--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ মুখামুখি হ’ব জ’ বাইডেন আৰু ড’নাল্ড ট্ৰাম্প। আমেৰিকাৰ ৰাষ্ট্রপতি নিৰ্বাচনত হ’ব বাইডেন-ট্ৰাম্পৰ যুঁজ। ২০২৪ৰ নৱেম্বৰত অনুষ্ঠিত হ’ব আমেৰিকাৰ ৰাষ্ট্রপতি নিৰ্বাচন। ডেমক্ৰেট দলৰ ৰাষ্ট্রপতি পদৰ প্ৰাৰ্থী হ’ব জ’ বাইডেন। ড’নাল্ড ট্ৰাম্প হ’ব ৰিপাব্লিকান দলৰ ৰাষ্ট্রপতি পদৰ প্ৰাৰ্থী। ইতিমধ্যে ৰাষ্ট্রপতি পদৰ প্ৰাৰ্থিত্বৰ বাবে জ’ বাইডেনে লাভ কৰিছে ২ হাজাৰ ১০৭ দলীয় সদস্যৰ সমৰ্থন। ট্ৰাম্পৰ পক্ষত ডেমক্ৰেট দলৰ ১ হাজাৰ ২২৮ সদস্যৰ ভোট। দুয়োগৰাকী প্ৰাৰ্থী লাভ কৰিলে প্ৰাৰ্থিত্বৰ বাবে প্ৰয়োজনীয় ভোট। ২০২১ৰ ৬ জানুৱাৰীত ৰাষ্ট্রপতি নিৰ্বাচন জয়ী হৈছিল জ’ বাইডেন। পৰাজয়ৰ পাছত নিৰ্বাচনত হেৰ-ফেৰৰ অভিযোগ তুলিছিল ট্ৰাম্পে। হাজাৰোধিক ট্ৰাম্প সমৰ্থকে আক্ৰমণ চলাইছিল সংসদ ভৱনত। ১ হাজাৰ ৩৫৮ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল মাৰ্কিন আৰক্ষীয়ে। এইবাৰ ট্ৰাম্পৰ ৰাষ্ট্রপতি পদৰ প্ৰাৰ্থিত্ব আছিল একপ্ৰকাৰ নিশ্চিত। প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত ট্ৰাম্পৰ প্ৰতিদ্বন্দ্বী আছিল  ভাৰতীয় মূলৰ ৰাজনীতিক নিকী হেলী। শেহতীয়াকৈ আমেৰিকাৰ ১৫ ৰাজ্যত ৰিপাব্লিকান আৰু ডেমক্ৰেট দলৰ ৰাষ্ট্রপতি পদৰ প্ৰাৰ্থীৰ বাবে  অনুষ্ঠিত হৈছিল নিৰ্বাচন। য’ত ১৫ ৰাজ্যত বাইডেন, ১৪ ৰাজ্যত জয়ী হৈছিল ট্ৰাম্প। দৰাচলতে আমেৰিকাত প্ৰাথমিক আৰু কৌকাছ ভোটিঙৰ জৰিয়তে নিৰ্বাচিত কৰা হয় ৰাষ্ট্রপতি পদৰ প্ৰাৰ্থী। দেশখনত প্ৰাথমিক নিৰ্বাচন অনুষ্ঠিত কৰে আমেৰিকাৰ প্ৰাদেশিক চৰকাৰসমূহে। 

আনহাতে. কৌকাছ ভোটিং অনুষ্ঠিত কৰে সংশ্লিষ্ট ৰাজনৈতিক দলে। আনহাতে, ৰাষ্ট্রুপতি পদৰ প্ৰাৰ্থী নিৰ্বাচিত হোৱাৰ পাছত ৩ পৰ্যায়ত অনুষ্ঠিত হয় আমেৰিকাৰ ৰাষ্ট্রপতি নিৰ্বাচন। প্ৰাথমিক নিৰ্বাচনৰ পাছত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত জনতাই বাছনি কৰে  দেশৰ সাংসদসকলক। আনহাতে, নিৰ্বাচিত সাংসদৰ ইলেক্টৰেল কলেজে নিৰ্বাচিত কৰে দেশৰ ৰাষ্ট্রপতিগৰাকীক। এতিয়া ২০২৪ত পুনৰ মুখামুখি হ’ব দুই ৰাজনৈতিক শত্ৰু ট্ৰাম্প আৰু বাইডেন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক