--°C
Loading...
Listen to Article
2 min read
80%

মাজুলীৰ শোকাৱহ দুৰ্ঘটনাই এতিয়া সৰ্বত্ৰে ক্ষোভৰ অগনি জ্বলাইছে। বিভিন্ন মাধ্যমত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে শোকাহত জনগণে। শোক নিগৰাইছে শব্দৰ মাজেৰেই। ক্ষোভ আৰু বেদনা উজাৰি ‘মাজুলী দুৰ্যোগ’ৰ বিৱৰণী দিছে বিভিন্নজনে। তাৰ মাজৰ পৰা এই লেখা নিৰ্বাচন কৰা হৈছে। লিখিছে, লেখক, অধ্যাপক পঞ্চানন হাজৰিকাই…


‘যদিও মাজুলীৰ ৰাইজে আটাইতকৈ বেছি ভুক্তভোগী, কিন্তু মাজুলীৰ দুৰ্ঘটনা আচলতেই এক জাতীয় দুৰ্যোগ।প্ৰান্তীয় মানুহ যুগ যুগ ধৰি কেনেকৈ ৰাষ্ট্ৰব্যৱস্থা আৰু চৰকাৰৰ হাতত লুণ্ঠিত, উৎপীড়িত হৈ থাকে; কেনেকৈ জীয়াই থকাৰ অধিকাৰ মুহূৰ্ততে খৰ্ব হব পৰা নিষ্ঠুৰ বাস্তৱৰ সৈতে জীৱন-যাপন কৰিবলৈ বাধ্য হৈ থাকে- এই ফেৰী দুৰ্ঘটনা তাৰেই এক শোকাৱহ বিৱৰণী। এই বুকু কঁপাই যোৱা ঘটনাই স্বৰাজোত্তৰ অসমত কাহানিও সমাধান নোহোৱা স্থানীয় মানুহৰ অধিকাৰৰ মৌলিক প্ৰশ্নবোৰক আকৌ থিয় কৰাই দিছে। দিল্লী-দিছপুৰে যিখন সমস্যামুক্ত অসম, সমৃদ্ধিশালী অসমত আমি বাস কৰো বুলি আমাক মিথ্যা পতিয়ন নিয়াব বিচাৰিছে, ডিজিটেল যুগৰ ৰঙীন ছশমাৰে ভুৱা উন্নয়নৰ ভেল্কীবাজিকে সকলো সংগ্ৰামৰ শেষ উত্তৰ বুলি বুজাব বিচাৰিছে- তেনে সময়ত কালিৰ দুৰ্ঘটনাই আমাক দেখুৱাই দিছে- আমি ক'ত আছোঁ! জীৱনৰ মূল্য কি আমাৰ! শিক্ষা-চাকৰি-স্বাস্থ্যৰ মৌলিক প্ৰয়োজনত প্ৰতি দিনেই জীৱনৰ বাজি লগাই কেনেকৈ বিপদ সংকুল ভৰা ব্ৰহ্মপুত্ৰ এক অসুৰক্ষিত ব্যৱস্থাৰে পাৰ হৈ আছে আমাৰ আত্মীয়, সতীৰ্থ, নিকটজন।


সঁচা অৰ্থত মাজুলীবাসী এক বৃহৎ আৰু দীঘলীয়া গণজাগৰণৰ বাবে এতিয়া সাজু হোৱাৰ সময়। অসমৰ জাতীয় সংগঠনসমূহ আৰু স্থানীয় দল-মঞ্চসমূহে মাজুলীত আৰু মাজুলীৰ বাহিৰতো দীঘলীয়াকৈ কঠোৰতম গণ আন্দোলনৰ কাৰ্যসূচী লওক। কিয়নো এয়া কেৱল এতিয়া মাজুলীৰ স্থানীয় ৰাইজৰে সমস্যা হৈ থকা নাই, কৰ্মসূত্ৰে বা অন্যান্য প্ৰয়োজনত মাজুলীলৈ অহা-যোৱা কৰিবলগীয়া হোৱা বহুজন এই জটিলতাত ভুক্তভোগী। অসমৰ ৰাইজে দলং সাজিবলৈ দিল্লী-দিছপুৰক বাধ্য কৰক। কৰিবই লাগিব।দলং নোহোৱালৈকে উন্নত, নিৰাপদ, সুৰক্ষিত ফেৰীসেৱাৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ চৰকাৰ-প্ৰশাসনক বাধ্য কৰক। কালিৰ ক্ষোভ আৰু চকুপানী দুৰাতিত শেষ হ'বলৈ নিদিব। এই গণহত্যাৰ প্ৰত্যুত্তৰ হিচাপে অনাগত উপ-নিৰ্বাচনক ব্যৱহাৰ কৰক।

পাহৰিব নালাগে যে, সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমানৰ মুখ্যমন্ত্ৰী, জল পৰিবহন দপ্তৰৰ মন্ত্ৰী আৰু মাজুলী-যোৰহাট দুয়োখন জিলাৰ প্ৰশাসনে এই মৰ্মান্তিক ঘটনাটোৰ বাবে দায়ী। তেওঁলোকক জবাবদিহি নকৰাকৈ, তেওঁলোকে নিজৰ ভুল স্বীকাৰ নকৰালৈকে আৰু মাজুলীৰ অধিকাৰ "দলং" খন নিৰ্মান নোহোৱালৈকে কোনো পক্ষই ক্ষান্ত হ'ব নালাগে।
আশা কৰোঁ, মাজুলীবাসী তথা সমূহ অসমৰ ৰাইজে এইবাৰ এক সচেতন ৰাজনৈতিক চেতনাৰ পৰিচয় দিব। উপেক্ষিত মানুহৰ ক্ষোভৰ অগ্নিৰ উত্তাপো বেছি। সেই উত্তাপত হাত সেকি কালি পানীত উটি যোৱা অনিৰ্দিষ্টসংখ্যক মৃতদেহবোৰক ন্যায় দিয়াৰ সংকল্প আমিয়ে জানো ল’ব নালাগিব?
অসমৰ ৰাইজ, সাংস্কৃতিক-ধৰ্মীয় পীঠস্থান বুলি সদায় সুখ্যাত "মাজুলী" এইবাৰ কঠোৰতকৈও কঠোৰ এক গণ আন্দোলনৰ নাম হওক।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ