--°C
Loading...
Listen to Article
2 min read
80%

কাণপুৰ : উত্তৰ প্ৰদেশৰ কাণপুৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। এগৰাকী ১৩বছৰীয়া কিশোৰীৰ দলবদ্ধ ধৰ্ষণ হোৱা বুলি অভিযোগ দাখিলৰ দুদিনৰ পাছতে কিশোৰীগৰাকীৰ পিতৃৰ আজি পুৱা পথ দুৰ্ঘটনাত মৃত্যু হয়। নিৰ্যাতিতা কিশোৰীগৰাকীৰ স্বাস্থ্যপৰীক্ষা কৰোঁৱাৰ বাবে হাস্পতাললৈ নিয়াৰ সময়ত হাস্পতালখনৰ বাহিৰতে ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হয় লোকজনৰ। মন কৰিবলগীয়া যে, এই দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ মূল অভিযুক্ত গোলু যাদৱৰ পিতৃয়ে উত্তৰ-প্ৰদেশ আৰক্ষীত উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত হৈ আছে।

আৰু পঢ়িব পাৰিব :কৃষক বিদ্ৰোহৰ কঁপনি হাৰিয়ানা চৰকাৰত, সলনি হ’ব সমীকৰণ!

কাণপুৰৰ পৰা ১০০ কিলোমিটাৰ আঁতৰৰ কানৌজ জিলাত লোকজন কৰ্মৰত হৈ আছে। নিৰ্যাতিতাৰ পৰিয়ালৰ লোকক দলবদ্ধ ধৰ্ষণৰ গোচৰ ৰুজু কৰাৰ দিনাৰে পৰা নিৰ্যাতনকাৰীৰ পৰিয়ালে নানা ধৰণে ভাবুকি দি অহা বুলি গুৰুতৰ অভিযোগ আনিছে নিৰ্যাতিতাৰ পৰিয়ালে। আৰক্ষীৰ লোকো এই কাণ্ডৰ সৈতে জড়িত থকা বুলি অভিযোগ কৰিছে পৰিয়ালটোৱে। ‘মোৰ পুত্ৰক হত্যা কৰা হৈছে আৰু আৰক্ষীৰ লোকে এই কামত সহযোগ কৰিছে।’- নিহত লোকজনৰ পিতৃয়ে শোকাকুল অৱস্থাৰে এই অভিযোগ আনে।

আৰু পঢ়িব পাৰিব :দেশৰ বয়োজ্যেষ্ঠতম : ১০৩বছৰীয়াই গ্ৰহণ কৰিলে ক’ভিড ভেকচিন

মঙলবাৰেও কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে তেওঁলোকক আৰক্ষীৰ ভয় দেখুৱাই ভাবুকি দিয়াৰ অভিযোগ আনিছিল। মূল অভিযুক্তজনৰ জ্যেষ্ঠ ভাতৃয়ে ‘মোৰ দেউতা এজন উপ-পৰিদৰ্শক, সাৱধান’- বুলি ভাবুকি দিছিল। তাৰ এদিনৰ পাছতে কন্যাৰ স্বাস্থ্যপৰীক্ষা কৰোঁৱাই চাহ খাবলৈ হাস্পতালৰ পৰা বাহিৰলৈ ওলাই অহা লোকজনক এখন ট্ৰাকে মহটিয়াই নিয়ে। কাণপুৰৰ শীৰ্ষ আৰক্ষী বিষয়া ডঃ প্ৰীতিন্দৰ সিঙে এই বিষয়ে প্ৰকাশ কৰিছে। হিন্দী চলচ্চিত্ৰৰ কাহিনীৰ দৰে ধৰ্ষিতাৰ পৰিয়ালৰ মুখ বন্ধ কৰিবলৈ এনে সন্দেহজনক ‘হত্যাকাণ্ড’ সংঘটিত কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ