--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰ হাৱাইৰ পৰা বষ্টনলৈ যোৱা বিমানত ১৪ বছৰীয়া কিশোৰীৰ সন্মুখত হস্তমৈথুন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন ভাৰতীয় মূলৰ আমেৰিকান ডাক্তৰ৷ এটা টুইটত অফিচিয়েল এফ বি আই বষ্টন একাউণ্টে গ্ৰেপ্তাৰৰ বিষয়ে টুইট কৰি কয় যে তেওঁ যোৱা বছৰ হাৱাইৰ পৰা অহা বিমানত ১৪ বছৰীয়া কিশোৰীৰ সন্মুখত অশ্লীল কাম কৰিছিল। বষ্টনৰ ফেডাৰেল আদালতত প্ৰাৰম্ভিক হাজিৰ হোৱাৰ পিছত তেওঁক মুকলি কৰি দিয়া হৈছে। যদিহে দোষী সাব্যস্ত হয় তেন্তে তেওঁক ৯০ দিনৰ কাৰাদণ্ড আৰু তাৰ পিছত এবছৰৰ তত্বাৱধানত মুকলি কৰি দিয়া হ’ব আৰু ৫ হাজাৰ ডলাৰ পৰ্যন্ত জৰিমনা বিহা হ’ব।

বৃহস্পতিবাৰে বষ্টনৰ ফেডাৰেল আদালতত এই গোচৰত দাখিল কৰা শপতনামাত কোৱা হৈছে যে ২০২২ চনৰ ২৭ মে’ত হাৱাই এয়াৰলাইন্সৰ বিমানত উঠি ৩৩ বছৰীয়া আৰু মেছাচুচেটছৰ কেম্ব্ৰিজত বাস কৰা ডাঃ সুদীপ্ত মহান্তীয়ে অনুপযুক্ত আচৰণ কৰিছিল৷ হনোলুলুৰ পৰা বষ্টনলৈ যোৱাৰ সময়ত তেওঁ নিজকে উদঙাই দিছিল আৰু এগৰাকী নাবালিকাৰ ছোৱালীৰ উপস্থিতিত অনুচিত আচৰণ কৰিছিল৷

কিশোৰীগৰাকীয়ে অভিযোগ কৰে যে বিমানখনৰ প্ৰায় ৫ ঘণ্টাৰ পাছত মহান্তীয়ে নিজকে ডিঙিলৈকে কম্বলেৰে ঢাকি ৰাখিছিল৷ মহান্তীৰ ভৰিখন উঠা-নমা কৰা দেখিছিল। অলপ পিছতে কম্বলখন পিছলি গ’ল, মহন্তৰ পেণ্টৰ জিপ খোলা আছিল, ফলত যৌনাংগ উন্মুক্ত হৈ পৰিছিল। ছোৱালীজনীয়ে "বিতৃষ্ণা আৰু অতি অস্বস্তি" অনুভৱ কৰি তৎক্ষণাত বেলেগ আসনত বহিছিল।

বিমানখন বষ্টনত উপস্থিত হোৱাৰ পিছত নাবালিকাগৰাকীয়ে এই অস্থিৰ কাণ্ডৰ বিষয়ে পৰিয়ালক অৱগত কৰে, যাৰ ফলত আইন প্ৰয়োগকাৰী সংস্থা জড়িত হৈ পৰে। কৰ্তৃপক্ষই প্ৰতিবেদনত কোৱা হয় যে সোধা-পোছা কৰাত মহন্তই উত্তৰ দিলে, ‘সেই কথা সম্পৰ্কে মোৰ কোনো স্মৃতি নাই’৷ অভিযোগৰ নথি অনুসৰি মহান্তী বষ্টনত প্ৰেকটিছ থকা এজন আভ্যন্তৰীণ চিকিৎসা আৰু প্ৰাথমিক চিকিৎসাৰ চিকিৎসক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন