--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ দেহৰ বাবে মৌ অতি উপকাৰী।  মৌ হৈছে মানৱ জাতিৰ বাবে প্ৰকৃতিৰ এক অনুপম উপহাৰ। ৰং বিৰঙী বিবিধ ফুলৰ পৰা ৰেণু কঢ়িয়াই আনি মৌ মাখিয়ে মৌ তৈয়াৰ কৰে। সঘনাই চৰ্দি কাহত ভুগি থকা সকলে মৌ তুলসী সেৱন কৰিলে সুফল পায়। পৰম্পৰাগত চিকিৎসা পদ্ধতিত বহুতো ৰোগৰ চিকিৎসাত মৌৰ ব্যৱহাৰ হয়। শিশুসকলৰ কফজনীত সমস্যাত আদা, তুলসীৰ ৰসৰ লগত মৌ মিহলাই খাবলৈ দিয়া হয়।
বৰ্তমান সময়ত স্বাস্থ্যসচেতন বহু লোকে চেনিৰ সলনি মৌ ব্যৱহাৰ কৰে। বিশেষকৈ ডায়েট প্লেনত থকা বহু লোকেই পুৱাই পুৱাই নেমুৰ ৰস আৰু মৌ মিহলি কুহুমীয়া পানীৰ সেৱন কৰে। সৌন্দৰ্য চৰ্চাতো মৌৰ ব্যৱহাৰ হয়।

আজিকালি সকলো বস্তুৱে ভেজাল হ'ল। এইক্ষেত্ৰত মৌও ভেজাল হ'ল। মৌ খাটি নে ভেজাল আপুনি ঘৰতে পৰীক্ষা কৰিব পাৰিব।

জানো আহক কিদৰে মৌ পৰীক্ষা কৰিব
 
১)ব্লটিং বা টিছু পেপাৰে মৌ শুহিলে সেই মৌ খাটি নহয়। ইয়াৰ বাবে টিছু পেপাৰত আপুনি মৌ দি চাব পাৰে। 

২)মৌত চেনীৰ দানা সৃষ্টি হ'লে সেই মৌ খাটি নহয়।


৩) গৰম পানীৰ জৰিয়তে মৌৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰি।  এগিলাচ গৰম পানী লৈ তাত এচামুচ মৌ দিব।  যদি মৌ গৈ গিলাচৰ তলত পানীৰ তলত বহি থাকে, তেন্তে জানি থওক যে আপোনাৰ মৌ বিশুদ্ধ। যদি মৌ পানীত সহজে দ্ৰৱীভূত হয়, তেন্তে ইয়াৰ অৰ্থ হ’ল মৌত মিশ্ৰিত হৈছে।

৪) ব্ৰেডৰ লগত মৌ পৰীক্ষা কৰিব পাৰি।  ইয়াৰ বাবে আপুনি ব্ৰেডৰ  ওপৰত মৌ দিব। যদি ব্ৰেড তিতি যায়, তেন্তে বুজিব যে মৌৰ লগত পানী মিহলোৱা হৈছে। মৌ বিশুদ্ধ হ'লে ব্ৰেড তিতি নাযায়।

৫) পানীত ভিনেগাৰ মিহলাই তাত মৌ এটোপাল দিলে, মৌত ফেন ওলোৱা দেখিলে বুজিব যে মৌ ভেজাল।

৬) বিশুদ্ধ মৌত বগা ফেন বা বুদবুদৰ দৰে দেখা যায়। । এইটো বিশুদ্ধ মৌৰ লক্ষণ।

৭) বিশুদ্ধ মৌত জুই লগালে জুই জ্বলি উঠে। যদি জ্বলি নাযায় তেন্তে বুজিব লাগিব যে মৌত কিবা বস্তু মিহলোৱা হৈছে। 

৮)কাপোৰৰ পৰা যদি মৌৰ দাগ সহজে উঠি যায় তেন্তে সেই মৌ ভেজাল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ