--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্কুললৈ নোযোৱা ল’ৰা-ছোৱালীৰ সন্ধানত শিক্ষকসকলে গাঁওখনলৈ গৈছিল। তেওঁলোকে অভিভাৱকসকলৰ পৰা জানিব বিচাৰে যে তেওঁলোকৰ সন্তানক কিয় স্কুলত ভৰ্তি কৰা নাই। শিক্ষকসকলে যেতিয়া মাকৰ লগত কথা পাতি আছিল, তেতিয়া ছয় বছৰীয়া এটি শিশুয়ে ভয় খালে যে এইবাৰ সি স্কুললৈ যাবই লাগিব! এই ভয়তে সি ঘৰৰ ওচৰৰ ডাঙৰ গছ এজোপাৰ ডালত উঠিল। পিতৃ-মাতৃ, শিক্ষকসকলে তাক গছৰ পৰা নমাই আনিবলৈ অশেষ কষ্ট কৰে৷ মঙলবাৰে তেলেংগানাৰ এখন গাঁৱত সংঘটিত হয় এই ঘটনা।

মণ্ডল পৰিষদ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে তেলেংগানাৰ কুমাৰভীম আছিফাবাহদ জিলাৰ দুৰ্গৱাৰা গাঁৱলৈ যায়। কৌশিক নামৰ ছবছৰীয়া ল’ৰা এটাৰ ঘৰলৈ গুচি গ’ল শিক্ষকসকল। সিহঁতক দেখাৰ লগে লগে কৌশিক বেলকনিৰ পৰা দৌৰি আহি ডাঙৰ গছ এজোপাৰ তলত থিয় হ’ল। শিক্ষকসকলে মাকৰ লগত কথা পাতি থকাৰ সময়তে শিশুটি গছত উঠি গ’ল।

কৌশিকে গছজোপাৰ ওপৰত বহি কয় যে ‘‘মই স্কুললৈ একেবাৰে নাযাওঁ’’। মাকে স্কুল কৰ্তৃপক্ষক কয় যে তেওঁ নিজৰ পুত্ৰক বহুবাৰ স্কুললৈ পঠিয়াব বিচাৰে। কিন্তু সি স্কুললৈ যাব খোজা নাই।

গছৰ ডালত বহি থাতে কৌশিক। শিক্ষকসকলে গছৰ তলৰ পৰাই বুজাবলৈ ধৰিলে। কৌশিকক কেৱল স্কুলতে পঢ়াই নহয় , বৰং খেলা-ধূলা কৰি তেওঁ বহুত শিকিব বুলি কোৱা হয়৷ তেতিয়া স্কুললৈ যোৱাটো বহুত মজা হ'ব - শিক্ষকৰ পৰা এনেবোৰ কথা শুনি গছৰ পৰা নামি আহে ছবছৰীয়া শিশুটি। ইতিমধ্যে বিদ্যালয়ৰ পঞ্জীত কৌশিকৰ নাম ওলাইছে। ঘৰলৈ ইউনিফৰ্ম আৰু পঢ়াৰ কিতাপ ডেলিভাৰী কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন