--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৰাজ্যৰ আধুনিক শিক্ষা কালৰ আৰম্ভণিৰ কালছোৱাত অসমীয়া ভাষাৰ পাঠ্যপুথিৰে অকল্পনীয় বৰঙণি যোগোৱা হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সমাজ জীৱনলৈ আগবঢ়োৱা এক বিৰল বৰঙণি হ'ল বৈষ্ণৱ সাহিত্যৰ সংগ্ৰহ আৰু মুদ্রণ।

ডিজিটেল ডেস্ক : মুম্বাইত অহা ১৫ জুনৰ পৰা ২১ জুনলৈ হ'বলগীয়া সন্মানীয় মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৰাষ্ট্ৰীয় প্রতিযোগিতাৰ তথ্যচিত্র শাখালৈ নিৰ্বাচিত হৈছে অসম ডাউন টাউন বিশ্ববিদ্যালয়ে নিৰ্মাণ কৰা 'হৰিনাৰায়ণ'। উল্লেখযোগ্য যে এই বিশাল প্রতিযোগিতাত অংশগ্ৰহণ কৰা একমাত্র অসমীয়া তথ্যচিত্র হ'ল 'হৰিনাৰায়ণ'। বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° নৰেন্দ্ৰ নাথ দত্তৰ আগ্ৰহত প্ৰফেছৰ বন্দনা দত্ত আৰু গৰীয়সী দত্তই প্রযোজনা কৰা এই ছবিৰ চিত্ৰনাট্য আৰু পৰিচালনা বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা শাখাৰ অধ্যাপক উৎপল দত্তৰ। গৱেষণা সহযোগী ড° ৰুবী গোস্বামী।


বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোও হৰিনাৰায়ণ দত্তবৰুৱাৰ নামেৰে স্থাপন কৰা হৈছে। তেওঁৰ জীৱনকথাক সৰ্বভাৰতীয় স্তৰলৈ নিয়াৰ চেষ্টাৰে বিশ্ববিদ্যালয়খনে উৎপল দত্ত আৰু ড° ৰুবী গোস্বামীৰ সম্পাদনাত কৰা 'হৰিনাৰায়ণ- দ্য ৰেনেচাঁমেন' নামৰ গ্ৰন্থ এখন প্রকাশ কৰিছে। কিতাপখনে পাঠকৰ সমাদৰ লাভ কৰিছে আৰু হৰিনাৰায়ণ দত্তবৰুৱা অধ্যয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কিতাপ হিচাপে প্রশংসিত হৈছে। 


ৰাজ্যৰ আধুনিক শিক্ষা কালৰ আৰম্ভণিৰ কালছোৱাত অসমীয়া ভাষাৰ পাঠ্যপুথিৰে অকল্পনীয় বৰঙণি যোগোৱা হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সমাজ জীৱনলৈ আগবঢ়োৱা এক বিৰল বৰঙণি হ'ল বৈষ্ণৱ সাহিত্যৰ সংগ্ৰহ আৰু মুদ্রণ। তেওঁ সম্পাদনা আৰু প্ৰকাশ কৰা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ সম্পূৰ্ণ ৰচনাৰ সংকলন 'শ্রীশ্রীশংকৰদেৱ বাক্যামৃত' অসমীয়াত প্রকাশ কৰা এজন লেখকৰ সম্পূৰ্ণ ৰচনাৱলীৰ প্ৰথম উদাহৰণ। অসমৰ মুদ্রণ শিল্পৰ জগততো তেওঁ আছিল বৈপ্লৱিক ধাৰণাৰ প্ৰতীক। এই ব্যক্তিগৰাকীৰ বিষয়ে নিৰ্মাণ কৰা এই তথ্যচিত্রখনে ইতিমধ্যে ৰাজ্যৰ বাহিৰত প্রশংসা লাভ কৰিছে। বাৰাচাত ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত এই ছবিখনে শ্রেষ্ঠ তথ্যচিত্ৰৰ পুৰস্কাৰ লাভ কৰিছে। প্ৰফেছৰ আনন্দ বৰমুদৈ, ড° সমুদ্রগুপ্ত কাশ্যপ, ড° পৰমানন্দ মজুমদাৰ, ড° সঞ্জীৱপল ডেকা, ড° মৌচুমী কন্দলি, জ্যোতিন্দ্ৰ নাৰায়ণ দত্তবৰুৱা, ড° মঞ্জু লস্কৰ আদিৰ বক্তব্যসম্বলিত এই ছবিখনৰ চিত্রগ্রহণ কৰিছে ৰাতুল বৰ্মনে আৰু সম্পাদনা কৰিছে ঝুলন কৃষ্ণ মহন্তই। ছবিখনৰ আৱহ সংগীত তৰালি শৰ্মাৰ। তথ্যচিত্র, চুটি কাহিনী চিত্ৰ আৰু এনিমেশ্যন চলচ্চিত্ৰৰ ক্ষেত্ৰত এক স্বতন্ত্ৰ পৰিচয় গঢ়ি তোলা মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ সমগ্র দক্ষিণ এছিয়াৰ অন্যতম শ্রেষ্ঠ আৰু প্ৰাচীন চলচ্চিত্ৰ উৎসৱ। তিনিটা দশকৰো অধিক সময় ধৰি এই মহোৎসৱে সৃষ্টিশীলতা, নতুন চিন্তা আৰু বিকল্প চলচ্চিত্ৰ ভাষাৰ এক শক্তিশালী মঞ্চ হিচাপে নিজকে প্রতিষ্ঠা কৰি আহিছে। ১৯৯০ চনত 'বোম্বে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ' নামেৰে আৰম্ভ হোৱা এই আয়োজন এতিয়া বিশ্বব্যাপী চলচ্চিত্র নিৰ্মাতাসকলৰ মাজত এক বিশেষ সন্মান আৰু বিশ্বাসৰ নাম। 


ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ অধীনস্থ নেশ্যনেল ফিল্ম ডেভেলপমেন্ট কৰ্প'ৰেশ্যন অব্ ইণ্ডিয়াৰ উদ্যোগত অনুষ্ঠিত এই মহোৎসবে প্ৰতিবছৰে বিশ্বৰ বিভিন্ন দেশৰ উৎকৃষ্ট চলচ্চিত্ৰসমূহক একেলগে উপস্থাপনৰ সুযোগ প্রদান কৰে। সেয়ে ইয়াৰ প্ৰতিযোগিতা শাখাত স্থান লাভ কৰাটো যিকোনো চলচ্চিত্ৰৰ বাবে এক উল্লেখযোগ্য স্বীকৃতি বুলি গণ্য কৰা হয়। এই পৰিপ্ৰেক্ষিতত 'হৰিনাৰায়ণ' প্রতিযোগিতা শাখাত নির্বাচিত হোৱাটো অসমীয়া চলচ্চিত্র জগতৰ বাবে এক আনন্দদায়ক আৰু গৌৰৱময় খবৰ। এই সাফল্যই কেৱল ছবিখনৰ দলটোকেই সন্মানিত কৰা নাই, বৰঞ্চ অসমৰ সমসাময়িক চলচ্চিত্র চৰ্চাৰ শক্তি আৰু সম্ভাৱনাকো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পর্যায়ত উজ্জ্বলভাৱে প্রতিফলিত কৰিছে। আশা কৰা যায়, এই স্বীকৃতিয়ে নতুন প্ৰজন্মৰ চলচ্চিত্র নির্মাতাসকলক অধিক সাহসী, মননশীল আৰু বিষয়নিষ্ঠ চলচ্চিত্র নির্মাণৰ ক্ষেত্ৰত অনুপ্রাণিত কৰিব। উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক