--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ স্বাস্থ্য খণ্ডৰ বাবে ভাল খবৰ। ঔষধ নিয়ন্ত্ৰক ডিচিজিআইয়ে (ভাৰতীয় ড্ৰাগছ নিয়ন্ত্ৰক জেনেৰেল) ভাৰতত একক পালিৰ স্পুটনিক লাইট ক'ভিড-১৯ ভেকছিনৰ জৰুৰীকালীন ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াই দেওবাৰে এই কথা জানিবলৈ দিয়ে। তেওঁ কয় যে একক পালিৰ ভেকছিনৰ জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদনে ক'ভিড-১৯ৰ বিৰুদ্ধে ভাৰতৰ যুঁজত উৎসাহ যোগাব। তেওঁ টুইটযোগে কয়, 'এইটো দেশৰ নৱম #COVID19 ভেকছিন। ই মহামাৰীৰ বিৰুদ্ধে দেশৰ সামূহিক যুঁজক অধিক শক্তিশালী কৰিব।' https://twitter.com/mansukhmandviya/status/1490339254450282497?s=20&t=FsrN-QhB_W86JR9ClDvLtg ভাৰতৰ কেন্দ্ৰীয় ঔষধ কৰ্তৃপক্ষৰ এক বিশেষজ্ঞ পেনেলে এই সপ্তাহত একক পালিৰ ক'ভিড-১৯ ভেকছিন স্পুটনিক লাইটক সীমিত জৰুৰীকালীন ব্যৱহাৰ অনুমোদন (ই.ইউ.এ.) প্ৰদান কৰাৰ পৰামৰ্শ দিছিল। লক্ষণীয়ভাৱে, যোৱা বছৰৰ ১ জুলাইত, ভাৰতৰ ঔষধ নিয়ন্ত্ৰকে স্পুটনিক লাইটক ইউইউএ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছিল। ৰাছিয়াৰ স্বাস্থ্যবিভাগে যোৱা বৰ্ষৰ মে' মাহত কৰোনা ভাইৰাছ ভেকছিনৰ শ্বট স্পুটনিক লাইট সংস্কৰণটো ব্যৱহাৰৰ বাবে কৰ্তৃত্ব প্ৰদান কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন