--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ স্বাস্থ্য খণ্ডৰ বাবে ভাল খবৰ। ঔষধ নিয়ন্ত্ৰক ডিচিজিআইয়ে (ভাৰতীয় ড্ৰাগছ নিয়ন্ত্ৰক জেনেৰেল) ভাৰতত একক পালিৰ স্পুটনিক লাইট ক'ভিড-১৯ ভেকছিনৰ জৰুৰীকালীন ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াই দেওবাৰে এই কথা জানিবলৈ দিয়ে। তেওঁ কয় যে একক পালিৰ ভেকছিনৰ জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদনে ক'ভিড-১৯ৰ বিৰুদ্ধে ভাৰতৰ যুঁজত উৎসাহ যোগাব। তেওঁ টুইটযোগে কয়, 'এইটো দেশৰ নৱম #COVID19 ভেকছিন। ই মহামাৰীৰ বিৰুদ্ধে দেশৰ সামূহিক যুঁজক অধিক শক্তিশালী কৰিব।' https://twitter.com/mansukhmandviya/status/1490339254450282497?s=20&t=FsrN-QhB_W86JR9ClDvLtg ভাৰতৰ কেন্দ্ৰীয় ঔষধ কৰ্তৃপক্ষৰ এক বিশেষজ্ঞ পেনেলে এই সপ্তাহত একক পালিৰ ক'ভিড-১৯ ভেকছিন স্পুটনিক লাইটক সীমিত জৰুৰীকালীন ব্যৱহাৰ অনুমোদন (ই.ইউ.এ.) প্ৰদান কৰাৰ পৰামৰ্শ দিছিল। লক্ষণীয়ভাৱে, যোৱা বছৰৰ ১ জুলাইত, ভাৰতৰ ঔষধ নিয়ন্ত্ৰকে স্পুটনিক লাইটক ইউইউএ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছিল। ৰাছিয়াৰ স্বাস্থ্যবিভাগে যোৱা বৰ্ষৰ মে' মাহত কৰোনা ভাইৰাছ ভেকছিনৰ শ্বট স্পুটনিক লাইট সংস্কৰণটো ব্যৱহাৰৰ বাবে কৰ্তৃত্ব প্ৰদান কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ