--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহ বিচ্ছেদৰ গোচৰত বিভিন্ন জটিলতা আহি পৰে। স্বামী-স্ত্ৰী, দুয়োপক্ষৰ ইজনে সিজনৰ ওপৰত বিভিন্ন দাবী আহে। কিন্তু শেহতীয়াকৈ নেট মিডিয়াত বিবাহ বিচ্ছেদৰ গোচৰক লৈ যথেষ্ট চৰ্চা হৈছে। সেই ক্ষেত্ৰত যুৱকজনে প্ৰাক্তন পত্নীৰ পৰা কিডনী ঘূৰাই বিচাৰিছিল।

ৰিচাৰ্ড বাটিষ্টাই তেওঁৰ প্ৰাক্তন পত্নী ডেনেলক তেওঁৰ কিডনী ঘূৰাই বিচাৰিছে। ৰিচাৰ্ডে ডেনেলে দিব নোৱাৰিলে ১২ কোটি টকাৰ ক্ষতিপূৰণৰ দাবী জনায়। ১৯৯০ চনত ৰিচাৰ্ড আৰু ডেনেলৰ বিবাহ হয়। তেওঁলোকৰ তিনিটা সন্তানো আছে। 

তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে কওঁতে ৰিচাৰ্ডে কয়, "মোৰ পত্নীৰ অসুস্থতাৰ বাবে আমাৰ মাজত দূৰত্বৰ সৃষ্টি হৈছিল। তেওঁৰ দুয়োটা বৃক্ক ক্ষতিগ্ৰস্ত হৈছিল। কিডনী ট্ৰান্সপ্লাণ্ট নহ’লে তেওঁৰ জীৱন বাচি নাথাকিলহেঁতেন। ২০০১ চনত মই তেওঁক বৃক্ক দিছিলো, অস্ত্ৰোপচাৰৰ পিছত তেওঁৰ শাৰীৰিক অৱস্থা সুস্থিৰ হৈ পৰিছিল। মই তেওঁক বৰ ভাল পাইছিলোঁ। তেওঁৰ প্ৰাণ ৰক্ষাৰ বাবেই এই সিদ্ধান্ত লৈছিলো। মই ভাবিছিলো মোৰ এই পদক্ষেপৰ পিছত আমাৰ সম্পৰ্কৰ তিক্ততাও আঁতৰি যাব। কিন্তু একো নহ’ল। ২০০৫ চনত মোৰ পত্নীয়ে মোৰ পৰা বিবাহ বিচ্ছেদ দাবী কৰিছিল।’’

ৰিচাৰ্ডে আদালতত কয় যে ডেনিয়েলৰ বিবাহ বহিৰ্ভূত প্ৰেম আছিল। তেওঁ ডেনিয়েলৰ পৰা বৃহৎ পৰিমাণৰ ধন দাবী কৰিছিল আৰু ধন নিদিলে কিডনি ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। ৰিচাৰ্ডৰ অধিবক্তাই কয় যে ৰিচাৰ্ডে কেৱল তেওঁৰ কিডনিৰ দামহে বিচাৰিছে।অৱশ্যে আদালতে কয় যে ৰিচাৰ্ডৰ কিডনীৰ দাবী অযুক্তিকৰ। সেই কিণ্ডীটো এতিয়া ডেনিয়েলৰ। কিডনি খালে তেওঁৰ মৃত্যু হ’ব পাৰে। গতিকে আদালতে গোচৰটো খাৰিজ কৰিলে। অৱশেষত ৰিচাৰ্ডে গোচৰটোত পৰাস্ত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক