--°C
Loading...
Listen to Article
2 min read
80%

মৰিয়নিঃ আজি অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। মৰিয়নিত পুৱাৰেপৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। মৰিয়নি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে পুৱা ১১ বজাত ৬৯ নং কঁঠালগুৰি ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

আৰু পঢ়িব পাৰিব : ভিন্নস্থানত ইভিএমৰ বিসংগতি : ঘন্টাজুৰি অপেক্ষা প্ৰাৰ্থী-ভোটাৰ !

১০১নং মৰিয়নি সমষ্টিত এইবাৰ ১৭৩টা ভোটগ্ৰহণ কেন্দ্ৰত মুঠ ১,২২,১২৮জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। পুৱাৰেপৰা ভোটগ্ৰহণ কেন্দ্ৰটোত ভোটাৰৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে। মৰিয়নিত শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া অব্যাহত আছে যদিও ৬টা ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম বিকল হৈ পৰাৰ বাবে কিছু পলমকৈ ভোটগ্ৰহণ আৰম্ভ হয়।

আৰু পঢ়িব পাৰিব : প্ৰথম পৰ্যায়ৰ নিৰ্বাচন : আজি ভাগ্য নিৰ্ণয় হ’ব ২৬৪জন প্ৰাৰ্থীৰ

ইভিএম বিকল হোৱাৰ বাবে ইয়াৰে ৩৮নং খৰিকটীয়া কেন্দ্ৰত ২ঘণ্টা আৰু ৭৯নং নৱজ্যোতি কেন্দ্ৰ, ৩২ নং নতুনমাটি কেন্দ্ৰ, ৯৪ নং গন্ধিয়া কেন্দ্ৰ, ২৭৯ নং টেঙাবাৰী কেন্দ্ৰ, ৭১ নং দিহিঙীয়াপাৰ কেন্দ্ৰত প্ৰায় ১ ঘণ্টা পলমকৈ ভোটগ্ৰহণ অনুষ্ঠিত হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ