--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃৰঙা গ্ৰহ মঙললৈ মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰেৰণ কৰা  কিউৰিঅ'চিটি ৰোভাৰ যান খনে শেহতীয়াকৈ মঙল গ্ৰহণৰ পৰাই পৃথিৱীৰ ছবি তুলিছে৷ মাৰ্কিন মহাকাশ গৱেষণা সংস্থাটোৱে যান খনে তোলা পৃথিৱীৰ সেই ছবি ছ’চিয়েল মিডিয়াত ৰাজহুৱা কৰিছে৷

মঙল গ্ৰহৰ পৰা কিউৰিঅ'চিটি ৰভাৰে লোৱা আমাৰ পৃথিৱীৰ ছবিখনে বহুতকে কৌতূহলী কৰি তুলিছে। এই মহা বিশ্বত আমাৰ পৃথিৱী খন তেনেই এটা সামান্য বিন্দুৰ দৰেই উপঙি আছে৷ সেই বিন্দুৰ ভিতৰতেই বাস কৰিছে কোটি কোটি লোকে, চলিছে গাড়ী-মটৰ, কল-কাৰখানা আদিও৷ 

যান খনে তোলা ছবিত পৃথিৱীক এটা বিন্দুৰ দৰেই দেখা গৈছে৷ 
নাছাই টুইটাৰত ৰভাৰে তোলা ফটোখন পোষ্ট কৰি কয়, "এই আশ্চৰ্যজনক ফটোখন মঙল গ্ৰহৰ পৰা তোলা হৈছিল। হয়, মঙল গ্ৰহ। আৰু সেই বিন্দুটোৱেই আমাৰ সকলোৰে প্ৰিয় পৃথিৱী। '


ফটোখন উদ্যোগপতি আনন্দ মহিন্দ্ৰাই পুনৰ টুইট কৰিছিল। তেওঁ টুইটত কয় , "এই ছবিখনে একমাত্ৰ নম্ৰতা শিকায়। '
উল্লেখ্য কিউৰিঅ'চিটি ৰোভাৰে ২০১৩ চনৰ  ৬ আগষ্টত মঙল গ্ৰহত অৱতৰণ কৰিছিল। তেতিয়াৰে পৰাই যান খনে পৃথিৱীলৈ ৰঙা গ্ৰহটো সম্পৰ্কে নানান অজানা তথ্য তথা ছবি প্ৰেৰণ কৰি আহিছে৷  

এইবাৰ  ৰোভাৰ যান খনে  ৰঙা গ্ৰহৰ মাটিৰ পৰা পৃথিৱীৰ ছবি প্ৰেৰণ কৰিলে। নাছাৰ মতে ছবিখন লোৱাৰ সময়ত পৃথিৱীৰ আৰু  ৰঙা গ্ৰহৰ মাজৰ  দূৰত্ব আছিল ১৬০ নিযুত কিলোমিটাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ