--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : দুৰ্বৃত্তৰ আক্ৰমণত আহত হোৱা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ চিকিৎসাধীন এখন আলোকচিত্ৰ প্ৰকাশ কৰিছে তেওঁৰ ভাগিন অভিষেক বেনাৰ্জীয়ে। বুধবাৰে নন্দীগ্ৰামত দুৰ্বৃত্তই তেওঁৰ ওপৰত আক্ৰমণ চলোৱা বুলি অভিযোগ কৰিছিল তৃণমূল কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে। চাৰি-পাঁচজন লোকে তেওঁক গাড়ীৰ ফালে থেলি দিয়াৰ লগতে জোৰকৈ দুৱাৰ বন্ধ কৰাৰ চেষ্টা কৰিছিল। ফলত ভৰিকে ধৰি শৰীৰৰ ভালেমান ঠাইত আঘাত পায় মুখ্যমন্ত্ৰীগৰাকীয়ে।

আৰু পঢ়িব পাৰিব : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ সাজু কংগ্ৰেছ, প্ৰাৰ্থী তালিকা প্ৰকাশ

অভিষেক বেনাৰ্জীয়ে টুইটযোগে প্ৰকাশ কৰা আলোকচিত্ৰখনত মমতা বেনাৰ্জীৰ ভৰিত বেণ্ডেজ বান্ধি থোৱা অৱস্থাত দেখা গৈছে। উল্লেখ্য যে, নন্দীগ্ৰামৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হ’ব মুখ্যমন্ত্ৰীগৰাকী। অভিষেক বেনাৰ্জীয়ে মমতাৰ চিকিৎসাধীন অৱস্থাৰ আলোকচিত্ৰ প্ৰকাশ কৰি বিজেপিক সমালোচনা কৰে। ইফালে, এই ঘটনাৰ পাছতে তৃণমূল কংগ্ৰেছৰ নেতৃত্বই আজি ৰাজ্যৰ নিৰ্বাচন আয়োগৰ বিষয়াবৰ্গৰ সৈতে আলোচনাত মিলিত হ’ব।

আৰু পঢ়িব পাৰিব : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দিব কেইবাজনো গুৰুত্বপূৰ্ণ প্ৰাৰ্থীয়ে !

ইতিমধ্যে ঘটনা সম্পৰ্কত নিৰ্বাচন আয়োগে ৰাজ্যৰ নিৰ্বাচনী বিষয়াৰ পৰা বিস্তৃত প্ৰতিবেদন বিচাৰিছে। কাইলৈ বিয়লি ৫বজাৰ ভিতৰত এই প্ৰতিবেদন বিচাৰিছে নিৰ্বাচন আয়োগে। মমতা বেনাৰ্জীৰ ওপৰত আক্ৰমণৰ ঘটনাই পশ্চিমবংগৰ ৰাজনীতিত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে। বিজেপিয়ে মমতা বেনাৰ্জীয়ে মিছা মতা বুলি অভিযোগ কৰিছে আৰু কোনেও তেওঁৰ ওপৰত আক্ৰমণ কৰা নাই বুলি দাবী কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ