--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অতিমাত্রা গোপনীয়তা, অভেদ্য নিৰাপত্তা ব্যৱস্থাৰ বাবে 'ইণ্ডিয়ান ক্রিক গাঁৱে' বিশ্বৰ শীর্ষ ধনাঢ্য ব্যক্তিসকলক আকর্ষণ কৰিছে।

ডিজিটেল ডেস্ক: বিশ্বৰ সবাতোকৈ ধনী ৮৪জন ব্যক্তিয়ে আমেৰিকাৰ এখন ঠাইত আছুতীয়াকৈ বাস কৰিব। অতি ধনাঢ্য বিলিয়নেয়াৰসকলৰ বাবে আমেৰিকাৰ ফ্লৰিডাৰ মিয়ামিত এখন 'বিলিয়নেয়াৰ বাংকাৰ মুকলি কৰা হৈছে, য'ত মেটাৰ মুৰব্বী মার্ক জুকাৰবাৰ্গ আৰু তেওঁৰ পত্নী প্রিছচিলা চানে এমাজনৰ প্রতিষ্ঠাপক জেফ বেজ'ছৰ চুবুৰীয়া হ'ব। 'ইণ্ডিয়ান ক্রিক গাঁৱত' (বিলিয়নেয়াৰ বাংকাৰ বুলিও খ্যাত) জুকাৰবার্গে এটা বিলাসী ঘৰ ক্ৰয় কৰাৰ চিন্তা-চর্চা কৰি আছে। 


অতিমাত্রা গোপনীয়তা, অভেদ্য নিৰাপত্তা ব্যৱস্থাৰ বাবে 'ইণ্ডিয়ান ক্রিক গাঁৱে' বিশ্বৰ শীর্ষ ধনাঢ্য ব্যক্তিসকলক আকর্ষণ কৰিছে। ফ্লৰিডাৰ বিছকেইনী উপসাগৰত থকা ৩০০ একৰ ভূমিৰ এই মানৱসৃষ্ট দ্বীপটোৰ নাম হৈছে 'ইণ্ডিয়ান ক্রিক গাঁও', যিখনক 'বিলিয়নেয়াৰ বাংকাৰ বুলিও জনা যায়। এই আছুতীয়া দ্বীপটোত এখন স্বতন্ত্র পৌৰ নিগম আছে য'ত বিলিয়নেয়াৰসকলৰ ব্যক্তিগত আৰক্ষীয়ে ভূমি, আকাশ আৰু জলভাগত ২৪x৭ টহল দি থাকে। এই দ্বীপটোত ইজৰাইলী নিৰীক্ষণ ৰাডাৰ আছে আৰু দ্বীপটোৰ চাৰিওকাষে গোপন কেমেৰা স্থাপন কৰা হৈছে। 


দ্বীপটোত কেৱল ৪১টা আৱাসিক ঠাই আছে আৰু য'ত ৮৪জন বাসিন্দাই ঘৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা আছে। দ্বীপাটোত এখন অত্যাধুনিক গল্ফ খেলাৰ পথাৰো আছে। দ্বীপটোত বর্তমান এমাজনৰ প্রতিষ্ঠাপক জেফ বেজ'ছ, এ এফ এলৰ মুৰব্বী টম ব্রেডী, ড'নাল্ড ট্রাম্পৰ জীয়ৰী ইভাংকা ট্রাম্প, জাৰেদ কুশ্বনাৰ আৰু বিলিয়নেয়াৰ বিনিয়োগকাৰী কাৰ্ল আইকাহান আছে। ইতিমধ্যে মেটাৰ মুৰব্বী জুকাৰবার্গে ২০০ মিলিয়ন ডলাৰত দ্বীপটোত এটা অট্টালিকা ক্রয়ৰ পৰিকল্পনা কৰিছে। এপ্রিলৰ ভিতৰত জুকাৰবার্গ পত্নীসহ দ্বীপটোত প্রৱেশ কৰিব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ