--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে সন্ত্ৰাসমুক্ত জম্মু-কাশ্মীৰৰ লক্ষ্যৰে অব্যাহত ৰাখিছে সন্ত্ৰাসবাদ বিৰোধী অভিযান। বুধবাৰে নিশা উপত্যকাটোৰ শ্বপিয়ানৰ কাঞ্জিউলাৰ অঞ্চলত আৰক্ষীয়ে এক অভিযানত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ (এলইটি) সৈতে সম্পৰ্কিত দুজন সন্ত্ৰাসবাদীক হত্যা  কৰে।আৰক্ষীয়ে জানিবলৈ দিয়া মতে অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছত এটা আৰক্ষী বেষ্টনী গঢ়ি তোলাৰ লগতে তালাচী অভিযান আৰম্ভ কৰে। ইয়াৰ পিছতে কাঞ্জিউলাৰত উগ্ৰপন্থী আৰু নিৰাপত্তাবাহিনীৰ মাজত এই সংঘৰ্ষ সংঘটিত হয়।

আৰক্ষীৰ অভিযানত নিহত হোৱা সন্ত্ৰাসবাদী দুজনৰ পৰিচয় লাভ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।নিহত সন্ত্ৰাসবাদী দুজনৰ এজনক জান মহম্মদ লোন বুলি চিনাক্ত কৰা হৈছে। শেহতীয়াকৈ কুলগাম জিলাত ২ জুনত বেংক মেনেজাৰ বিজয় কুমাৰৰ হত্যাত মহম্মদ লোন জড়িত আছিল বুলি আৰক্ষীয়ে সদৰি কৰিছে।

আনহাতে নিহত দ্বিতীয়জন সন্ত্ৰাসবাদীক তুফাইল গণাই বুলি চিনাক্ত কৰা হৈছে। এনকাউণ্টাৰস্থলীৰ পৰা এটা একে ৪৭ ৰাইফল আৰু এটা পিষ্টলসহ আপত্তিজনক সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে সদৰি কৰিছে।

উল্লেখ্য যে ভূ-স্বৰ্গ জম্মু-কাশ্মীৰত চলিত বৰ্ষৰ আৰম্ভণিৰে পৰা সন্ত্ৰাসবাদ বিৰোধী অভিযান তীব্ৰ ৰূপত চলি আছে। সন্ত্ৰাসবাদ নিৰ্মূলৰ লক্ষ্যৰে উপত্যকাটোত চলিত বৰ্ষত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযানত নামি পৰিছে।

বৰ্ষটোৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীয়ে হত্যা কৰিছে মুঠ ১০০ জন সন্ত্ৰাসবাদী সদস্য। কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে শেহতীয়াকৈ এক বিবৃতি যোগে এই তথ্য প্ৰকাশ কৰিছিল। কুমাৰে উল্লেখ কৰা অনুসৰি নিৰাপত্তাৰক্ষীয়ে এই বৰ্ষত এতিয়ালৈকে মুঠ ১০০ জন সন্ত্ৰাসবাদীক হত্যা কৰিছে।

এই সময়ছোৱাত লস্কৰ-ই-তৈবাৰ সৰ্বাধিক ৬৩ জন সদস্য সেনা-আৰক্ষীৰ অভিযানত নিহত হোৱা বুলি তেওঁ উল্লেখ কৰিছিল। আনহাতে আন এটা পাকিস্তানৰ পৰা পৰিচালিত সন্ত্ৰাসবাদী গোট জৈশ-ই-মহম্মদৰ ২৪ জন সদস্য নিহত হোৱা বুলি তেওঁ লগতে সদৰি কৰিছিল।

জম্মু-কাশ্মীৰৰ শীৰ্ষ আৰক্ষী বিষয়া সকলে লগতে জম্মু-কাশ্মীৰত কমেও ১৬৮ জন সন্ত্ৰাসবাদীয়ে গোপনে কাম কৰি আছে বুলি দাবী কৰিছিল। আনহাতে এই বছৰৰ প্ৰথম চাৰি মাহত ৮৭ জন গ্ৰাউণ্ড ৱৰ্কাৰক আটক কৰা হৈছিল বুলিও তেওঁলোকে জানিবলৈ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু