--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু সময়ত মানুহে সৰু সৰু কথাবোৰক লৈয়ে সংঘৰ্ষত লিপ্ত হয়। স্থান, কাল, পাত্ৰ নোচোৱাকৈয়ে কেতিয়াবা মানুহে ইজনে সিজনৰ লগত কাজিয়া কৰে। শেহতীয়াকৈ বিশ্বৰ সৰ্বোচ্চ পৰ্বত মাউণ্ট এভাৰেষ্টত উপস্থিত হোৱা পৰ্যটকৰ মাজতো এনেধৰণৰ ঘটনা দেখিবলৈ পোৱা গল।

২৯,০৩০ ফুট অৰ্থাৎ ৮৮৪৮ মিটাৰ উচ্চতাত চলিল কাজিয়া তাকো ছেল্‌ফি তোলাক লৈ! এইটো বিশ্বাস কৰিব নোৱাৰা আৰু ধেমেলীয়া কথা যেন লাগিলেও এয়াই সঁচা। 

শেহতীয়াকৈ চীনৰ তিব্বত স্বায়ত্তশাসিত অঞ্চলত অৱস্থিত ৮৮৪৮ ভিউইং প্লেটফৰ্মত চীনৰ পৰ্যটকৰ দুটা ভিন্ন গোট উপস্থিত হোৱাৰ লগে লগে তেওঁলোকে এই ভ্ৰমণক স্মৰণীয় কৰি তুলিবলৈ ছেল্‌ফি লোৱাৰ সিদ্ধান্ত লয়। যেতিয়া তেওঁলোকৰ ট্যুৰ গাইডে তেওঁলোকক এভাৰেষ্ট উচ্চতা স্মৃতিসৌধৰ কাষত একেলগে ফটো তুলিবলৈ ক’লে, তেতিয়া দুয়োটা গোটে ছেল্‌ফিৰ বাবে সৰ্বোত্তম ঠাইৰ কথা পাতিবলৈ ধৰিলে।

প্ৰথমে এই ছেল্‌ফিক লৈ দুজন মানুহৰ মাজত তৰ্ক হৈছিল আৰু তাৰপাছত তেওঁলোকৰ মাজত চৰ, গোৰ, ঘোচা আদি চলে। বিষয়টো ২৫ জুনৰ। ভাইৰেল হোৱা ঘটনাৰ ভিডিঅ’টোত এগৰাকী মহিলাই দুয়োকে ৰখাই দিবলৈ চেষ্টা কৰিছে যদিও বিষয়টো গুৰুতৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। 

অৱশেষত এভাৰেষ্ট সীমান্ত আৰক্ষী শিবিৰৰ বিষয়াসকলে বিষয়টো হস্তক্ষেপ কৰি দুয়োকে পৃথক কৰে। এই হুলস্থুলৰ সৈতে জড়িত চাৰিজন লোকক অধিক তদন্তৰ বাবে জিম্মাত লোৱা হৈছে। সময়মতে এই কাৰ্য্যবিধিৰ বিষয়ে আপডেট দিয়াৰ প্ৰতিশ্ৰুতি দিছে বিষয়াসকলে।

আপোনালোকক জনাওঁ যে এপ্ৰিল মাহত চীনে মাউণ্ট এভাৰেষ্টৰ তিব্বতী অংশ পৰ্বতাৰোহীৰ বাবে পুনৰ মুকলি কৰাৰ খবৰ আহিছে। কৰোনাৰ পিছত প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছে। দুৰ্ভাগ্যজনকভাৱে ২৯,০৩২ ফুট উচ্চতাত অৱস্থিত বিশ্বৰ সৰ্বোচ্চ পৰ্বতটোত অতিমাত্ৰা ভিৰৰ সমস্যা বাঢ়িছে। যোৱা মাহত এই সমস্যাটো পুনৰ চৰ্চালৈ আহিছিল যেতিয়া এভাৰেষ্টৰ দুজন পৰ্বতাৰোহী নিৰুদ্দেশ হৈছিল আৰু এটা শিখৰ ভাঙি যোৱাৰ পিছত তেওঁলোকক মৃত বুলি ধৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক