--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিংসাত্মক পৰিৱেশে ছানি ধৰিছে বাংলাদেশ। এই অস্থিৰ পৰিৱেশৰ মাজতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ। দেশ এৰি পলায়ন কৰিলে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। সেনাৰ হেলিকপ্তাৰেৰে দেশ এৰি পলায়ন হাছিনাৰ। ‘ঢাকা পেলেচ’ এৰি সেনাৰ হেলিকপ্তাৰেৰে পলায়ন কৰিছে শ্বেখ হাছিনা।

হিংসাত্মক ঘটনাই ভয়ংকৰ ৰূপ লৈছে বাংলাদেশত। দেওবাৰে বাংলাদেশত নিহত হয় শতাধিক প্ৰতিবাদকাৰী।

এতিয়াও উন্নত হোৱা নাই বাংলাদেশৰ পৰিস্থিতি। দেশখনত হিংসাত্মক ঘটনাত প্ৰায় ১০০ গৰাকী লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে । ইয়াৰ পিচতে প্ৰতিবাদকাৰীসকলে সোমবাৰে ঢাকালৈ বৃহৎ সমদলৰ ঘোষণা কৰিছে। এই সমদলত দেশখনৰ সাধাৰণ ৰাইজক অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে প্ৰতিবাদকাৰী সংগঠনসমূহে। ইয়াৰ ফলত বাংলাদেশত আন এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে।

এই সংঘৰ্ষৰ ফলত ১৪ গৰাকী আৰক্ষীসহ প্ৰায় ১০০ গৰাকী লোক নিহত হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ছাত্ৰ বিদ্ৰোহত কঁপি আছে বাংলাদেশ। দেশখনৰ চৰকাৰী নিযুক্তিত সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে ছাত্ৰ আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিবলৈ বাধ্য হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক