--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাত্ৰ ৬ বছৰীয়া মহম্মদ ছিৰাজ ইতিমধ্যে ছ’চিয়েল মিডিয়াত চিনাকি মুখ। পাকিস্তানৰ কনিষ্ঠ ইউটিউবাৰ ছিৰাজ। ইউটিউবত তেওঁৰ অনুৰাগীৰ সংখ্যা ইতিমধ্যে ৭ লাখৰ ওচৰ চাপিছে। শেহতীয়াকৈ ছিৰাজে লাভ কৰিছে তেওঁৰ ৰূপালী প্লে বুটাম। সেই ভিডিঅ’টো ইণ্টাৰনেটতো ভাইৰেল হৈ পৰিছে।

যুৱক-যুৱতী হওক বা বুঢ়া দম্পতী হওক, বহুতে এতিয়া ইউটিউবক কেৰিয়াৰ হিচাপে বাছি লৈছে। একাংশ লোকেও ছ’চিয়েল মিডিয়াত স্বীকৃতি লাভ কৰাৰ আশাত এই কামৰ বিষয়ে চিন্তা কৰিছে। কিন্তু ৬ বছৰ বয়সত ইউটিউবত জনপ্ৰিয়তা অৰ্জন কৰা শিশুৰ সংখ্যা প্ৰায় নাই। কম বয়সতে নিজৰ সৰলতাৰে মানুহৰ হৃদয় জয় কৰিছে ছিৰাজে। তেওঁ নিজৰ পৰিয়াল, দৈনন্দিন জীৱন আৰু ওচৰ-চুবুৰীয়াৰ বিষয়ে vlog বনায়।

উত্তৰ পাকিস্তানৰ এখন চহৰ খাপলুৰ বাসিন্দা ছিৰাজ। এই চহৰখন পাহাৰেৰে আগুৰি আছে। ছিৰাজে তেওঁৰ দৈনিক vlog 'Siraj Village Vlog' চেনেলত শ্বেয়াৰ কৰে। হাতত ফোনটো লৈ ছিৰাজে গাঁওখন চাবলৈ ওলাই গ’ল। গাঁৱত ঘূৰি ফুৰোতে তেওঁ নিজৰ মোবাইলত বন্দী কৰি ৰাখে বিভিন্ন সৰু সৰু মুহূৰ্ত। কেতিয়াবা ভিডিঅ’টোত ভগ্নী মুস্কানকো লৈ আহে। ছিৰাজ-মুস্কানৰ দুষ্টামি, মিঠা ভিডিঅ’ই দৰ্শকৰ হৃদয় জয় কৰিছিল। ছিৰাজ এতিয়া পাকিস্তানৰ ‘ছুপাৰ ষ্টাৰ’। এই বয়সত তেওঁ ইউটিউবৰ পৰাও বিপুল পৰিমাণৰ ধন উপাৰ্জন কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক