--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: দেশত ভয়াৱহভাৱে বৃদ্ধি পাইছে নিবনুৱা সমস্যা। সংস্থাপনৰ সুযোগো হ্ৰাস পাইছে দ্ৰুতগতিত। শেহতীয়া তথ্য অনুসৰি জুলাই মাহৰ তুলনাত দেশত আগষ্ট মাহত সংস্থাপনৰ সুযোগ হ্ৰাস পাইছে প্ৰায় ১.৫ নিযুত।নিবনুৱাৰ হাৰো বৃদ্ধি পাইছে অতি দ্ৰুতগতিত। চেণ্টাৰ ফৰ মনিটৰিঙ ইণ্ডিয়ান ইক’ন’মি (চি এম আই আই)ৰ তথ্য অনুসৰি জুলাই মাহত নিবনুৱাৰ হাৰ আছিল ৬.৯৬ শতাংশ। আনহাতে আগষ্ট মাহত অতি উদ্বেগজনকভাৱে এই হাৰ বৃদ্ধি পাই হৈছেগৈ ৮.৩২ শতাংশ।


চি এম আই আই ৰ তথ্যই নগৰ আৰু গ্ৰামাঞ্চল উভয়তেই নিবনুৱা সমস্যাই কিভাৱে ভয়াবহ ৰূপ ধাৰণ কৰিছে তাৰেই প্ৰতিফলন ঘটাইছে। সমীক্ষা অনুসৰি ক’ভিড-১৯ মহামাৰী নিয়ন্ত্ৰণলৈ অহাৰ পিছতে সংস্থাপনৰ সন্ধানত দিনে দিনে অধিক সংখ্যক মানুহ উপস্থিত হৈছেগৈ নগৰাঞ্চলত। চি এম আই আই ৰ তথ্য অনুসৰি নগৰ অঞ্চলত জুলাই মাহত নিবনুৱাৰ হাৰ আছিল ৮.৩ শতাংশ। কিন্তু আগষ্ট মাহত এই হাৰ বৃদ্ধি পাই হয়গৈ ৯.৭৮ শতাংশ।দেশত ক’ভিড-১৯ মহামাৰীৰ দ্বিতীয় ঢৌৰ ঠিক পূৰ্বে নগৰীয়া নিবনুৱাৰ হাৰ আছিল ৭.২৭ শতাংশ।
একে সমীক্ষাই গ্ৰামাঞ্চলত নিবনুৱা সমস্যা বৃদ্ধিৰ ভয়াবহ ছৱি এখনো প্ৰকট কৰি তুলিছে। জুলাই মাহত গ্ৰাম্য নিবনুৱাৰ হাৰ আছিল ৬.৩৪ শতাংশ। কিন্তু আগষ্টত এই হাৰ হয়গৈ ৭.৬৪ শতাংশ।


উল্লেখ্য যে দিল্লী, হাৰিয়াণা আৰু ৰাজস্থানকে ধৰি সমগ্ৰ দেশৰ কমেও আঠখন ৰাজ্যত এতিয়াও নিবনুৱাৰ হাৰ দুটা অংকৰ। এইক্ষেত্ৰত হাৰিয়াণা আছে শীৰ্ষস্থানত। ৰাজ্যখনত আগষ্ট মাহত নিবনুৱাৰ হাৰ আছিল ৩৫.৭ শতাংশ। তালিকাৰ দ্বিতীয় স্থানত আছে ৰাজস্থান।ইয়াৰ পিছতেই নাম আহে ঝাৰখণ্ড, বিহাৰ, জম্মু-কাশ্মীৰ আদি ৰাজ্যৰ। দেশৰ ৰাজধানী দিল্লীতো যোৱা মাহত নিবনুৱাৰ হাৰ আছিল ১১.৬ শতাংশ।
এই ভয়াবহ তথ্যই ইতিমধ্যেই চিন্তিত কৰি তুলিছে দেশৰ সচেতন মহলক।নিসন্দেহে এই বৃহৎ সংখ্যক মানুহৰ সংস্থাপনৰ ব্যৱস্থা কৰাটো কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ বাবে হ’ব এক বৃহৎ প্ৰত্যাহ্বান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান