--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ লতা মংগেশকাৰ আৰু আশা ভোছলে। দুইগৰাকী মহান শিল্পীৰ অনবদ্য অৱদানেৰে আজি ঋদ্ধ, সমৃদ্ধ ভাৰতীয় সংগীত জগত। লতা-আশাৰ কথা আলোচনাৰ আওতালৈ আনিলেই আমাৰ মানসপটত কেইবাখনো চিত্ৰপট ভাঁহি উঠে। যুগপ্ৰসিদ্ধ এই দুটা নাম উচ্চাৰণ হোৱাৰ লগে লগে দুয়োৰে মাজত থকা প্ৰতিদ্বন্দিতাৰ বিষয়টোও উত্থাপিত হয়। লতা মংগেশকাৰে এবাৰ মুম্বাইৰ এক সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ মাজত হোৱা ভুলবুজা বুজিৰ বিষয়ে মুকলিকৈ কৈছিল। সংগীত সম্ৰাজ্ঞীগৰাকীয়ে কৈছিল, ‘আশাৰ সৈতে তেওঁৰ প্ৰথম ভুল বুজাবুজি আশা ভোছলেৰ প্ৰথম স্বামী গণপতৰাও ভোছলেৰ বাবে হৈছিল।’ জানিবলৈ পোৱা মতে, লতাৰ বাবেই হেনো আশাই কাম পোৱা নাছিল। চল্লিছৰ দশকৰ শেষৰ ফালে দুই ভগ্নীয়ো একেলগে সংগীতৰ পৃথিৱীত খোজ দিছিল। কিন্তু পঞ্চাশ আৰু ষাঠিৰ দশকত, লতাই জনপ্ৰিয়তাৰ চূড়া স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল। আনহাতে, সংগ্ৰাম অব্যাহত আছিল আশাৰ । লতাই মুম্বাইৰ সংবাদ মাধ্যমক কৈছিল, ‘গণপতৰাৱে আশাক আমাৰ ঘৰলৈ অহাত বাধা দিছিল।মোৰ সৈতে আশাৰ যোগাযোগো বন্ধ কৰি দিছিল তেওঁ।’ কিন্তু আশা আৰু লতা সঁচাকৈয়ে সংগীতৰ পৃথিৱীত ইজনে সিজনৰ প্ৰতিদ্বন্দী আছিল নেকি? আশা ভোছলে এবাৰ ভগ্নী লতা মংগেশকাৰৰ সৈতে প্ৰতিযোগিতা কৰাক লৈ উঠা গুঞ্জনৰ ওপৰত এটা সাক্ষাৎকাৰত কৈছিল, ‘তাই মোৰ ভগ্নী আৰু মোৰ প্ৰিয় শিল্পী। মানুহে এইবোৰ কাহিনীৰ ৰটনা কৰি ভালপায়। তেওঁলোকে সমস্যাৰ সৃষ্টি কৰে। কিন্তু তেজ পানীতকৈ বেছি ঘন।’ আশাই লগতে কয়, ‘ মোৰ মনত পৰে,যেতিয়া আমি দুয়ো কোনো অনুষ্ঠানত একেলগে গান গাবলৈ গৈছিলো তেতিয়া ইন্ড্ৰাষ্ট্ৰীৰ কিছুমান লোকে মোক উপেক্ষা কৰিছিল আৰু কেৱল লতাৰ সৈতেই কথা পাতিছিল। আমাৰ এনে লাগিছিল যেন তেওঁলোক দিদিৰ প্ৰতিহে অনুগত আছিল।পৰৱৰ্তী সময়ত মই আৰু দিদিয়ে এইবিলাক কথা পাতি ইমান যে হাঁহিছিলো।’ আন এটা সাক্ষাৎকাৰত লতা মংগেশকাৰৰ তেওঁৰ ভগ্নীৰ সৈতে কিবা প্ৰতিদ্বন্দিতা আছে নেকি বুলি সোধাত তেওঁ কয়, ‘আমাৰ মাজত কেতিয়াও কোনো পেছাগত প্ৰতিদ্বন্দিতা হোৱা নাই। তেওঁ গান গোৱাৰ এক সম্পূৰ্ণ বেলেগ শৈলী বিকশিত কৰিছে। তেওঁ যি কৰিব পাৰে সেইখিনি মই কৰিবলৈ অপাৰগ।’ সংগীত জগতত নহ'লেও ব্যক্তিগত জীৱনত দূৰত্ব বৰ্তাই ৰাখিছিল নেকি দুই তাৰকা শিল্পীয়ে? এইক্ষেত্ৰত লতা মংগেশকাৰে কয়, ‘হয়, অতীতত আমাৰ দুই ভগ্নীৰ মাজত কিছু ব্যক্তিগত দূৰত্ব আছিল। প্ৰায় সকলো ভাই-ভনীৰ ক্ষেত্ৰতে এনেকুৱা হয়। তেওঁ কম বয়সতে কিছু কাম কৰিছিল, যিটো মই সমৰ্থন কৰা নাছিলোঁ।’ স্মৰ্তব্য যে, আশাই ১৬ বছৰ বয়সত ৩১ বছৰীয়া গণপতৰাও ভোছলেৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। আশাৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল লতাই। আজি লতাৰ অবৰ্তমানত পুৰাতন কথাবোৰকে সুঁৱৰিছে দেশবাসীয়ে। প্ৰতিজন ভাৰতীয়ৰ অন্তৰৰ কোঁহে কোঁহে, পাহে পাহে এই দুই তাৰকাৰ নাম ৰৈ বৈ গৈছিল। তেওঁলোকৰ সৃষ্টিশীলতাই হৈ পৰিছে আজি সহস্ৰ সংগীত শিল্পীৰ আদৰ্শ তথা প্ৰেৰণাৰ স্ৰোত। এই সুৰ এই কন্ঠৰ অমিয়া মাধুৰী বৈ থাকিব চিৰদিন চিৰকাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন