--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ চাহাৰনপুৰৰ বলিয়াখেড়িত কৃষক সন্দীপ চৌধাৰীৰ দুজোপা গছক লৈ চৰ্চা। আলোচনাৰ কাৰণ এইটোৱেই যে এই ‘মিয়াজাকি’ আমৰ দাম প্ৰতি কেজিত ২.৭০ লাখৰ পৰা ৩.৫০ লাখ টকা। জাপানৰ মিয়াজাকি বিশ্ববিদ্যালয়ত এই আম বিকশিত কৰা হৈছে। এই আমৰ জাপানী নাম ‘টাইও ন’ টামাংগো’, যাৰ অৰ্থ হৈছে ‘সূৰ্য্যৰ কণী’।

সন্দীপ চৌধুৰীয়ে মিয়াজাকি আমৰ দুজোপা গছ ৰোপণ কৰিছে। দুয়োজোপা গছত মাত্ৰ তিনিটা আম লাগিছে। এই আম বিক্ৰী কৰাৰ সলনি তেওঁ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক খুৱাব বিচাৰিছে। এই আম খাবলৈ অতি মিঠা আৰু ইয়াত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট, বিটা-কেৰটিন আৰু ফলিক এচিড থাকে। এইখিনি খালে কেন্সাৰৰ পৰা যথেষ্ট সকাহ পোৱা যায়।

কৃষক সন্দীপ চৌধুৰীয়ে জনোৱা মতে, ৯ মাহ পূৰ্বে তেওঁ কলকাতাৰ পৰা দুটা আমৰ পুলি আনিছিল, এজোপা গছৰ বাবে ৭৫০০ টকা দিছিল। তেওঁ দুয়োজোপা গছ নিজৰ জৈৱিক বাৰীত ৰোপণ কৰিছিল। গছজোপাৰ উচ্চতা মাত্ৰ ডেৰ-দুই-তিনি ফুট। এটা আমৰ ওজন হ’ব ৩০০ৰ পৰা ৩৫০ গ্ৰাম। আগষ্ট মাহত এই আম সম্পূৰ্ণৰূপে সাজু হ’ব।

সন্দীপ চৌধুৰীয়ে কয় যে তেওঁৰ পৰা আম কিনিবলৈও ফোন আহিছে। চুৰাটৰ বস্ত্ৰ ব্যৱসায়ী প্ৰবীণ গুপ্তাই অহৰহ ফোন কৰি এই আম ক্ৰয়ৰ ইচ্ছা প্ৰকাশ কৰি আছে। তেওঁ নিজে আম ছিঙাৰ কথাও কৈছে যদিও বিক্ৰী কৰিব খোজা নাই। তেওঁ গছৰ প্ৰথম ফল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক খুৱাব বিচাৰিছে।

কৃষকজনে জনোৱা মতে, আমবোৰ নিৰীক্ষণ কৰিবলৈ পিটিজেড চিচিটিভি স্থাপন কৰা হৈছে, ই ৩৬০ ডিগ্ৰী ঘূৰি থাকে। বাৰীলৈ কোনোবা আহিলে কেমেৰাটোৱে শব্দ কৰিবলৈ আৰম্ভ কৰে। সন্দীপৰ মোবাইলত তাৰ এলাৰ্ট বাজি উঠে। এই কেমেৰাটোত এটা চেন্সৰ আছে, যিটো সৌৰশক্তিৰ দ্বাৰা চলি থাকে। খেলপথাৰলৈ অহা ব্যক্তিজনৰ ফটোখন স্বয়ংক্ৰিয়ভাৱে চেভ হৈ যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
প্ৰথমখন খেলতে চীনক ৪-৩ গ'লত পৰাজিত কৰে ভাৰতে
অতি সোনকালে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’বঃভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা
সীমান্তত শান্তি, পোনপটীয়া বিমান সেৱা, মানসৰোৱৰ যাত্ৰা... প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ ১০টা গুৰুত্বপূৰ্ণ কথা
সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত হোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিলে বায়ু সেনাই
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক