--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পুতুল বৰাৰ বাসগৃহক নামকৰণ কৰা হৈছে জার্মান ষ্টেডিয়ামৰূপে। এই ষ্টেডিয়ামত বহি শতাধিক ফুটবলবলীয়াই উপভোগ কৰিব পাৰিব বিশ্ব কাপ ফুটবলৰ উদ্বোধনী খেল।

ডিজিটেল ডেস্ক: কানাডা, মেক্সিক' আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া বিশ্ব ফুটবলৰ মহাৰণ 'ফিফা বিশ্বকাপ ফুটবল- ২০২৬'ৰ মাজত মাথোঁ চাৰি দিন বাকী থকা অৱস্থাত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ ডিফু চহৰ আক্ৰান্ত হৈ পৰিছে ফুটবল জ্বৰত। 


উল্লেখযোগ্য যে পাহাৰীয়া চহৰ ডিফুত এতিয়াও ফুটবল খেলৰ যথেষ্ট জনপ্রিয়তা আছে। সেই সূত্ৰে চহৰখনত আছে যথেষ্ট ফুটবল অনুৰাগী। ইয়াৰ উপৰি বিশ্ব কাপ ফুটবল বুলিলেই বিগত কিছু বছৰ দেশৰ আন প্ৰান্তৰ লগতে অসমৰ ডিফু চহৰেও বিশেষ মিডিয়া আকর্ষণ লাভ কৰি আহিছে। কিয়নো ডিফু চহৰত পুতুল বৰা নামৰ এগৰাকী ফুটবলপ্রেমীয়ে নিজ বাসগৃহক এখন 'মিনি স্টেডিয়াম'লৈ ৰূপান্তৰ কৰি বিশ্ব কাপ ফুটবল নিজে উপভোগ কৰাৰ লগতে চহৰখনৰ ফুটবলবলীয়াক একেলগে ফুটবল খেল চোৱাৰ সুবিধা কৰি দিয়াৰ পৰম্পৰা চলি আহিছে।


ফুটবলবলীয়া তথা জার্মান দলৰ সমৰ্থকৰূপে সমগ্র চহৰখনতে পৰিচিত পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশ্ব কাপ ফুটবলৰ উন্মাদনা। বৰাৰ বাসগৃহ সজাই তোলা হৈছে বিশ্ব কাপত অংশগ্রহণ কৰা দেশসমূহৰ পতাকাৰ লগতে বিশ্ব ফুটবলৰ বহু তাৰকাৰ ফটোৰে। বৰাৰ বাসগৃহক নামকৰণ কৰা হৈছে জার্মান ষ্টেডিয়ামৰূপে। এই ষ্টেডিয়ামত বহি শতাধিক ফুটবলবলীয়াই উপভোগ কৰিব পাৰিব বিশ্ব কাপ ফুটবলৰ উদ্বোধনী খেল। 


প্রতিদিনে ফুটবলপ্রেমীয়ে এই মিনি ষ্টেডিয়ামত বহি উপভোগ কৰিব পাৰিব বিশ্ব কাপ ফুটবলৰ মেচসমূহ। এইবাৰো প্ৰস্তুতি তুংগত তুলিছে জার্মান দলৰ সমৰ্থক পুতুল বৰাই। প্ৰতিবছৰৰ দৰে নিজ বাসগৃহৰ চোতালখন বিশ্ব কাপৰ ফুটবল ষ্টেডিয়াম সদৃশ সজাই তুলিছে। য'ত প্রদর্শিত হৈছে বিশ্ব কাপত অংশগ্ৰহণকাৰী দলৰ হৰ্ডিং, বেনাৰ, প'ষ্টাৰ আৰু ৰাষ্ট্ৰীয় পতাকা। বৰাই জানিবলৈ দিয়ে যে প্রজেক্টৰৰ সৈতে এখন বিশাল পর্দা লগোৱা হ'ব যাতে ফুটবল অনুৰাগীয়ে একেলগে বহি লাইভমেচ উপভোগ কৰিব পাৰে। ইয়াৰ উপৰি খাদ্য ৰসিকৰূপেও পৰিচিত বৰাৰ বাসগৃহত ফুটবল খেল উপভোগ কৰাৰ লগতে সোৱাদ ল'ব পাৰিব বিভিন্ন ব্যঞ্জনৰ। একেদৰে চহৰখনৰ আন প্রান্ততো দেখা গৈছে ফুটবলৰ উন্মাদনা। 


ডিফু চহৰৰ এখন বিখ্যাত বেকাৰী হ'ল এলৱিছ বেকাৰী। এই বেকাৰীখনৰ গৰাকী ৰোহিলা ইংতিপীয়ে নিজ দোকানৰ সন্মুখভাগ সজাই তুলিছে বিশ্ব কাপত অংশগ্ৰহণকাৰী দলৰ পতাকাৰে। বিশ্ব কাপ দলত অংশগ্ৰহণ কৰা দেশসমূহৰ পতাকা বিক্ৰীও কৰিছে বিপণীখনত। সংবাদ মাধ্যমৰ লগত হোৱা বাৰ্তালাপত ৰোহিলা ইংতিপীয়ে কয়- 'ফিফা বিশ্ব কাপ হৈছে প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অহা এক বিশেষ অনুষ্ঠান। চাৰি বছৰত এবাৰহে এই সুযোগ আহে। সেয়ে আমি এই বিশ্বৰ সৰ্বশ্রেষ্ঠ কার্নিভাল উদযাপন কৰা উচিত।' নিজৰ প্ৰিয় দলৰ বিষয়ে সোধাত ইংতিপীয়ে কয় যে এইবাৰ তেওঁ ফ্রান্স দলক সমর্থন কৰিব। 


উল্লেখযোগ্য যে ডিফু চহৰত চলি থকা বিভিন্ন বাহনসমূহত দেখা গৈছে নিজ নিজ প্রিয় দলৰ পতাকা। ফিফা বিশ্ব কাপৰ কাউণ্টডাউন অব্যাহত থকাৰ সময়তে সমগ্র ডিফুত ক্রমাৎ বৃদ্ধি পোৱা উত্তেজনাই ফুটবলৰ প্ৰতি থকা গভীৰ আৱেগক প্রতিফলিত কৰিছে সমগ্ৰ কাৰ্বি আংলং জিলাই।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement