--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্কুললৈ নোযোৱা ল’ৰা-ছোৱালীৰ সন্ধানত শিক্ষকসকলে গাঁওখনলৈ গৈছিল। তেওঁলোকে অভিভাৱকসকলৰ পৰা জানিব বিচাৰে যে তেওঁলোকৰ সন্তানক কিয় স্কুলত ভৰ্তি কৰা নাই। শিক্ষকসকলে যেতিয়া মাকৰ লগত কথা পাতি আছিল, তেতিয়া ছয় বছৰীয়া এটি শিশুয়ে ভয় খালে যে এইবাৰ সি স্কুললৈ যাবই লাগিব! এই ভয়তে সি ঘৰৰ ওচৰৰ ডাঙৰ গছ এজোপাৰ ডালত উঠিল। পিতৃ-মাতৃ, শিক্ষকসকলে তাক গছৰ পৰা নমাই আনিবলৈ অশেষ কষ্ট কৰে৷ মঙলবাৰে তেলেংগানাৰ এখন গাঁৱত সংঘটিত হয় এই ঘটনা।

মণ্ডল পৰিষদ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে তেলেংগানাৰ কুমাৰভীম আছিফাবাহদ জিলাৰ দুৰ্গৱাৰা গাঁৱলৈ যায়। কৌশিক নামৰ ছবছৰীয়া ল’ৰা এটাৰ ঘৰলৈ গুচি গ’ল শিক্ষকসকল। সিহঁতক দেখাৰ লগে লগে কৌশিক বেলকনিৰ পৰা দৌৰি আহি ডাঙৰ গছ এজোপাৰ তলত থিয় হ’ল। শিক্ষকসকলে মাকৰ লগত কথা পাতি থকাৰ সময়তে শিশুটি গছত উঠি গ’ল।

কৌশিকে গছজোপাৰ ওপৰত বহি কয় যে ‘‘মই স্কুললৈ একেবাৰে নাযাওঁ’’। মাকে স্কুল কৰ্তৃপক্ষক কয় যে তেওঁ নিজৰ পুত্ৰক বহুবাৰ স্কুললৈ পঠিয়াব বিচাৰে। কিন্তু সি স্কুললৈ যাব খোজা নাই।

গছৰ ডালত বহি থাতে কৌশিক। শিক্ষকসকলে গছৰ তলৰ পৰাই বুজাবলৈ ধৰিলে। কৌশিকক কেৱল স্কুলতে পঢ়াই নহয় , বৰং খেলা-ধূলা কৰি তেওঁ বহুত শিকিব বুলি কোৱা হয়৷ তেতিয়া স্কুললৈ যোৱাটো বহুত মজা হ'ব - শিক্ষকৰ পৰা এনেবোৰ কথা শুনি গছৰ পৰা নামি আহে ছবছৰীয়া শিশুটি। ইতিমধ্যে বিদ্যালয়ৰ পঞ্জীত কৌশিকৰ নাম ওলাইছে। ঘৰলৈ ইউনিফৰ্ম আৰু পঢ়াৰ কিতাপ ডেলিভাৰী কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি