--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: দেশত ভয়াৱহভাৱে বৃদ্ধি পাইছে নিবনুৱা সমস্যা। সংস্থাপনৰ সুযোগো হ্ৰাস পাইছে দ্ৰুতগতিত। শেহতীয়া তথ্য অনুসৰি জুলাই মাহৰ তুলনাত দেশত আগষ্ট মাহত সংস্থাপনৰ সুযোগ হ্ৰাস পাইছে প্ৰায় ১.৫ নিযুত।নিবনুৱাৰ হাৰো বৃদ্ধি পাইছে অতি দ্ৰুতগতিত। চেণ্টাৰ ফৰ মনিটৰিঙ ইণ্ডিয়ান ইক’ন’মি (চি এম আই আই)ৰ তথ্য অনুসৰি জুলাই মাহত নিবনুৱাৰ হাৰ আছিল ৬.৯৬ শতাংশ। আনহাতে আগষ্ট মাহত অতি উদ্বেগজনকভাৱে এই হাৰ বৃদ্ধি পাই হৈছেগৈ ৮.৩২ শতাংশ।


চি এম আই আই ৰ তথ্যই নগৰ আৰু গ্ৰামাঞ্চল উভয়তেই নিবনুৱা সমস্যাই কিভাৱে ভয়াবহ ৰূপ ধাৰণ কৰিছে তাৰেই প্ৰতিফলন ঘটাইছে। সমীক্ষা অনুসৰি ক’ভিড-১৯ মহামাৰী নিয়ন্ত্ৰণলৈ অহাৰ পিছতে সংস্থাপনৰ সন্ধানত দিনে দিনে অধিক সংখ্যক মানুহ উপস্থিত হৈছেগৈ নগৰাঞ্চলত। চি এম আই আই ৰ তথ্য অনুসৰি নগৰ অঞ্চলত জুলাই মাহত নিবনুৱাৰ হাৰ আছিল ৮.৩ শতাংশ। কিন্তু আগষ্ট মাহত এই হাৰ বৃদ্ধি পাই হয়গৈ ৯.৭৮ শতাংশ।দেশত ক’ভিড-১৯ মহামাৰীৰ দ্বিতীয় ঢৌৰ ঠিক পূৰ্বে নগৰীয়া নিবনুৱাৰ হাৰ আছিল ৭.২৭ শতাংশ।
একে সমীক্ষাই গ্ৰামাঞ্চলত নিবনুৱা সমস্যা বৃদ্ধিৰ ভয়াবহ ছৱি এখনো প্ৰকট কৰি তুলিছে। জুলাই মাহত গ্ৰাম্য নিবনুৱাৰ হাৰ আছিল ৬.৩৪ শতাংশ। কিন্তু আগষ্টত এই হাৰ হয়গৈ ৭.৬৪ শতাংশ।


উল্লেখ্য যে দিল্লী, হাৰিয়াণা আৰু ৰাজস্থানকে ধৰি সমগ্ৰ দেশৰ কমেও আঠখন ৰাজ্যত এতিয়াও নিবনুৱাৰ হাৰ দুটা অংকৰ। এইক্ষেত্ৰত হাৰিয়াণা আছে শীৰ্ষস্থানত। ৰাজ্যখনত আগষ্ট মাহত নিবনুৱাৰ হাৰ আছিল ৩৫.৭ শতাংশ। তালিকাৰ দ্বিতীয় স্থানত আছে ৰাজস্থান।ইয়াৰ পিছতেই নাম আহে ঝাৰখণ্ড, বিহাৰ, জম্মু-কাশ্মীৰ আদি ৰাজ্যৰ। দেশৰ ৰাজধানী দিল্লীতো যোৱা মাহত নিবনুৱাৰ হাৰ আছিল ১১.৬ শতাংশ।
এই ভয়াবহ তথ্যই ইতিমধ্যেই চিন্তিত কৰি তুলিছে দেশৰ সচেতন মহলক।নিসন্দেহে এই বৃহৎ সংখ্যক মানুহৰ সংস্থাপনৰ ব্যৱস্থা কৰাটো কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ বাবে হ’ব এক বৃহৎ প্ৰত্যাহ্বান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক