--°C
Loading...
Listen to Article
2 min read
80%

মৰিয়নিঃ আজি অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। মৰিয়নিত পুৱাৰেপৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। মৰিয়নি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে পুৱা ১১ বজাত ৬৯ নং কঁঠালগুৰি ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

আৰু পঢ়িব পাৰিব : ভিন্নস্থানত ইভিএমৰ বিসংগতি : ঘন্টাজুৰি অপেক্ষা প্ৰাৰ্থী-ভোটাৰ !

১০১নং মৰিয়নি সমষ্টিত এইবাৰ ১৭৩টা ভোটগ্ৰহণ কেন্দ্ৰত মুঠ ১,২২,১২৮জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। পুৱাৰেপৰা ভোটগ্ৰহণ কেন্দ্ৰটোত ভোটাৰৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে। মৰিয়নিত শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া অব্যাহত আছে যদিও ৬টা ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম বিকল হৈ পৰাৰ বাবে কিছু পলমকৈ ভোটগ্ৰহণ আৰম্ভ হয়।

আৰু পঢ়িব পাৰিব : প্ৰথম পৰ্যায়ৰ নিৰ্বাচন : আজি ভাগ্য নিৰ্ণয় হ’ব ২৬৪জন প্ৰাৰ্থীৰ

ইভিএম বিকল হোৱাৰ বাবে ইয়াৰে ৩৮নং খৰিকটীয়া কেন্দ্ৰত ২ঘণ্টা আৰু ৭৯নং নৱজ্যোতি কেন্দ্ৰ, ৩২ নং নতুনমাটি কেন্দ্ৰ, ৯৪ নং গন্ধিয়া কেন্দ্ৰ, ২৭৯ নং টেঙাবাৰী কেন্দ্ৰ, ৭১ নং দিহিঙীয়াপাৰ কেন্দ্ৰত প্ৰায় ১ ঘণ্টা পলমকৈ ভোটগ্ৰহণ অনুষ্ঠিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক