--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ চাহাৰনপুৰৰ বলিয়াখেড়িত কৃষক সন্দীপ চৌধাৰীৰ দুজোপা গছক লৈ চৰ্চা। আলোচনাৰ কাৰণ এইটোৱেই যে এই ‘মিয়াজাকি’ আমৰ দাম প্ৰতি কেজিত ২.৭০ লাখৰ পৰা ৩.৫০ লাখ টকা। জাপানৰ মিয়াজাকি বিশ্ববিদ্যালয়ত এই আম বিকশিত কৰা হৈছে। এই আমৰ জাপানী নাম ‘টাইও ন’ টামাংগো’, যাৰ অৰ্থ হৈছে ‘সূৰ্য্যৰ কণী’।

সন্দীপ চৌধুৰীয়ে মিয়াজাকি আমৰ দুজোপা গছ ৰোপণ কৰিছে। দুয়োজোপা গছত মাত্ৰ তিনিটা আম লাগিছে। এই আম বিক্ৰী কৰাৰ সলনি তেওঁ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক খুৱাব বিচাৰিছে। এই আম খাবলৈ অতি মিঠা আৰু ইয়াত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট, বিটা-কেৰটিন আৰু ফলিক এচিড থাকে। এইখিনি খালে কেন্সাৰৰ পৰা যথেষ্ট সকাহ পোৱা যায়।

কৃষক সন্দীপ চৌধুৰীয়ে জনোৱা মতে, ৯ মাহ পূৰ্বে তেওঁ কলকাতাৰ পৰা দুটা আমৰ পুলি আনিছিল, এজোপা গছৰ বাবে ৭৫০০ টকা দিছিল। তেওঁ দুয়োজোপা গছ নিজৰ জৈৱিক বাৰীত ৰোপণ কৰিছিল। গছজোপাৰ উচ্চতা মাত্ৰ ডেৰ-দুই-তিনি ফুট। এটা আমৰ ওজন হ’ব ৩০০ৰ পৰা ৩৫০ গ্ৰাম। আগষ্ট মাহত এই আম সম্পূৰ্ণৰূপে সাজু হ’ব।

সন্দীপ চৌধুৰীয়ে কয় যে তেওঁৰ পৰা আম কিনিবলৈও ফোন আহিছে। চুৰাটৰ বস্ত্ৰ ব্যৱসায়ী প্ৰবীণ গুপ্তাই অহৰহ ফোন কৰি এই আম ক্ৰয়ৰ ইচ্ছা প্ৰকাশ কৰি আছে। তেওঁ নিজে আম ছিঙাৰ কথাও কৈছে যদিও বিক্ৰী কৰিব খোজা নাই। তেওঁ গছৰ প্ৰথম ফল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক খুৱাব বিচাৰিছে।

কৃষকজনে জনোৱা মতে, আমবোৰ নিৰীক্ষণ কৰিবলৈ পিটিজেড চিচিটিভি স্থাপন কৰা হৈছে, ই ৩৬০ ডিগ্ৰী ঘূৰি থাকে। বাৰীলৈ কোনোবা আহিলে কেমেৰাটোৱে শব্দ কৰিবলৈ আৰম্ভ কৰে। সন্দীপৰ মোবাইলত তাৰ এলাৰ্ট বাজি উঠে। এই কেমেৰাটোত এটা চেন্সৰ আছে, যিটো সৌৰশক্তিৰ দ্বাৰা চলি থাকে। খেলপথাৰলৈ অহা ব্যক্তিজনৰ ফটোখন স্বয়ংক্ৰিয়ভাৱে চেভ হৈ যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন