--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকাশৰ মাজতে বিমানখনৰ দুৱাৰ খুলি বিমান পৰিচাৰিকাক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হয় এজন যুৱক। আমেৰিকান এয়াৰলাইন্সৰ বিমানত উঠি অভিযুক্তই এই অপৰাধ সংঘটিত কৰে। "নিউয়ৰ্ক পোষ্ট" কাকতৰ প্ৰতিবেদন অনুসৰি অভিযুক্ত যুৱকজনৰ নাম এৰিক নিকোলাছ গাপকো। ২৬ বছৰীয়া যুৱকজনে নিউ জাৰ্চিৰ বাসিন্দা। ১৮ জুলাইত ছিয়াটলৰ পৰা ডালাছলৈ আমেৰিকান এয়াৰলাইন্সৰ ২১০১ বিমানত উঠিছিল। প্ৰত্যক্ষদৰ্শীৰ মতে বিমানখন উৰণ আৰম্ভ কৰাৰ পিছত এৰিক অদ্ভুত আচৰণ কৰিবলৈ আৰম্ভ কৰে।

অভিযোগ অনুসৰি বিমানত এৰিকে কাপোৰ খুলিছিল। ইলেক্ট্ৰিক চিগাৰেট এটা টানে। ইয়াৰ পিছত এজন বিমান পৰিচাৰিকাৰ ফালে আগবাঢ়ি গ’ল। বিমান পৰিচাৰিকাক প্ৰস্তাৱ দিলে। অভিযোগ কৰা হৈছে যে যেতিয়া কেইবাজনো লোক আহি এৰিকক ৰখাই দিলে তেতিয়া তেওঁ চিঞৰিবলৈ ধৰিলে।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, কেইবাজনো এয়াৰমেনে এৰিকক ৰখাবলৈ চেষ্টা কৰিছিল যদিও তেওঁক চম্ভালিবলৈ সহজ নাছিল। তাৰ পিছত এৰিক বিমানখনৰ লেভেটৰীত আবদ্ধ হৈ পৰিল। পিছত ওলাই আহি বিমানৰ দুৱাৰ এখন টানিবলৈ ধৰিলে। গিলাচ এটাও ভাঙিলে। ইয়াৰ পিছত এৰিকক হাত ভৰি বান্ধি এঠাইত ৰখা হ’ল।

বিমানখন ছল্ট লেক চিটি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে বিমানবন্দৰ কৰ্তৃপক্ষই এৰিকক একাধিক অভিযোগ দাখিল কৰে। তেওঁক গ্ৰেপ্তাৰ কৰা হয়। তদন্তত প্ৰকাশ পাইছে যে এৰিকৰ এই অস্বাভাৱিক আৰু হিংসাত্মক আচৰণৰ কাৰণ হৈছে গাঞ্জা সেৱন। যোৱা বুধবাৰে আমেৰিকাৰ আদালতে এৰিকক দোষী সাব্যস্ত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন