--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকাশৰ মাজতে বিমানখনৰ দুৱাৰ খুলি বিমান পৰিচাৰিকাক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হয় এজন যুৱক। আমেৰিকান এয়াৰলাইন্সৰ বিমানত উঠি অভিযুক্তই এই অপৰাধ সংঘটিত কৰে। "নিউয়ৰ্ক পোষ্ট" কাকতৰ প্ৰতিবেদন অনুসৰি অভিযুক্ত যুৱকজনৰ নাম এৰিক নিকোলাছ গাপকো। ২৬ বছৰীয়া যুৱকজনে নিউ জাৰ্চিৰ বাসিন্দা। ১৮ জুলাইত ছিয়াটলৰ পৰা ডালাছলৈ আমেৰিকান এয়াৰলাইন্সৰ ২১০১ বিমানত উঠিছিল। প্ৰত্যক্ষদৰ্শীৰ মতে বিমানখন উৰণ আৰম্ভ কৰাৰ পিছত এৰিক অদ্ভুত আচৰণ কৰিবলৈ আৰম্ভ কৰে।

অভিযোগ অনুসৰি বিমানত এৰিকে কাপোৰ খুলিছিল। ইলেক্ট্ৰিক চিগাৰেট এটা টানে। ইয়াৰ পিছত এজন বিমান পৰিচাৰিকাৰ ফালে আগবাঢ়ি গ’ল। বিমান পৰিচাৰিকাক প্ৰস্তাৱ দিলে। অভিযোগ কৰা হৈছে যে যেতিয়া কেইবাজনো লোক আহি এৰিকক ৰখাই দিলে তেতিয়া তেওঁ চিঞৰিবলৈ ধৰিলে।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, কেইবাজনো এয়াৰমেনে এৰিকক ৰখাবলৈ চেষ্টা কৰিছিল যদিও তেওঁক চম্ভালিবলৈ সহজ নাছিল। তাৰ পিছত এৰিক বিমানখনৰ লেভেটৰীত আবদ্ধ হৈ পৰিল। পিছত ওলাই আহি বিমানৰ দুৱাৰ এখন টানিবলৈ ধৰিলে। গিলাচ এটাও ভাঙিলে। ইয়াৰ পিছত এৰিকক হাত ভৰি বান্ধি এঠাইত ৰখা হ’ল।

বিমানখন ছল্ট লেক চিটি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে বিমানবন্দৰ কৰ্তৃপক্ষই এৰিকক একাধিক অভিযোগ দাখিল কৰে। তেওঁক গ্ৰেপ্তাৰ কৰা হয়। তদন্তত প্ৰকাশ পাইছে যে এৰিকৰ এই অস্বাভাৱিক আৰু হিংসাত্মক আচৰণৰ কাৰণ হৈছে গাঞ্জা সেৱন। যোৱা বুধবাৰে আমেৰিকাৰ আদালতে এৰিকক দোষী সাব্যস্ত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক