--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু সময়ত মানুহে সৰু সৰু কথাবোৰক লৈয়ে সংঘৰ্ষত লিপ্ত হয়। স্থান, কাল, পাত্ৰ নোচোৱাকৈয়ে কেতিয়াবা মানুহে ইজনে সিজনৰ লগত কাজিয়া কৰে। শেহতীয়াকৈ বিশ্বৰ সৰ্বোচ্চ পৰ্বত মাউণ্ট এভাৰেষ্টত উপস্থিত হোৱা পৰ্যটকৰ মাজতো এনেধৰণৰ ঘটনা দেখিবলৈ পোৱা গল।

২৯,০৩০ ফুট অৰ্থাৎ ৮৮৪৮ মিটাৰ উচ্চতাত চলিল কাজিয়া তাকো ছেল্‌ফি তোলাক লৈ! এইটো বিশ্বাস কৰিব নোৱাৰা আৰু ধেমেলীয়া কথা যেন লাগিলেও এয়াই সঁচা। 

শেহতীয়াকৈ চীনৰ তিব্বত স্বায়ত্তশাসিত অঞ্চলত অৱস্থিত ৮৮৪৮ ভিউইং প্লেটফৰ্মত চীনৰ পৰ্যটকৰ দুটা ভিন্ন গোট উপস্থিত হোৱাৰ লগে লগে তেওঁলোকে এই ভ্ৰমণক স্মৰণীয় কৰি তুলিবলৈ ছেল্‌ফি লোৱাৰ সিদ্ধান্ত লয়। যেতিয়া তেওঁলোকৰ ট্যুৰ গাইডে তেওঁলোকক এভাৰেষ্ট উচ্চতা স্মৃতিসৌধৰ কাষত একেলগে ফটো তুলিবলৈ ক’লে, তেতিয়া দুয়োটা গোটে ছেল্‌ফিৰ বাবে সৰ্বোত্তম ঠাইৰ কথা পাতিবলৈ ধৰিলে।

প্ৰথমে এই ছেল্‌ফিক লৈ দুজন মানুহৰ মাজত তৰ্ক হৈছিল আৰু তাৰপাছত তেওঁলোকৰ মাজত চৰ, গোৰ, ঘোচা আদি চলে। বিষয়টো ২৫ জুনৰ। ভাইৰেল হোৱা ঘটনাৰ ভিডিঅ’টোত এগৰাকী মহিলাই দুয়োকে ৰখাই দিবলৈ চেষ্টা কৰিছে যদিও বিষয়টো গুৰুতৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। 

অৱশেষত এভাৰেষ্ট সীমান্ত আৰক্ষী শিবিৰৰ বিষয়াসকলে বিষয়টো হস্তক্ষেপ কৰি দুয়োকে পৃথক কৰে। এই হুলস্থুলৰ সৈতে জড়িত চাৰিজন লোকক অধিক তদন্তৰ বাবে জিম্মাত লোৱা হৈছে। সময়মতে এই কাৰ্য্যবিধিৰ বিষয়ে আপডেট দিয়াৰ প্ৰতিশ্ৰুতি দিছে বিষয়াসকলে।

আপোনালোকক জনাওঁ যে এপ্ৰিল মাহত চীনে মাউণ্ট এভাৰেষ্টৰ তিব্বতী অংশ পৰ্বতাৰোহীৰ বাবে পুনৰ মুকলি কৰাৰ খবৰ আহিছে। কৰোনাৰ পিছত প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছে। দুৰ্ভাগ্যজনকভাৱে ২৯,০৩২ ফুট উচ্চতাত অৱস্থিত বিশ্বৰ সৰ্বোচ্চ পৰ্বতটোত অতিমাত্ৰা ভিৰৰ সমস্যা বাঢ়িছে। যোৱা মাহত এই সমস্যাটো পুনৰ চৰ্চালৈ আহিছিল যেতিয়া এভাৰেষ্টৰ দুজন পৰ্বতাৰোহী নিৰুদ্দেশ হৈছিল আৰু এটা শিখৰ ভাঙি যোৱাৰ পিছত তেওঁলোকক মৃত বুলি ধৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি