--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ মুখামুখি হ’ব জ’ বাইডেন আৰু ড’নাল্ড ট্ৰাম্প। আমেৰিকাৰ ৰাষ্ট্রপতি নিৰ্বাচনত হ’ব বাইডেন-ট্ৰাম্পৰ যুঁজ। ২০২৪ৰ নৱেম্বৰত অনুষ্ঠিত হ’ব আমেৰিকাৰ ৰাষ্ট্রপতি নিৰ্বাচন। ডেমক্ৰেট দলৰ ৰাষ্ট্রপতি পদৰ প্ৰাৰ্থী হ’ব জ’ বাইডেন। ড’নাল্ড ট্ৰাম্প হ’ব ৰিপাব্লিকান দলৰ ৰাষ্ট্রপতি পদৰ প্ৰাৰ্থী। ইতিমধ্যে ৰাষ্ট্রপতি পদৰ প্ৰাৰ্থিত্বৰ বাবে জ’ বাইডেনে লাভ কৰিছে ২ হাজাৰ ১০৭ দলীয় সদস্যৰ সমৰ্থন। ট্ৰাম্পৰ পক্ষত ডেমক্ৰেট দলৰ ১ হাজাৰ ২২৮ সদস্যৰ ভোট। দুয়োগৰাকী প্ৰাৰ্থী লাভ কৰিলে প্ৰাৰ্থিত্বৰ বাবে প্ৰয়োজনীয় ভোট। ২০২১ৰ ৬ জানুৱাৰীত ৰাষ্ট্রপতি নিৰ্বাচন জয়ী হৈছিল জ’ বাইডেন। পৰাজয়ৰ পাছত নিৰ্বাচনত হেৰ-ফেৰৰ অভিযোগ তুলিছিল ট্ৰাম্পে। হাজাৰোধিক ট্ৰাম্প সমৰ্থকে আক্ৰমণ চলাইছিল সংসদ ভৱনত। ১ হাজাৰ ৩৫৮ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল মাৰ্কিন আৰক্ষীয়ে। এইবাৰ ট্ৰাম্পৰ ৰাষ্ট্রপতি পদৰ প্ৰাৰ্থিত্ব আছিল একপ্ৰকাৰ নিশ্চিত। প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত ট্ৰাম্পৰ প্ৰতিদ্বন্দ্বী আছিল  ভাৰতীয় মূলৰ ৰাজনীতিক নিকী হেলী। শেহতীয়াকৈ আমেৰিকাৰ ১৫ ৰাজ্যত ৰিপাব্লিকান আৰু ডেমক্ৰেট দলৰ ৰাষ্ট্রপতি পদৰ প্ৰাৰ্থীৰ বাবে  অনুষ্ঠিত হৈছিল নিৰ্বাচন। য’ত ১৫ ৰাজ্যত বাইডেন, ১৪ ৰাজ্যত জয়ী হৈছিল ট্ৰাম্প। দৰাচলতে আমেৰিকাত প্ৰাথমিক আৰু কৌকাছ ভোটিঙৰ জৰিয়তে নিৰ্বাচিত কৰা হয় ৰাষ্ট্রপতি পদৰ প্ৰাৰ্থী। দেশখনত প্ৰাথমিক নিৰ্বাচন অনুষ্ঠিত কৰে আমেৰিকাৰ প্ৰাদেশিক চৰকাৰসমূহে। 

আনহাতে. কৌকাছ ভোটিং অনুষ্ঠিত কৰে সংশ্লিষ্ট ৰাজনৈতিক দলে। আনহাতে, ৰাষ্ট্রুপতি পদৰ প্ৰাৰ্থী নিৰ্বাচিত হোৱাৰ পাছত ৩ পৰ্যায়ত অনুষ্ঠিত হয় আমেৰিকাৰ ৰাষ্ট্রপতি নিৰ্বাচন। প্ৰাথমিক নিৰ্বাচনৰ পাছত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত জনতাই বাছনি কৰে  দেশৰ সাংসদসকলক। আনহাতে, নিৰ্বাচিত সাংসদৰ ইলেক্টৰেল কলেজে নিৰ্বাচিত কৰে দেশৰ ৰাষ্ট্রপতিগৰাকীক। এতিয়া ২০২৪ত পুনৰ মুখামুখি হ’ব দুই ৰাজনৈতিক শত্ৰু ট্ৰাম্প আৰু বাইডেন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন