--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২২ মাৰ্চৰ নিশা মস্কোৰ উপকণ্ঠীয় অঞ্চলত সন্ত্ৰাসবাদীৰ ভয়ংকৰ কূটাঘাত সংঘটিত হোৱাৰ পাছত বিশ্বজুৰি চাঞ্চল্য অব্যাহত আছে। ৰাছিয়াৰ ৰাজধানী মস্কোৰ উপকণ্ঠীয় অঞ্চলত থকা ক্ৰোকছ চিটী হলত ৪ সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনাত এতিয়ালৈকে মৃত্যু হৈছে ১৫০ৰো অধিক লোকৰ। ইতিমধ্যে ঘটনাৰ সৈতে জড়িত ১১ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে ৰাছিয়াৰ স্পেচিয়েল ফ’ৰ্চে। যাৰ ভিতৰত আটাইকেইটা ঘাতককে গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা কৰিছে আৰৰক্ষীয়ে। ৰুছ–ইউক্ৰেইন সীমান্তৰ পৰা সন্ত্ৰাসবাদীকেইটাক গ্ৰেপ্তাৰ কৰাৰ কথা পোহৰলৈ আহিছে। আনহাতে, আন ৭ সহায়কাৰীকো গ্ৰেপ্তাৰ আৰক্ষীৰ। সন্ত্ৰাসবাদী কেইটাৰ বাবে আগতীয়াকৈয়ে প্ৰেক্ষাগৃহটোত অস্ত্ৰ–শস্ত্ৰ ৰাখি থৈছিল এইকেইটা অভিযুক্তই। আজি সমগ্ৰ ৰাছিয়াতে পালন কৰা হৈছে ৰাষ্ট্রীয় শোকৰ। ঘটনাৰ সময়ত প্ৰেক্ষাগৃহটোত চলি আছিল এক সংগীতানুষ্ঠান। তেনে সময়তে ঘাতকৰ দলটোৱে প্ৰৱেশ কৰি দৰ্শকসকলৰ ওপৰত সংঘটিত কৰিছিল নিৰ্বিচাৰ গুলীচালনা। ইতিমধ্যে, এই সন্দৰ্ভত পোহৰলৈ আহিছে এক ৯০ ছেকেণ্ডৰ শিহৰণকাৰী ভিডিঅ’। সন্ত্ৰাসবাদীকেইটাৰ পোছাকত লগাই থোৱা কেমেৰাৰ জৰিয়তে ৰেকৰ্ড কৰা হৈছিল গুলীবৰ্ষণৰ দৃশ্য।

এই ঘটনাত ডেৰ শতাধিক লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছিল ১৪০ জন লোক। কুখ্যাত সন্ত্ৰাসবাদী সংগঠন ISISৰ খোড়াচান গোটে দায়িত্ব স্বীকাৰ কৰিছিল এই ঘটনাৰ। কিন্তু ISIS-Kই এই দায়িত্ব স্বীকাৰ কৰিলেও সমগ্ৰ ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। এই ঘটনাৰ আঁৰত থকা ঘাতকৰ প্ৰকৃত পৰিচয়ক লৈ উঠিছে প্ৰশ্ন। 

কিয়নো, ISISৰ পৰিৱৰ্তে ৰাছিয়াই বাৰে বাৰে এই ঘটনাৰ সৈতে ইউক্ৰেইনৰ হাত থকাৰ কথা উল্লেখ কৰি আহিছে। ঘটনাৰ পাছতে সন্ত্ৰাসবাদীৰ দলটোৱে ইউক্ৰেইন অভিমুখে পলায়ন কৰাৰ দাবী কৰি আহিছে ৰাছিয়াই। ইপিনে, বহু বিদেশী বিশেষজ্ঞই এই ঘটনাৰ আঁৰত ISISৰ হাত থকা দাবীক লৈ প্ৰকাশ কৰিছে সন্দেহ। 

তাৰ বিপৰীতে ঘটনাৰ আঁৰত খোদ ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনৰ হাত থকাৰ সন্দেহ প্ৰকাশ কৰিছে বিদেশী বিশেষজ্ঞ তথা চোৰাংচোৱা সংস্থাই। কিয়নো  ঘটনাৰ পূৰ্বে মাৰ্কিন যুক্তৰাষ্ট্রই দিয়া সতৰ্কবাণী আওকান কৰিছিল পুটিন চৰকাৰে। 

আনহাতে, ঘটনাত ISISৰ নাম জড়িত হৈ পৰিলে আটাইতকৈ লাভৱান হ’ব ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিন। কিয়নো, সমগ্ৰ বিশ্বৰে সহানুভূতি আদায় কৰিবলৈ সক্ষম হ’ব পুটিনৰ ৰাছিয়াই। যাৰ জৰিয়তে নিজৰ একনায়ক ভাৱমূৰ্তিক আঁতৰোৱাৰ বাবে এনেদৰে ভয়ংকৰ ঘটনা সংঘটিত কৰাৰ আঙুলি উঠিছে পুটিনৰ বিৰুদ্ধে। অৱশ্যে এই ক্ষেত্ৰত প্ৰকৃত সত্য কি, প্ৰকৃত ঘাতক কোন সেয়া পৰৱৰ্তী সময়ত নিশ্চিতভাৱে আহিব পোহৰলৈ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক