--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাত্ৰ ৬ বছৰীয়া মহম্মদ ছিৰাজ ইতিমধ্যে ছ’চিয়েল মিডিয়াত চিনাকি মুখ। পাকিস্তানৰ কনিষ্ঠ ইউটিউবাৰ ছিৰাজ। ইউটিউবত তেওঁৰ অনুৰাগীৰ সংখ্যা ইতিমধ্যে ৭ লাখৰ ওচৰ চাপিছে। শেহতীয়াকৈ ছিৰাজে লাভ কৰিছে তেওঁৰ ৰূপালী প্লে বুটাম। সেই ভিডিঅ’টো ইণ্টাৰনেটতো ভাইৰেল হৈ পৰিছে।

যুৱক-যুৱতী হওক বা বুঢ়া দম্পতী হওক, বহুতে এতিয়া ইউটিউবক কেৰিয়াৰ হিচাপে বাছি লৈছে। একাংশ লোকেও ছ’চিয়েল মিডিয়াত স্বীকৃতি লাভ কৰাৰ আশাত এই কামৰ বিষয়ে চিন্তা কৰিছে। কিন্তু ৬ বছৰ বয়সত ইউটিউবত জনপ্ৰিয়তা অৰ্জন কৰা শিশুৰ সংখ্যা প্ৰায় নাই। কম বয়সতে নিজৰ সৰলতাৰে মানুহৰ হৃদয় জয় কৰিছে ছিৰাজে। তেওঁ নিজৰ পৰিয়াল, দৈনন্দিন জীৱন আৰু ওচৰ-চুবুৰীয়াৰ বিষয়ে vlog বনায়।

উত্তৰ পাকিস্তানৰ এখন চহৰ খাপলুৰ বাসিন্দা ছিৰাজ। এই চহৰখন পাহাৰেৰে আগুৰি আছে। ছিৰাজে তেওঁৰ দৈনিক vlog 'Siraj Village Vlog' চেনেলত শ্বেয়াৰ কৰে। হাতত ফোনটো লৈ ছিৰাজে গাঁওখন চাবলৈ ওলাই গ’ল। গাঁৱত ঘূৰি ফুৰোতে তেওঁ নিজৰ মোবাইলত বন্দী কৰি ৰাখে বিভিন্ন সৰু সৰু মুহূৰ্ত। কেতিয়াবা ভিডিঅ’টোত ভগ্নী মুস্কানকো লৈ আহে। ছিৰাজ-মুস্কানৰ দুষ্টামি, মিঠা ভিডিঅ’ই দৰ্শকৰ হৃদয় জয় কৰিছিল। ছিৰাজ এতিয়া পাকিস্তানৰ ‘ছুপাৰ ষ্টাৰ’। এই বয়সত তেওঁ ইউটিউবৰ পৰাও বিপুল পৰিমাণৰ ধন উপাৰ্জন কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন