--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ঐতিহাসিক সত্যটো হ’ল, ১৯৫০ চনত এক বিশেষ পৰিস্থিতিত যোগ্যতা অৰ্জন কৰাৰ পাছতো বিশ্বকাপত অংশ লোৱাৰ পৰা বিৰত আছিল ভাৰত৷ আজিৰ তাৰিখত ভবাৰ থল আছে, ব্ৰাজিল বিশ্বকাপত অংশ লোৱা হ’লে হয়তো সলনি হ’লহেঁতেন ভাৰতীয় ফুটবলৰ ভৱিষ্যৎ৷

কোনোৱে কয়, বুটজোতা অবিহনে খেলাৰ অনুমতি নিদিয়াৰ বাবেই বিশ্বকাপলৈ যোৱা নাছিল ভাৰত৷ কোনোৱে কয়, তীব্ৰ আৰ্থিক সংকটৰ বাবে ব্ৰাজিললৈ ভাৰতে প্ৰেৰণ কৰা নাছিল ফুটবল দল৷ আন কিছু তথ্যমতে, বিশ্বকাপ ফুটবলতকৈ অলিম্পক ফুটবলক অধিক গুৰুত্ব দিয়া বাবেই বিশ্বকাপত অংশ নল’লে ভাৰতে৷ কাৰণ যিয়েই নহওক, নিৰ্মম সত্যটো হ’ল — ১৯৫০ চনৰ ব্ৰাজিল বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিও অন্তিম মুহূৰ্তত অংশ লোৱাৰ পৰা বিৰত আছিল ভাৰত৷


১৯৫০ চন৷ দ্বিতীয় মহাসমৰে বিশ্বক জৰ্জৰিত কৰাৰ পাছত সুদীৰ্ঘ ১২ বছৰৰ মূৰত আয়োজন কৰা হৈছিল ফুটবলৰ বিশ্বকাপ৷ সেই বছৰত ব্ৰাজিলত আয়োজন কৰা হৈছিল বিশ্বকাপ ফুটবলৰ চতুৰ্থ সংস্কৰণ৷ সেই বছৰৰ পৰাই বিশ্বকাপ ফুটবলক জুলে ৰীমে কাপ হিচাপে নামকৰণ কৰা হৈছিল৷ কিন্তু দ্বিতীয় মহাসমৰৰ বিভীষিকাৰ পাছত অধিকাংশ দেশেই আৰ্থিক সংকট অতিক্ৰমী মূৰ দাঙি উঠিবলৈ কঠিন সংগ্ৰাম অব্যাহত ৰাখিছিল, যুদ্ধ পৰিস্থিতিৰ বাবে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ হৈ উঠিছিল অধিক ব্যয়বহুল, তেনে পৰিস্থিতিত বিশ্বকাপত অংশ লোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা নাছিল অধিকাংশ দেশেই৷ বহু দেশে আনকি যোগ্যতা নিৰ্ণয়কাৰী মেচৰ পৰাই নিজ দলৰ নাম প্ৰত্যাহাৰ কৰিছিল৷ সেই বছৰত কোৱালিফায়িং মেচৰ বাবে সাজু হৈছিল মাথোঁ ৩৪খন দেশ, বিশ্বকাপৰ মূল পৰ্বলৈ যোগ্যতা অৰ্জন কৰিছিল ১৫খন দেশে, অন্তিম মুহূৰ্তত ভাৰত আৰু ফ্ৰান্সে নাম প্ৰত্যাহাৰ কৰাত ১৩খন দেশৰ মাজত হৈছিল যুঁজ৷ এছিয়া মহাদেশৰ ভিতৰত যোগ্যতা নিৰ্ণয়কাৰী মেচৰ বাবে সাজু হৈছিল ভাৰতৰ উপৰি ব্ৰহ্মদেশ (বৰ্তমানৰ ম্যানমাৰ), ইণ্ডোনেছিয়া আৰু ফিলিপাইনছ৷ কিন্তু আন তিনিওখন দেশে কোৱালিফায়িং মেচৰ পূৰ্বেই নাম প্ৰত্যাহাৰ কৰাত এখনো মেচ নেখেলাকৈয়ে পোনে পোনে বিশ্বকাপৰ মূল পৰ্বলৈ যোগ্যতা অৰ্জন কৰিছিল ভাৰতে৷ বিশ্বকাপৰ ‘গ্ৰুপ C’ত ছুইডেন, পাৰাগুৱে আৰু ডিফেণ্ডিং চেম্পিয়ন ইটালীৰ সৈতে অন্তৰ্ভুক্ত কৰা হৈছিল ভাৰতক৷ কিন্তু আশ্বৰ্যজনক কথাটো হ’ল, যোগ্যতা অৰ্জন কৰাৰ পাছতো ব্ৰাজিল বিশ্বকাপত অংশ লোৱাৰ পৰা বিৰত আছিল ভাৰত৷


পিছে কি আছিল ভাৰতৰ সেই ঐতিহাসিক অৱজ্ঞাৰ মূল কাৰণ, ভাৰতীয় ফুটবলৰ ইতিহাসত যাক বহুতেই ‘Blunder of the Century’- বুলি অভিহিত কৰিছে! তথ্যই কয়, ইয়াৰ মূল কাৰণটো আছিল অৰ্থনৈতিক৷ এফালে দ্বিতীয় মহাযুদ্ধৰ দীৰ্ঘস্থায়ী প্ৰভাৱ, আনফালে নতুনকৈ স্বাধীনতা অৰ্জন কৰা ভাৰতৰ বাবে ব্ৰাজিল বিশ্বকাপলৈ দল প্ৰেৰণৰ বাবে নাছিল পৰ্যাপ্ত ধন। আয়োজক ব্ৰাজিল আৰু ফিফাই ভাৰতীয় দলৰ পৰিবহণ ব্যয়ৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ আশ্বাস দিছিল যদিও অন্তিম মুহূৰ্তত বিশ্বকাপত অংশ লোৱাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছিল ভাৰতীয় ফুটবল ফেডাৰেচনে৷ ইয়াৰ মূল কাৰণ আছিল ভাৰতীয় দলৰ প্ৰস্তুতিৰ অভাৱ আৰু বিশ্বকাপৰ দৰে মঞ্চত অংশ লোৱাৰ বাবে আত্মবিশ্বাসহীনতা৷ তদুপৰি সেই সময়ত বিশ্বকাপ ফুটবলৰ তুলনাত অলিম্পিক গেমছ আছিল বহুগুণে জনপ্ৰিয় আৰু মৰ্যাদাপূৰ্ণ৷ ১৯৫০ চন পৰ্যন্ত বিশ্বকাপ ফুটবলে লাভ কৰা নাছিল আজিৰ দৰে বিশাল ব্যাপ্তি আৰু গুৰুত্ব, তাতে দ্বিতীয় মহাযুদ্ধৰ পৰিণতিত অনুষ্ঠিত হোৱা নাছিল ১৯৪২ আৰু ১৯৪৬ চনৰ বিশ্বকাপ৷ এনেক্ষেত্ৰত আৰ্থিক সংকটৰ মাজত ব্ৰাজিল বিশ্বকাপত অংশ লোৱাতকৈ ১৯৫২ চনৰ হেলছিংকী অলিম্পিকৰ বাবে প্ৰস্তুতি চলোৱাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল ভাৰতীয় ফুটবল ফেডাৰেচনে৷


ভাৰতে বিশ্বকাপত অংশ লোৱাৰ পৰা বিৰত থকাৰ আঁৰৰ অন্য এটা কাৰণো চৰ্চিত হয়৷ সেয়া হ’ল বুটবিহীন ফুটবল৷ ১৯৪৮ চনৰ লণ্ডন অলিম্পিকত বুটজোতা অবিহনেই সাহসী যুঁজ দিছিল ভাৰতীয় ফুটবলাৰে৷ অধিনায়ক টি আওকে ধৰি ভাৰতীয় দলৰ ৭/৮ জন খেলুৱৈয়ে বুটজোতা অবিহনেই ফিল্ডত নামিছিল, ফ্ৰান্সৰ বিৰুদ্ধে মেচত ভাৰতীয় দলটোৱে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ১-২ গ’লত পৰাস্ত হ’লেও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সেয়া আছিল ভাৰতৰ সবল আত্মপ্ৰকাশ৷ স্বাধীনতা অৰ্জনৰ পাছত সেয়াই আছিল ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় মেচ৷ সেই সময়ৰ চৰকাৰে ভাৰতীয় দলক আনকি বুটজোতাও যোগান ধৰিবলৈ অপাৰগ আছিল বুলি সমালোচনা কৰা হয়, কিন্তু পুৰণি তথ্যই কয় যে অভ্যাস আৰু স্বাচ্ছন্দ্যৰ বাবে বুট অবিহনেই খেলাৰ বাবে আগ্ৰহী আছিল ভাৰতৰ অধিকাংশ খেলুৱৈ৷ লণ্ডন অলিম্পিকত হোনো ব্ৰিটিছ সাংবাদিকে ভাৰতীয় দলৰ অধিনায়কক এই সন্দৰ্ভত প্ৰশ্ন কৰাত গৰ্বৰে উত্তৰ দিছিল — We are playing football, not boot-ball! কিন্তু বিশ্বকাপৰ দৰে মঞ্চত বুট অবিহনে খেলিবলৈ অনুমতি নিদিব বুলি আশংকা কৰিয়েই ব্ৰাজিললৈ দল প্ৰেৰণ কৰিবলৈ দ্বিধাবোধ কৰিছিল ভাৰতে৷ এই কথাৰ ভিত্তি কিমান সেয়া নিশ্চিত নহয়, কিয়নো ১৯৫৩ চনতহে ফিফাই ফুটবল মেচত বুটজোতা পিন্ধাটো বাধ্যতামূলক কৰিছিল৷ তথ্যই কয়, ১৯৫২ চনৰ হেলছিংকী অলিম্পিকতো ভাৰতৰ কেইবাজনো ফুটবলাৰে বুট অবিহনে যুঁজত নামিছিল, কিন্তু যুগোশ্লেভিয়াৰ বিৰুদ্ধে ১-১০ ব্যৱধানত শোচনীয়ভাৱে পৰাস্ত হোৱাৰ পাছত ভাৰতীয় ফুটবলাৰৰ বাবে বুট পিন্ধাটো বাধ্যতামূলক কৰা হৈছিল৷ 


কাৰণ যিয়েই নহওক, ঐতিহাসিক সত্যটো হ’ল, ১৯৫০ চনত এক বিশেষ পৰিস্থিতিত যোগ্যতা অৰ্জন কৰাৰ পাছতো বিশ্বকাপত অংশ লোৱাৰ পৰা বিৰত আছিল ভাৰত৷ আজিৰ তাৰিখত ভবাৰ থল আছে, ব্ৰাজিল বিশ্বকাপত অংশ লোৱা হ’লে হয়তো সলনি হ’লহেঁতেন ভাৰতীয় ফুটবলৰ ভৱিষ্যৎ৷ হয়তো বিশ্বকাপত অংশ লোৱাৰ অভিজ্ঞতা আৰু আত্মবিশ্বাসে ভাৰতীয় ফুটবলক দিলেহেঁতেন এক নতুন উদ্দীপনা৷ আন নহ’লেও বিশ্বকাপত অংশগ্ৰহণকাৰী দেশ হিচাপে অভিলেখৰ পৃষ্ঠাত অন্তৰ্ভুক্ত হ’লহেঁতেন প্ৰতি ৪ বছৰৰ মূৰে মূৰে আক্ষেপ আৰু গ্লানিৰে উজাগৰী নিশা কটোৱা ডেৰশ কোটি জনতাৰ দেশ ভাৰত!

লেখক: খনীন্দ্ৰ কুমাৰ ডেকা





FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement