ ১০০ জন সন্ত্ৰাসবাদীক হত্যা কৰিছে।

এই সময়ছোৱাত লস্কৰ-ই-তৈবাৰ সৰ্বাধিক ৬৩ জন সদস্য সেনা-আৰক্ষীৰ অভিযানত নিহত হোৱা বুলি তেওঁ উল্লেখ কৰিছিল। আনহাতে আন এটা পাকিস্তানৰ পৰা পৰিচালিত সন্ত্ৰাসবাদী গোট জৈশ-ই-মহম্মদৰ ২৪ জন সদস্য নিহত হোৱা বুলি তেওঁ লগতে সদৰি কৰিছিল।

জম্মু-কাশ্মীৰৰ শীৰ্ষ আৰক্ষী বিষয়া সকলে লগতে জম্মু-কাশ্মীৰত কমেও ১৬৮ জন সন্ত্ৰাসবাদীয়ে গোপনে কাম কৰি আছে বুলি দাবী কৰিছিল। আনহাতে এই বছৰৰ প্ৰথম চাৰি মাহত ৮৭ জন গ্ৰাউণ্ড ৱৰ্কাৰক আটক কৰা হৈছিল বুলিও তেওঁলোকে জানিবলৈ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ