--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰ হাৱাইৰ পৰা বষ্টনলৈ যোৱা বিমানত ১৪ বছৰীয়া কিশোৰীৰ সন্মুখত হস্তমৈথুন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন ভাৰতীয় মূলৰ আমেৰিকান ডাক্তৰ৷ এটা টুইটত অফিচিয়েল এফ বি আই বষ্টন একাউণ্টে গ্ৰেপ্তাৰৰ বিষয়ে টুইট কৰি কয় যে তেওঁ যোৱা বছৰ হাৱাইৰ পৰা অহা বিমানত ১৪ বছৰীয়া কিশোৰীৰ সন্মুখত অশ্লীল কাম কৰিছিল। বষ্টনৰ ফেডাৰেল আদালতত প্ৰাৰম্ভিক হাজিৰ হোৱাৰ পিছত তেওঁক মুকলি কৰি দিয়া হৈছে। যদিহে দোষী সাব্যস্ত হয় তেন্তে তেওঁক ৯০ দিনৰ কাৰাদণ্ড আৰু তাৰ পিছত এবছৰৰ তত্বাৱধানত মুকলি কৰি দিয়া হ’ব আৰু ৫ হাজাৰ ডলাৰ পৰ্যন্ত জৰিমনা বিহা হ’ব।

বৃহস্পতিবাৰে বষ্টনৰ ফেডাৰেল আদালতত এই গোচৰত দাখিল কৰা শপতনামাত কোৱা হৈছে যে ২০২২ চনৰ ২৭ মে’ত হাৱাই এয়াৰলাইন্সৰ বিমানত উঠি ৩৩ বছৰীয়া আৰু মেছাচুচেটছৰ কেম্ব্ৰিজত বাস কৰা ডাঃ সুদীপ্ত মহান্তীয়ে অনুপযুক্ত আচৰণ কৰিছিল৷ হনোলুলুৰ পৰা বষ্টনলৈ যোৱাৰ সময়ত তেওঁ নিজকে উদঙাই দিছিল আৰু এগৰাকী নাবালিকাৰ ছোৱালীৰ উপস্থিতিত অনুচিত আচৰণ কৰিছিল৷

কিশোৰীগৰাকীয়ে অভিযোগ কৰে যে বিমানখনৰ প্ৰায় ৫ ঘণ্টাৰ পাছত মহান্তীয়ে নিজকে ডিঙিলৈকে কম্বলেৰে ঢাকি ৰাখিছিল৷ মহান্তীৰ ভৰিখন উঠা-নমা কৰা দেখিছিল। অলপ পিছতে কম্বলখন পিছলি গ’ল, মহন্তৰ পেণ্টৰ জিপ খোলা আছিল, ফলত যৌনাংগ উন্মুক্ত হৈ পৰিছিল। ছোৱালীজনীয়ে "বিতৃষ্ণা আৰু অতি অস্বস্তি" অনুভৱ কৰি তৎক্ষণাত বেলেগ আসনত বহিছিল।

বিমানখন বষ্টনত উপস্থিত হোৱাৰ পিছত নাবালিকাগৰাকীয়ে এই অস্থিৰ কাণ্ডৰ বিষয়ে পৰিয়ালক অৱগত কৰে, যাৰ ফলত আইন প্ৰয়োগকাৰী সংস্থা জড়িত হৈ পৰে। কৰ্তৃপক্ষই প্ৰতিবেদনত কোৱা হয় যে সোধা-পোছা কৰাত মহন্তই উত্তৰ দিলে, ‘সেই কথা সম্পৰ্কে মোৰ কোনো স্মৃতি নাই’৷ অভিযোগৰ নথি অনুসৰি মহান্তী বষ্টনত প্ৰেকটিছ থকা এজন আভ্যন্তৰীণ চিকিৎসা আৰু প্ৰাথমিক চিকিৎসাৰ চিকিৎসক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস