--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে ৩০ জুনৰ নিৰ্দেশৰ ভিত্তিত চৰকাৰক ১১ চেপ্টেম্বৰৰ ভিতৰত ক’ভিডত নিহত ব্যক্তিৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান সম্পৰ্কীয় এক অনুপালন প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰে। ৩০ জুনৰ উক্ত আদেশ অনুসৰি চৰকাৰক ক’ভিড-১৯ ত প্ৰাণ হেৰুওৱা ব্যক্তিৰ মৃত্যুৰ প্ৰমাণপত্ৰৰ লগৰে ক্ষতিপূৰণ পৰিশোধ কৰাৰ বাবে যাৱতীয় গাইডলাইন প্ৰস্তুত কৰিবলৈ কোৱা হৈছিল।


ন্যায়ালয়ে চৰকাৰে বিচৰা অনুসৰি এইক্ষেত্ৰত ১০ দিনৰ অতিৰিক্ত সময় প্ৰদান কৰিবলৈও অমান্তি হয়। ন্যায়ালয়ে আঙুলিয়াই দিয়ে যে ইতিমধ্যেই ভালেখিনি বিলম্ব হৈ গৈছে। তাৎক্ষণিকভাৱে চৰকাৰে যাৱতীয় পদক্ষেপ গ্ৰহণ নকৰিলে ক’ভিডৰ তৃতীয় ঢৌও পাৰ হৈ যোৱাৰ আশংকা আছে ইয়াৰ ফলত চৰকাৰৰ সন্মুখতেই অধিক বৃহৎ প্ৰত্যহ্বানৰ সৃষ্টি হ’ব পাৰে।
উল্লেখ্য, জুন মাহত ন্যায়ালয়ে ৰায় প্ৰদান কৰি কৈছিল যে ক’ভিডৰ ফলত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালে বিত্তীয় ক্ষতিপূৰণ লাভ কৰিব লাগে। উক্ত নিৰ্দেশটোতেই ক্ষতিপূৰণৰ পৰিমাণ নিৰ্ধাৰণ কৰিবলৈ তথা সমগ্ৰ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰাৰ স্বাৰ্থত যাৱতীয় নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষক ছয় সপ্তাহৰ সময়সীমা বান্ধি দিছিল ন্যায়ালয়ে।


অৱশ্যেই সেই সময়ত চৰকাৰে যুক্তি প্ৰদৰ্শন কৰি কৈছিল যে ক্ষতিপূৰণ প্ৰদানৰ সমগ্ৰ বিষয়টো চৰকাৰৰ বাবে এক বাধ্যতামূলক বিষয় হ’ব নালাগে।চৰকাৰে ক্ষতিপূৰণ পৰিশোধ কৰাৰ ক্ষেত্ৰত নিজৰ অপাৰগতাও খোলাখুলিকৈ প্ৰকাশ কৰিছিল আৰু কৈছিল যে ক্ষতিপূৰণ কেৱল প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয়। বিৰোধী কংগ্ৰেছে চৰকাৰক এই প্ৰসংগত সমালোচনা কৰি কয় যে ক’ভিডত নিহত প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়ালে ১০ লাখকৈ টকা ক্ষতিপূৰণ হিচাপে লাভ কৰিব লাগে। উল্লেখ্য যে,ৰাহুল গান্ধীয়ে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আৰোপ কৰা কৰৰ পৰা প্ৰাপ্ত ধনেৰে এই ক্ষতিপূৰণ আদায় দিব লাগে বুলি দাবী কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক