ডিজিটেল ডেস্কঃ ইজিপ্তৰ পিৰামিডৰ বিষয়ে বহুতো কাহিনী আৰু ৰহস্য যুগ যুগ ধৰি বিশ্বজুৰি প্ৰচাৰিত হৈ আহিছে। এই সন্দৰ্ভত বিশেষজ্ঞসকলৰ মাজত বিতৰ্কৰো অন্ত নাই। কোনো কোনোৱে পিৰামিডক কেৱল সমাধিস্থল বুলি গণ্য কৰিলেও আন কোনোৱে পিৰামিড নিৰ্মাণৰ আঁৰত ‘ৰহস্যজনক’ কাৰণ আছে বুলি বিশ্বাস কৰে। বহুতে পিৰামিডক ‘এলিয়েন কাণ্ড’ বুলিও গণ্য কৰে।
কিন্তু আপুনি জানেনে যে মিছৰৰ এজন শাসকে পিৰামিডসমূহ ধ্বংস কৰিব বিচাৰিছিল। মিচৰৰ সেই শাসকৰ নাম আছিল আল-আজিজ উছমান। ১১৯৩ চনৰ ৪ মাৰ্চৰ পৰা ১১৯৮ চনৰ ২৯ নৱেম্বৰলৈকে তেওঁ ইজিপ্তৰ শাসক আছিল। আয়ুবী বংশৰ দ্বিতীয় শাসক আছিল উছমান।
উছমানৰ পিতৃ চালাদিন আয়ুবী বংশৰ প্ৰতিষ্ঠাপক আছিল। ক্ৰুছেডাৰসকলক পশ্চিম এছিয়া দখল কৰাত বাধা আৰু পৰাস্ত কৰাত ছালাদিনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। চালাদিনৰ পুত্ৰ উছমানে এবাৰ মিচৰৰ সকলো পিৰামিড ধ্বংস কৰিবলৈ উঠি পৰি লাগিছিল।
কিন্তু উছমানে কিয় এই সিদ্ধান্ত লৈছিল? বিভিন্ন প্ৰাচীন তথ্য অনুসৰি উছমান আছিল অতি ধৰ্মপৰায়ণ ব্যক্তি। তেওঁৰ ধৰ্মৰ প্ৰতি আগ্ৰহৰ জন্ম হৈছিল তেওঁৰ শৈশৱৰ পৰা। মাত্ৰ ২২ বছৰ বয়সতে উছমান মিচৰৰ শাসক হৈছিল। তেওঁৰ ৰাজত্বকালত তেওঁ মিচৰৰ পিৰামিডসমূহ ধ্বংস কৰাৰ সিদ্ধান্ত লয়। উছমানে পিৰামিডৰ অস্তিত্বই ধৰ্মক উলংঘা কৰা বুলি বিশ্বাস কৰিছিল। আৰু সেইবাবেই তেওঁ পিৰামিডবোৰ ধ্বংস কৰাৰ নিৰ্দেশ দিলে।
ধ্বংসৰ বাবে প্ৰথমে গিজাৰ পিৰামিডসমূহ বাছি লোৱা হৈছিল। তেতিয়া গিজাৰ পিৰামিডবোৰক বৰ্তমানৰ দৰেই বিশ্বৰ অন্যতম শ্ৰেষ্ঠ আশ্চৰ্য্য বুলি গণ্য কৰা হৈছিল। গিজাৰ মূল তিনিটা পিৰামিডৰ ভিতৰত ‘মেনকাউৰেৰ পিৰামিড’ আটাইতকৈ সৰু। ফৰৌণ মেনকাউৰেৰ স্মৃতিত নিৰ্মিত এই পিৰামিডটো ইজিপ্তৰ গিজাত নীল নদীৰ পশ্চিম পাৰত অৱস্থিত।
ফৰৌণ মেনকাউৰে খ্ৰীষ্টপূৰ্ব ২৪৯০ চনৰ পৰা ২৪৭২ চনলৈকে মিচৰ শাসন কৰিছিল। তেওঁৰ মৃত্যুৰ পিছত খ্ৰীষ্টপূৰ্ব ২৫৩০ চনত এই পিৰামিড নিৰ্মাণ কৰা হয়। বিশ্বাস কৰা হয় যে এই পিৰামিড নিৰ্মাণত প্ৰায় ১০ বছৰ সময় লাগিছিল। মেনকাউৰ আছিল ফৰৌণ খাফৰৰ পুত্ৰ আৰু ফৰৌণ খুফুৰ নাতি। ফৰৌণ খুফুৱে গিজাৰ পিৰামিড নিৰ্মাণ কৰিছিল। মেনকাউৰে মিচৰৰ শাসক হিচাপে প্ৰায় ২০ বছৰ শাসন কৰিছিল।
গিজা পিৰামিডৰ ভিতৰত মেনকাউৰে পিৰামিড প্ৰথম ধ্বংসৰ পদক্ষেপ লোৱা হয়। পিৰামিড ধ্বংসৰ বাবে বৃহৎ সংখ্যক শ্ৰমিক নিয়োগ কৰা হৈছিল। শিল কঢ়িয়াব পৰা শ্ৰমিকক পৃথকে পৃথকে নিযুক্তি দিয়া হৈছিল। উছমানৰ কৰ্মীসকলে মেনকাউৰৰ পিৰামিড ধ্বংস কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আছিল। প্ৰায় আঠ মাহ ধৰি প্ৰতিদিনে পিৰামিডৰ শিল ধ্বংস কৰাৰ কাম চলি থাকিল।
শ্ৰমিকসকলে বিভিন্ন পদ্ধতিৰে পিৰামিডৰ শিলবোৰ তললৈ নমাই আনিছিল। কোনোৱে শিলবোৰ লৰচৰ কৰিবলৈ সঁজুলি ব্যৱহাৰ কৰি আছিল আৰু কোনোৱে শিলবোৰ ৰছীৰে তললৈ টানিবলৈ চেষ্টা কৰিছিল। কিন্তু এই কামত কোনো সফলতা নাপালে। পিৰামিডবোৰৰ শিলবোৰ আছিল বিশাল। তাৰ বাবেই পিৰামিডৰ প্ৰতিটো শিল পৃথকে পৃথকে ভাঙি পেলোৱাৰ প্ৰক্ৰিয়াটো আছিল বিৰক্তিকৰ। ইয়াৰ উপৰিও এই কামত বহুত খৰচ হৈছিল।
তাৰ উপৰিও পিৰামিডৰ কোনো গধুৰ শিল মাটিত পৰিলেই বালিত ডুব যায়। বালিৰ তলৰ পৰা শিলটো আকৌ তুলিবলৈ যথেষ্ট কষ্ট হয়। আঠটা দীঘলীয়া মাহ ধৰি বহু টকা খৰছ কৰাৰ পাছত উছমানে উপলব্ধি কৰিলে যে পিৰামিডবোৰ নিৰ্মাণ কৰিবলৈ যিমান খৰচ হ’লহেঁতেন, তাতকৈ বেছি খৰচ হ’ল পিৰামিডবোৰ ধ্বংস কৰিবলৈ।
উছমানে উপলব্ধি কৰিছিল যে প্ৰাচীন মিচৰীয়াসকলে ব্যৱহাৰ কৰা নিৰ্মাণ কৌশল ইমানেই উন্নত আছিল যে পিৰামিডবোৰ ভাঙিবলৈ অত্যন্ত কঠিন। আঠ মাহৰ পাছত নিজৰ ভুল উপলব্ধি কৰি উছমানে পিৰামিড ধ্বংস কৰাৰ পৰিকল্পনা পৰিত্যাগ কৰিলে। মেনকাউৰেৰ পিৰামিডত এতিয়াও এটা বৃহৎ উলম্ব কাটি পিৰামিড ধ্বংস কৰাৰ চেষ্টাৰ প্ৰমাণ হিচাপে দেখা যায়।