--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ দেহৰ বাবে মৌ অতি উপকাৰী।  মৌ হৈছে মানৱ জাতিৰ বাবে প্ৰকৃতিৰ এক অনুপম উপহাৰ। ৰং বিৰঙী বিবিধ ফুলৰ পৰা ৰেণু কঢ়িয়াই আনি মৌ মাখিয়ে মৌ তৈয়াৰ কৰে। সঘনাই চৰ্দি কাহত ভুগি থকা সকলে মৌ তুলসী সেৱন কৰিলে সুফল পায়। পৰম্পৰাগত চিকিৎসা পদ্ধতিত বহুতো ৰোগৰ চিকিৎসাত মৌৰ ব্যৱহাৰ হয়। শিশুসকলৰ কফজনীত সমস্যাত আদা, তুলসীৰ ৰসৰ লগত মৌ মিহলাই খাবলৈ দিয়া হয়।
বৰ্তমান সময়ত স্বাস্থ্যসচেতন বহু লোকে চেনিৰ সলনি মৌ ব্যৱহাৰ কৰে। বিশেষকৈ ডায়েট প্লেনত থকা বহু লোকেই পুৱাই পুৱাই নেমুৰ ৰস আৰু মৌ মিহলি কুহুমীয়া পানীৰ সেৱন কৰে। সৌন্দৰ্য চৰ্চাতো মৌৰ ব্যৱহাৰ হয়।

আজিকালি সকলো বস্তুৱে ভেজাল হ'ল। এইক্ষেত্ৰত মৌও ভেজাল হ'ল। মৌ খাটি নে ভেজাল আপুনি ঘৰতে পৰীক্ষা কৰিব পাৰিব।

জানো আহক কিদৰে মৌ পৰীক্ষা কৰিব
 
১)ব্লটিং বা টিছু পেপাৰে মৌ শুহিলে সেই মৌ খাটি নহয়। ইয়াৰ বাবে টিছু পেপাৰত আপুনি মৌ দি চাব পাৰে। 

২)মৌত চেনীৰ দানা সৃষ্টি হ'লে সেই মৌ খাটি নহয়।


৩) গৰম পানীৰ জৰিয়তে মৌৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰি।  এগিলাচ গৰম পানী লৈ তাত এচামুচ মৌ দিব।  যদি মৌ গৈ গিলাচৰ তলত পানীৰ তলত বহি থাকে, তেন্তে জানি থওক যে আপোনাৰ মৌ বিশুদ্ধ। যদি মৌ পানীত সহজে দ্ৰৱীভূত হয়, তেন্তে ইয়াৰ অৰ্থ হ’ল মৌত মিশ্ৰিত হৈছে।

৪) ব্ৰেডৰ লগত মৌ পৰীক্ষা কৰিব পাৰি।  ইয়াৰ বাবে আপুনি ব্ৰেডৰ  ওপৰত মৌ দিব। যদি ব্ৰেড তিতি যায়, তেন্তে বুজিব যে মৌৰ লগত পানী মিহলোৱা হৈছে। মৌ বিশুদ্ধ হ'লে ব্ৰেড তিতি নাযায়।

৫) পানীত ভিনেগাৰ মিহলাই তাত মৌ এটোপাল দিলে, মৌত ফেন ওলোৱা দেখিলে বুজিব যে মৌ ভেজাল।

৬) বিশুদ্ধ মৌত বগা ফেন বা বুদবুদৰ দৰে দেখা যায়। । এইটো বিশুদ্ধ মৌৰ লক্ষণ।

৭) বিশুদ্ধ মৌত জুই লগালে জুই জ্বলি উঠে। যদি জ্বলি নাযায় তেন্তে বুজিব লাগিব যে মৌত কিবা বস্তু মিহলোৱা হৈছে। 

৮)কাপোৰৰ পৰা যদি মৌৰ দাগ সহজে উঠি যায় তেন্তে সেই মৌ ভেজাল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু