--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
যাত্ৰা পথৰ প্ৰত্যাহ্বানবোৰৰ ওচৰত হাৰ নামানিলে    সফলতা অৰ্জন কৰিব পাৰি।  প্ৰতিজন ব্যক্তিৰ   সফলতাৰ আঁৰত আছে এই মন্ত্ৰ। আৰু আজি ক’বলৈ ওলাইছো  এগৰাকী যুঁজাৰু মহিলাৰ বিষয়ে৷ যি  হাজাৰ হাজাৰ বাধাৰ সন্মুখীন হোৱা স্বত্বেও নিজৰ লক্ষ্যৰ পৰা বিচলিত নহ’ল৷  আজি তেওঁৰেই জীৱন কাহিনীয়ে  অনুপ্ৰেৰণা যোগাইছে বহুতক। 

মহিলা গৰাকীৰ  নিলম মোহন৷ তেওঁ আই আই টি-এম বি এ পেছাদাৰী অমিত মোহনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷  বিবাহৰ সময়ত  তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ স্নাতক শিক্ষাৰ্থী আছিল। ২১ বছৰ বয়সত, নিলমে বিয়া হোৱাৰ পিছত তেওঁৰ স্বামীৰ সৈতে দিল্লীলৈ যাব লগা হৈছিল। ইফালে, নিলমৰ সৰুৰে পৰা নিজাকৈ কিবা এটা কৰাৰ বাবে আছিল দুৰ্বাৰ হেঁপাহ । সেইকাৰণে তেওঁ  ২২ বছৰ বয়সত "ফেশ্বন" নামৰ এটা কোম্পানী আৰম্ভ কৰে। 

পৰৱৰ্তী সময়ত, তেওঁ দিল্লীত  পুৰুষৰ পোছাক ডিজাইন কৰা কাম আৰম্ভ কৰে আৰু উত্তৰ প্ৰদেশ ৰপ্তানি নিগমৰ সৈতে সংযোজিত হয়। সেই সময়ত তেওঁ প্ৰতি মাহে মাত্ৰ তিনি হাজাৰ টকা দৰমহা লাভ কৰিছিল। 

  নিলমে তেওঁৰ বন্ধু হৰমিন্দৰ চালধিৰ সৈতে কিছু নতুন  পৰিকল্পনা হাতত লৈছিল৷  ১৯৮৩ চনত তেওঁ বন্ধু হৰমিন্দৰ আৰু সুশীল কুমাৰৰ সৈতে অপেৰা হাউচ প্ৰাইভেট লিমিটেড নামৰ এটা ষ্টাৰ্টআপ কোম্পানী আৰম্ভ কৰে। তাত তেওঁলোকে দিন-ৰাতিয়ে কাম  
 কৰিছিল।  এটা সময়ত, সেই কোম্পানীটোৰ টাৰ্ণঅ'ভাৰ ১৫ লাখ টকাতকৈও অধিক হৈছিল।

১৯৯১ চনত নিলমৰ বিবাহ বিচ্ছেদ হয়।সমান্তৰালভাৱে ব্যৱসায়িক  অংশীদাৰসকলৰ সৈতেও নিলমৰ মতভেদ সৃষ্টি হৈছিল। আনকি সেই সময়তেই নিলমে কোম্পানীটোত তেওঁৰ অংশটো ৩  কোটি টকাত বিক্ৰী কৰিব লগা হৈছিল।

জীৱনলৈ অহা প্ৰত্যাহ্বানবোৰে নিলমক স্পৰ্শ কৰিব পৰা নাছিল৷  মূৰ তুলি যুঁজি গৈছিল তেওঁ৷ আৰু আজি নিলমৰ কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্য্যৰ জৰিয়তে, তেওঁৰ কোম্পানীয়ে ১৩০ কোটি টকাৰ ব্যৱসায় চলাই আছে৷ নিলমৰ এই ব্যৱসায়িকক প্ৰতিষ্ঠানৰ কাৰ্যালয় নয়ডাত অৱস্থিত। তেওঁলোকৰ এটা কাৰখানাও আছে।   সকলোৰে আদৰ্শ হৈ পৰা নিলম কেৱল এগৰাকী ব্যৱসায়ীয়েই নহয়৷ সমাজৰ প্ৰতিও তেওঁৰ যথেষ্ট অৱদান আছে৷ তেওঁ  বৃদ্ধ লোক সকলক বাবে অত্যাধুনিক সুবিধা প্ৰদান কৰাৰ লক্ষ্যৰে ২০০৯ চনৰ পৰা জ্যেষ্ঠ নাগৰিকসকলৰ বাবে পঞ্চৱতী নামৰ এটা গৃহও নিৰ্মাণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ