--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ লতা মংগেশকাৰ আৰু আশা ভোছলে। দুইগৰাকী মহান শিল্পীৰ অনবদ্য অৱদানেৰে আজি ঋদ্ধ, সমৃদ্ধ ভাৰতীয় সংগীত জগত। লতা-আশাৰ কথা আলোচনাৰ আওতালৈ আনিলেই আমাৰ মানসপটত কেইবাখনো চিত্ৰপট ভাঁহি উঠে। যুগপ্ৰসিদ্ধ এই দুটা নাম উচ্চাৰণ হোৱাৰ লগে লগে দুয়োৰে মাজত থকা প্ৰতিদ্বন্দিতাৰ বিষয়টোও উত্থাপিত হয়। লতা মংগেশকাৰে এবাৰ মুম্বাইৰ এক সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ মাজত হোৱা ভুলবুজা বুজিৰ বিষয়ে মুকলিকৈ কৈছিল। সংগীত সম্ৰাজ্ঞীগৰাকীয়ে কৈছিল, ‘আশাৰ সৈতে তেওঁৰ প্ৰথম ভুল বুজাবুজি আশা ভোছলেৰ প্ৰথম স্বামী গণপতৰাও ভোছলেৰ বাবে হৈছিল।’ জানিবলৈ পোৱা মতে, লতাৰ বাবেই হেনো আশাই কাম পোৱা নাছিল। চল্লিছৰ দশকৰ শেষৰ ফালে দুই ভগ্নীয়ো একেলগে সংগীতৰ পৃথিৱীত খোজ দিছিল। কিন্তু পঞ্চাশ আৰু ষাঠিৰ দশকত, লতাই জনপ্ৰিয়তাৰ চূড়া স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল। আনহাতে, সংগ্ৰাম অব্যাহত আছিল আশাৰ । লতাই মুম্বাইৰ সংবাদ মাধ্যমক কৈছিল, ‘গণপতৰাৱে আশাক আমাৰ ঘৰলৈ অহাত বাধা দিছিল।মোৰ সৈতে আশাৰ যোগাযোগো বন্ধ কৰি দিছিল তেওঁ।’ কিন্তু আশা আৰু লতা সঁচাকৈয়ে সংগীতৰ পৃথিৱীত ইজনে সিজনৰ প্ৰতিদ্বন্দী আছিল নেকি? আশা ভোছলে এবাৰ ভগ্নী লতা মংগেশকাৰৰ সৈতে প্ৰতিযোগিতা কৰাক লৈ উঠা গুঞ্জনৰ ওপৰত এটা সাক্ষাৎকাৰত কৈছিল, ‘তাই মোৰ ভগ্নী আৰু মোৰ প্ৰিয় শিল্পী। মানুহে এইবোৰ কাহিনীৰ ৰটনা কৰি ভালপায়। তেওঁলোকে সমস্যাৰ সৃষ্টি কৰে। কিন্তু তেজ পানীতকৈ বেছি ঘন।’ আশাই লগতে কয়, ‘ মোৰ মনত পৰে,যেতিয়া আমি দুয়ো কোনো অনুষ্ঠানত একেলগে গান গাবলৈ গৈছিলো তেতিয়া ইন্ড্ৰাষ্ট্ৰীৰ কিছুমান লোকে মোক উপেক্ষা কৰিছিল আৰু কেৱল লতাৰ সৈতেই কথা পাতিছিল। আমাৰ এনে লাগিছিল যেন তেওঁলোক দিদিৰ প্ৰতিহে অনুগত আছিল।পৰৱৰ্তী সময়ত মই আৰু দিদিয়ে এইবিলাক কথা পাতি ইমান যে হাঁহিছিলো।’ আন এটা সাক্ষাৎকাৰত লতা মংগেশকাৰৰ তেওঁৰ ভগ্নীৰ সৈতে কিবা প্ৰতিদ্বন্দিতা আছে নেকি বুলি সোধাত তেওঁ কয়, ‘আমাৰ মাজত কেতিয়াও কোনো পেছাগত প্ৰতিদ্বন্দিতা হোৱা নাই। তেওঁ গান গোৱাৰ এক সম্পূৰ্ণ বেলেগ শৈলী বিকশিত কৰিছে। তেওঁ যি কৰিব পাৰে সেইখিনি মই কৰিবলৈ অপাৰগ।’ সংগীত জগতত নহ'লেও ব্যক্তিগত জীৱনত দূৰত্ব বৰ্তাই ৰাখিছিল নেকি দুই তাৰকা শিল্পীয়ে? এইক্ষেত্ৰত লতা মংগেশকাৰে কয়, ‘হয়, অতীতত আমাৰ দুই ভগ্নীৰ মাজত কিছু ব্যক্তিগত দূৰত্ব আছিল। প্ৰায় সকলো ভাই-ভনীৰ ক্ষেত্ৰতে এনেকুৱা হয়। তেওঁ কম বয়সতে কিছু কাম কৰিছিল, যিটো মই সমৰ্থন কৰা নাছিলোঁ।’ স্মৰ্তব্য যে, আশাই ১৬ বছৰ বয়সত ৩১ বছৰীয়া গণপতৰাও ভোছলেৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। আশাৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল লতাই। আজি লতাৰ অবৰ্তমানত পুৰাতন কথাবোৰকে সুঁৱৰিছে দেশবাসীয়ে। প্ৰতিজন ভাৰতীয়ৰ অন্তৰৰ কোঁহে কোঁহে, পাহে পাহে এই দুই তাৰকাৰ নাম ৰৈ বৈ গৈছিল। তেওঁলোকৰ সৃষ্টিশীলতাই হৈ পৰিছে আজি সহস্ৰ সংগীত শিল্পীৰ আদৰ্শ তথা প্ৰেৰণাৰ স্ৰোত। এই সুৰ এই কন্ঠৰ অমিয়া মাধুৰী বৈ থাকিব চিৰদিন চিৰকাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ