--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰ বিজয়ৰ পিছত এইবাৰ সূৰ্য অভিযান আৰম্ভ কৰিলে ভাৰতে৷   চন্দ্ৰযান ৩-ৰ সফলতাৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ই শনিবাৰে লূৰ্য অভিমুখে প্ৰেৰণ কৰে  আদিত্য এল১ান৷ ইছৰ’ৰ  ইতিহাস নতুন নজিৰ সৃষ্টি কৰি আজি যান খনে সফলতাৰে সূৰ্য অভিমুখে যাত্ৰা কৰে৷  মহাকাশযানখন শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা দিনৰ ১১-৫০ বজাত এটা পিএছএলভি ৰকেটত মহাকাশলৈ  প্ৰেৰণ কৰা হয়৷ 

যান খনে  কমেও ১২৭ দিনৰ বাবে সূৰ্যৰ কক্ষপথৰ দিশে   আগবাঢ়িব। আদিত্য এল ১ য়ে এই সময়ছোৱাত ১৫ লাখ কিলোমিটাৰ অতিক্ৰম কৰিব। ইয়াৰ পিছতে যান খনে  সূৰ্যৰ উপবৃত্তাকাৰ কক্ষপথত উপনীত হ'ব। তাত উপস্থিত হোৱাৰ পিছত যান খনে  এল১  পইণ্টৰ পৰা সূৰ্যৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিব। মাধ্যাকৰ্ষণ, সূৰ্যৰ পোহৰৰ শক্তিকে ধৰি বিভিন্ন বিষয়ত যান খনে পৰীক্ষা কৰিব৷ উল্লেখ্য  এয়া হৈছে   প্ৰথম সূৰ্য  আধাৰিত ভাৰতীয় অভিযান । 




ইছৰোৰ মহাকাশযানখনে  পৃথিৱীৰ পৰা প্ৰায় ১.৫  নিযুত কিলোমিটাৰ দূৰত  থকা সূৰ্যৰ পৰা কিছু নিলগলৈ প্ৰেৰণ যাত্ৰা কৰিব ।   ইছৰোৱে যোৱা  ১৪ জুলাইত চন্দ্ৰযান-৩ অভিযান আৰম্ভ কৰিছিল।  চন্দ্ৰৰ দক্ষিণ ফালে ৰভাৰৰ অৱতৰণৰ লক্ষ্যৰে এই অভিযান চলোৱা হৈছে। 


আদিত্য এল১ মহাকাশযানখনে বিদ্যুত চুম্বকীয় কণা আৰু চুম্বকীয় ক্ষেত্ৰ ডিটেক্টৰ ব্যৱহাৰ কৰি আলোকমণ্ডল, ক্ৰমমণ্ডল আৰু সূৰ্যৰ আটাইতকৈ বাহিৰৰ স্তৰ (কৰোনা) পৰ্যবেক্ষণ কৰিবলৈ সাতটা পেলোড বহন কৰি নিছে। ইয়াৰে  চাৰিটা পেলোডে পোনপটীয়াকৈ সূৰ্যক পৰ্যবেক্ষণ কৰি যাব।  বাকী তিনিটা পেলোডে  বিদ্যুত চুম্বকীয় কণাৰ বিষয়ে অধ্যয়ন চলাব। এই যান খনে সৌৰ ধুমুহাৰ প্ৰভাৱৰ কথাও পৰ্যালোচনা কৰিব। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ