--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এটা পথ দুৰ্ঘটনাত অকালতে হেৰাই গ’ল এগৰাকী ভাৰতীয় ছাত্ৰী৷ ছাত্ৰীগৰাকী পিএইচডি গৱেষণা কৰি আছিল লণ্ডনত৷ যোৱা সপ্তাহত মধ্য লণ্ডনত থকা তেওঁৰ ঘৰলৈ চাইকেল চলাই যাওঁতে এখন ট্ৰাকৰ খুন্দাক ৩৩ বছৰীয়া ভাৰতীয় গৱেষকগৰাকীৰ দুৰ্ঘটনাত মৃত্যু হয়। 

পূৰ্বে নিটি আয়োগত কাম কৰা চেইস্থা কোছাৰে লণ্ডন স্কুল অব্ ইকনমিক্সৰ পৰা বিহেভিয়াৰেল চায়েন্সত পিএইচডি কৰি আছিল।
চেইস্থা কোছাৰ চেলুলাৰ অপাৰেটৰ এছ'চিয়েচন অৱ ইণ্ডিয়াৰ সঞ্চালকপ্ৰধান অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ড° এছ পি কোছাৰৰ কন্যা আছিল।

লিংকডইনত এক আৱেগিক পোষ্টত পিতৃয়ে কৈছিল যে তেওঁ এতিয়াও লণ্ডনত আছে৷ আৰু তেওঁৰ ছোৱালী চেইস্থা কোছাৰৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছে৷

তেওঁ লিখিছিল, ১৯ মাৰ্চত এলএছইৰ পৰা চাইকেল চলাই যাওঁতে চেইস্থাক এখন ট্ৰাকে খুন্দা মাৰিছিল৷ এই ঘটনাটোৱে আমাক আৰু চেইস্থাৰ বন্ধুবৰ্গক মানসিকভাবে জুৰুলা কৰি পেলাইছে।
.
দ্য লণ্ডন ইভিনিং ষ্টেণ্ডাৰ্ড অনুসৰি, ঘটনাটো ১৯ মাৰ্চৰ নিশা প্ৰায় ৮.৩০ বজাত (স্থানীয় সময়অনুসৰি) সংঘটিত হৈছিল। দুৰ্ঘটনাটোৰ পাছত ফাৰিংডন আৰু ক্লাৰ্কেনৱেলৰ মাজৰ ঘটনাস্থলীলৈ আৰক্ষী আৰু পেৰামেডিক্সক মাতি অনা হৈছিল আৰু চেইস্থা কোছাৰক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত পোৱা গৈছিল।

মেট্ৰ'পলিটান পুলিচৰ উদ্ধৃতি দি লণ্ডন ইভিনিং ষ্টেণ্ডাৰ্ডে জনাইছে যে জৰুৰীকালীন সেৱাৰ প্ৰচেষ্টা সত্বেও ঘটনাস্থলীতে ৩৩ বছৰীয়া যুৱতীগৰাকীৰ মৃত্যু হয়।

ট্ৰাকৰ চালকজন ঘটনাস্থলীত ৰৈছিল আৰু বৰ্তমান আৰক্ষীক অনুসন্ধানত সহায় কৰি আছে৷
গোচৰটোত এতিয়ালৈকে কোনো গ্ৰেপ্তাৰ কৰা হোৱা নাই।
আৰক্ষী বিষয়াসকলে সংঘৰ্ষৰ সাক্ষীসকলক আগবাঢ়ি আহিবলৈ বা যাৰ ওচৰত যোগাযোগ কৰিবলৈ কি ঘটিছিল তাৰ ডেচকেম ফুটেজ আছে সেয়া আৰক্ষীক দিবলৈ আহ্বান জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক