--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২২ মাৰ্চৰ নিশা মস্কোৰ উপকণ্ঠীয় অঞ্চলত সন্ত্ৰাসবাদীৰ ভয়ংকৰ কূটাঘাত সংঘটিত হোৱাৰ পাছত বিশ্বজুৰি চাঞ্চল্য অব্যাহত আছে। ৰাছিয়াৰ ৰাজধানী মস্কোৰ উপকণ্ঠীয় অঞ্চলত থকা ক্ৰোকছ চিটী হলত ৪ সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনাত এতিয়ালৈকে মৃত্যু হৈছে ১৫০ৰো অধিক লোকৰ। ইতিমধ্যে ঘটনাৰ সৈতে জড়িত ১১ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে ৰাছিয়াৰ স্পেচিয়েল ফ’ৰ্চে। যাৰ ভিতৰত আটাইকেইটা ঘাতককে গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা কৰিছে আৰৰক্ষীয়ে। ৰুছ–ইউক্ৰেইন সীমান্তৰ পৰা সন্ত্ৰাসবাদীকেইটাক গ্ৰেপ্তাৰ কৰাৰ কথা পোহৰলৈ আহিছে। আনহাতে, আন ৭ সহায়কাৰীকো গ্ৰেপ্তাৰ আৰক্ষীৰ। সন্ত্ৰাসবাদী কেইটাৰ বাবে আগতীয়াকৈয়ে প্ৰেক্ষাগৃহটোত অস্ত্ৰ–শস্ত্ৰ ৰাখি থৈছিল এইকেইটা অভিযুক্তই। আজি সমগ্ৰ ৰাছিয়াতে পালন কৰা হৈছে ৰাষ্ট্রীয় শোকৰ। ঘটনাৰ সময়ত প্ৰেক্ষাগৃহটোত চলি আছিল এক সংগীতানুষ্ঠান। তেনে সময়তে ঘাতকৰ দলটোৱে প্ৰৱেশ কৰি দৰ্শকসকলৰ ওপৰত সংঘটিত কৰিছিল নিৰ্বিচাৰ গুলীচালনা। ইতিমধ্যে, এই সন্দৰ্ভত পোহৰলৈ আহিছে এক ৯০ ছেকেণ্ডৰ শিহৰণকাৰী ভিডিঅ’। সন্ত্ৰাসবাদীকেইটাৰ পোছাকত লগাই থোৱা কেমেৰাৰ জৰিয়তে ৰেকৰ্ড কৰা হৈছিল গুলীবৰ্ষণৰ দৃশ্য।

এই ঘটনাত ডেৰ শতাধিক লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছিল ১৪০ জন লোক। কুখ্যাত সন্ত্ৰাসবাদী সংগঠন ISISৰ খোড়াচান গোটে দায়িত্ব স্বীকাৰ কৰিছিল এই ঘটনাৰ। কিন্তু ISIS-Kই এই দায়িত্ব স্বীকাৰ কৰিলেও সমগ্ৰ ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। এই ঘটনাৰ আঁৰত থকা ঘাতকৰ প্ৰকৃত পৰিচয়ক লৈ উঠিছে প্ৰশ্ন। 

কিয়নো, ISISৰ পৰিৱৰ্তে ৰাছিয়াই বাৰে বাৰে এই ঘটনাৰ সৈতে ইউক্ৰেইনৰ হাত থকাৰ কথা উল্লেখ কৰি আহিছে। ঘটনাৰ পাছতে সন্ত্ৰাসবাদীৰ দলটোৱে ইউক্ৰেইন অভিমুখে পলায়ন কৰাৰ দাবী কৰি আহিছে ৰাছিয়াই। ইপিনে, বহু বিদেশী বিশেষজ্ঞই এই ঘটনাৰ আঁৰত ISISৰ হাত থকা দাবীক লৈ প্ৰকাশ কৰিছে সন্দেহ। 

তাৰ বিপৰীতে ঘটনাৰ আঁৰত খোদ ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনৰ হাত থকাৰ সন্দেহ প্ৰকাশ কৰিছে বিদেশী বিশেষজ্ঞ তথা চোৰাংচোৱা সংস্থাই। কিয়নো  ঘটনাৰ পূৰ্বে মাৰ্কিন যুক্তৰাষ্ট্রই দিয়া সতৰ্কবাণী আওকান কৰিছিল পুটিন চৰকাৰে। 

আনহাতে, ঘটনাত ISISৰ নাম জড়িত হৈ পৰিলে আটাইতকৈ লাভৱান হ’ব ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিন। কিয়নো, সমগ্ৰ বিশ্বৰে সহানুভূতি আদায় কৰিবলৈ সক্ষম হ’ব পুটিনৰ ৰাছিয়াই। যাৰ জৰিয়তে নিজৰ একনায়ক ভাৱমূৰ্তিক আঁতৰোৱাৰ বাবে এনেদৰে ভয়ংকৰ ঘটনা সংঘটিত কৰাৰ আঙুলি উঠিছে পুটিনৰ বিৰুদ্ধে। অৱশ্যে এই ক্ষেত্ৰত প্ৰকৃত সত্য কি, প্ৰকৃত ঘাতক কোন সেয়া পৰৱৰ্তী সময়ত নিশ্চিতভাৱে আহিব পোহৰলৈ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ