--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • স্থলভাগত ভাৰতে ৰাখি থৈছে অগ্নি, পৃথিৱী, নির্ভয় আৰু ব্ৰহ্মাছকে ধৰি এলানি পাৰমাণৱিক ক্ষমতাসম্পন্ন ক্ষেপণাস্ত্র।

ডিজিটেল ডেস্ক: বিশ্বৰ বিভিন্ন দেশে নিজৰ পাৰমাণৱিক শক্তি বৃদ্ধি কৰাৰ সময়তে ভাৰতৰ মুঠ পাৰমাণৱিক বোমাৰ সংখ্যা ১৮০টাৰ পৰা ১৯০টালৈ বৃদ্ধি পাইছে। যুদ্ধ, ৰণসজ্জা আৰু অস্ত্র নিয়ন্ত্রণ বিষয়ৰ ছুইডেনীয় বিশেষজ্ঞ দল বা থিংক টেংক 'ষ্টকহ'ম ইণ্টাৰনেশ্যনেল পীচ ৰিছাৰ্চ ইনষ্টিটিউট' চমুকৈ 'ছিপ্ৰি'ৰ তথ্যত এই কথা প্রকাশ পাইছে। 


ছিপ্ৰিৰ প্রতিবেদনখনৰ মতে, ভাৰতে প্ৰথমবাৰৰ বাবে পাৰমাণৱিক বোমা বা বিস্ফোৰক (নিউক্লিয়াৰ বাৰহেড) মোতায়েন কৰিছে। ২০২৫ চনত ভাৰতে মুঠ ১২ টা পাৰমাণবিক বোমা মোতায়েন কৰিছে অৰ্থাৎ যুদ্ধ বা সুৰক্ষাৰ বাবে সাজু কৰি ৰাখিছে। আনহাতে চীনে মোতায়েন কৰা পাৰমাণৱিক বোমাৰ সংখ্যা ২৪টাৰ পৰা ৩৪টালৈ বৃদ্ধি কৰিছে। 


ষ্টকহ'ম ইণ্টাৰনেশ্যনেল পীচ ৰিছাৰ্চ ইনষ্টিটিউট (ছিপ্রি)-এ সোমবাৰে 'ছিপ্রি ইয়েৰবুক ২০২৫' মুকলি কৰে, য'ত কোৱা হৈছে যে দেশবোৰে এতিয়া 'ক্রমবর্ধমানভাৱে পাৰমাণৱিক অস্ত্ৰক ৰাষ্ট্ৰীয় ক্ষমতাৰ আহিলাৰূপে ভৰসা কৰিবলৈ লৈছে।' প্রতিবেদনখনৰ মতে বিশ্বজুৰি মিছাইল (ক্ষেপণাস্ত্র) আৰু বিমানত প্রায় ৪,০১২ পাৰমাণবিক বোমা মোতায়েন কৰা হৈছে। 


ছিপ্ৰিৰ প্ৰতিবেদনত আৰু কোৱা হৈছে যে ২০২৬ চনৰ জানুৱাৰীত বিশ্বৰ ৯খন দেশত মজুত থকা মুঠ ১২,১৮৭ টা পাৰমাণবিক বোমাৰ ভিতৰত ৯,৭৪৫টা সম্ভাব্য ব্যৱহাৰৰ বাবে সামৰিক ভঁৰালত আছে। উক্ত ৯খন দেশ হৈছে আমেৰিকা, ৰাছিয়া, ব্রিটেইন, ফ্রান্স, ভাৰত, চীন, পাকিস্তান, উত্তৰ কোৰিয়া আৰু ইজৰাইল। ভাৰতত মজুত থকা পাৰমাণবিক বোমাৰ একাংশ মোতায়েন কৰাৰ কথা প্ৰথমবাৰৰ বাবে ছিপ্ৰিৰ প্ৰতিবেদনত দেখুওৱা হৈছে, বাকী বেছি সংখ্যকেই ভঁৰালত আছে। উল্লেখযোগ্য যে ভঁৰালত থোৱা পাৰমাণৱিক বোমাবোৰ সশস্ত্র বাহিনীয়ে তদাৰক কৰে, কিন্তু সেইবোৰ উৎক্ষেপণ ব্যৱস্থাত স্থাপন কৰা নহয়। অর্থাৎ সেইবোৰ তাৎক্ষণিকভাৱে ব্যৱহাৰ কৰিব পৰা নহয়। যেতিয়া প্রয়োজন হ'ব, তেতিয়া ভঁৰালৰ পৰা ব্যৱস্থাত সেইবোৰ স্থাপন কৰা হ'ব। 


ইয়াৰ বিপৰীতে মোতায়েন কৰা পাৰমাণৱিক বোমা বা নিউক্লিয়াৰ হেড হৈছে সেইবোৰ, যিবোৰক ইতিমধ্যে কার্যক্ষম ব্যৱস্থাত স্থাপন কৰা হৈছে আৰু তাৎক্ষণিক বা অনতিবিলম্ব ব্যৱহাৰৰ বাবে সাজু কৰি ৰখা হৈছে। মোতায়েন কৰা ১২টা পাৰমাণৱিক বোমা ভাৰতে ইয়াৰ পাৰমাণৱিক ত্রিশক্তিৰ নানা ব্যৱস্থাৰে উৎক্ষেপণ কৰিব পাৰিব। এইবোৰৰ ভিতৰত আছে ভাৰতীয় নৌ সেনা বাহিনীৰ অৰিহন্ত শ্ৰেণীৰ পাৰমাণৱিক ক্ষমতাসম্পন্ন ছাবমেৰিন, ভাৰতীয় বায়ু সেনা বাহিনীৰ মিৰাজ ২০০০ আৰু ছেপেকেট জাগুৱাৰ যুঁজাৰু বিমান তথা ৰাফেল আৰু এছ ইউ-৩০ এম কে আই বিমান। স্থলভাগত ভাৰতে ৰাখি থৈছে অগ্নি, পৃথিৱী, নির্ভয় আৰু ব্ৰহ্মাছকে ধৰি এলানি পাৰমাণৱিক ক্ষমতাসম্পন্ন ক্ষেপণাস্ত্র। এই প্রতিবেদন মতে পাকিস্তানে কোনো পাৰমাণৱিক বোমা মোতায়েন কৰা নাই। 


উল্লেখযোগ্য যে ২০২৫ চনৰ মে'ত পাৰমাণৱিক ক্ষমতাসম্পন্ন দুখন দেশ ভাৰত-পাকিস্তানৰ চাৰিদিনীয়া যুদ্ধত পাকিস্তানে ইয়াৰ পাৰমাণৱিক বোমাসমূহ ভাৰতক ব্লেকমেইল কৰিবলৈ ব্যৱহাৰ কৰিছিল। ছিপ্ৰিৰ বার্ষিক প্রতিবেদনখনৰ মতে বিশ্বত ২,১০০-২,২০০ পাৰমাণৱিক বোমা বেলিষ্টিক মিছাইলত সাজু কৰি ৰখা হৈছে। ইয়াৰ বেছিভাগেই ৰাছিয়া বা আমেৰিকাৰ। ফ্রান্স আৰু ব্রিটেইনে (ইউ কে) মোতায়েন কৰা পাৰমাণৱিক বোমাৰ সংখ্যা উক্ত দুয়োখন দেশতকৈ কম। কিন্তু ভাৰত আৰু চীনেও যুদ্ধ নোহোৱা সময়তে (পীচটাইম) কমসংখ্যক পাৰমাণবিক বোমা মোতায়েন কৰিছে। এই দেশবোৰে মোতায়েন কৰা মুঠ পাৰমাণবিক বোমাৰ সংখ্যা (বিভিন্ন ব্যৱস্থাত) হৈছে এনে ধৰণৰ-ৰাছিয়া ১,৭৯৬, আমেৰিকা ১,৭৭০। তৃতীয়ত আছে ফ্রান্স (২৮০) আৰু চতুৰ্থত ব্রিটেইন (১২০)। ইফালে প্রতিবেদন মতে ভাৰতৰ মুঠ পাৰমাণৱিক বোমাৰ সংখ্যা ১৮০টাৰ পৰা ১৯০টালৈ বৃদ্ধি পালে। 


প্রতিবেদন মতে ভাৰততকৈ পাকিস্তান, উত্তৰ কোৰিয়া আৰু ইজৰাইলৰ নিউক্লিয়াৰ বাৰহেড বা পাৰমাণবিক বোমাৰ সংখ্যা কম। পাকিস্তানৰ হাতত আছে ১৭০টা পাৰমাণবিক বোমা। প্রতিবেদন মতে ৰাছিয়াৰ হাততে আছে বিশ্বৰ ভিতৰত আটাইতকৈ বেছি পাৰমাণৱিক বোমা (৫,৪২০)। আমেৰিকাৰ হাতত আছে ৫,০৪২টা। চীনৰ আছে ৬২০টা পাৰমাণবিক বোমা। তেনেদৰে ফ্ৰান্সৰ ৩৭০ আৰু ব্রিটেইনৰ ২২৫ টা পাৰমাণৱিক বোমা আছে। তেনেদৰে ইজৰাইলৰ আছে ৯০ আৰু উত্তৰ কোৰিয়াৰ আছে প্রায় ৬০টা পাৰমাণবিক বোমা।

উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement