--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এটা পথ দুৰ্ঘটনাত অকালতে হেৰাই গ’ল এগৰাকী ভাৰতীয় ছাত্ৰী৷ ছাত্ৰীগৰাকী পিএইচডি গৱেষণা কৰি আছিল লণ্ডনত৷ যোৱা সপ্তাহত মধ্য লণ্ডনত থকা তেওঁৰ ঘৰলৈ চাইকেল চলাই যাওঁতে এখন ট্ৰাকৰ খুন্দাক ৩৩ বছৰীয়া ভাৰতীয় গৱেষকগৰাকীৰ দুৰ্ঘটনাত মৃত্যু হয়। 

পূৰ্বে নিটি আয়োগত কাম কৰা চেইস্থা কোছাৰে লণ্ডন স্কুল অব্ ইকনমিক্সৰ পৰা বিহেভিয়াৰেল চায়েন্সত পিএইচডি কৰি আছিল।
চেইস্থা কোছাৰ চেলুলাৰ অপাৰেটৰ এছ'চিয়েচন অৱ ইণ্ডিয়াৰ সঞ্চালকপ্ৰধান অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ড° এছ পি কোছাৰৰ কন্যা আছিল।

লিংকডইনত এক আৱেগিক পোষ্টত পিতৃয়ে কৈছিল যে তেওঁ এতিয়াও লণ্ডনত আছে৷ আৰু তেওঁৰ ছোৱালী চেইস্থা কোছাৰৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছে৷

তেওঁ লিখিছিল, ১৯ মাৰ্চত এলএছইৰ পৰা চাইকেল চলাই যাওঁতে চেইস্থাক এখন ট্ৰাকে খুন্দা মাৰিছিল৷ এই ঘটনাটোৱে আমাক আৰু চেইস্থাৰ বন্ধুবৰ্গক মানসিকভাবে জুৰুলা কৰি পেলাইছে।
.
দ্য লণ্ডন ইভিনিং ষ্টেণ্ডাৰ্ড অনুসৰি, ঘটনাটো ১৯ মাৰ্চৰ নিশা প্ৰায় ৮.৩০ বজাত (স্থানীয় সময়অনুসৰি) সংঘটিত হৈছিল। দুৰ্ঘটনাটোৰ পাছত ফাৰিংডন আৰু ক্লাৰ্কেনৱেলৰ মাজৰ ঘটনাস্থলীলৈ আৰক্ষী আৰু পেৰামেডিক্সক মাতি অনা হৈছিল আৰু চেইস্থা কোছাৰক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত পোৱা গৈছিল।

মেট্ৰ'পলিটান পুলিচৰ উদ্ধৃতি দি লণ্ডন ইভিনিং ষ্টেণ্ডাৰ্ডে জনাইছে যে জৰুৰীকালীন সেৱাৰ প্ৰচেষ্টা সত্বেও ঘটনাস্থলীতে ৩৩ বছৰীয়া যুৱতীগৰাকীৰ মৃত্যু হয়।

ট্ৰাকৰ চালকজন ঘটনাস্থলীত ৰৈছিল আৰু বৰ্তমান আৰক্ষীক অনুসন্ধানত সহায় কৰি আছে৷
গোচৰটোত এতিয়ালৈকে কোনো গ্ৰেপ্তাৰ কৰা হোৱা নাই।
আৰক্ষী বিষয়াসকলে সংঘৰ্ষৰ সাক্ষীসকলক আগবাঢ়ি আহিবলৈ বা যাৰ ওচৰত যোগাযোগ কৰিবলৈ কি ঘটিছিল তাৰ ডেচকেম ফুটেজ আছে সেয়া আৰক্ষীক দিবলৈ আহ্বান জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ