--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ চুবুৰীয়া দেশ ম্যানমাৰত অতি শক্তিশালী ভূমিকম্পৰ ফলত কঁপি উঠিল পৃথিৱী। থাইলেণ্ডৰ ৰাজধানী বেংককতো ইয়াৰ প্ৰভাৱ দেখা গৈছে। ভূমিকম্পৰ কেন্দ্ৰবিন্দু ম্যানমাৰত আৰু ইয়াৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৭.৭। 

ম্যানমাৰৰ লগতে অসম, দিল্লী, কলকাতা আৰু দেশৰ কেইবাখনো ৰাজ্যতো অনুভূত হ’ল কম্পন। 

বিষয়াসকলে জনোৱা মতে, বেংককত নিৰ্মাণৰত বহুমহলীয়া অট্টালিকা ভূমিকম্পৰ ফলত ভাঙি চূৰমাৰ হৈ যায়। ইতিমধ্যে, ছ’চিয়েল মিডিয়াত ভূমিকম্পৰ কেইবাটাও ভিডিঅ’ প্ৰকাশ পাবলৈ আৰম্ভ কৰিছে। ভূমিকম্পৰ ফলত বেংককত নিৰ্মাণৰত এটা আকাশচুম্বী অট্টালিকা তাচপাতৰ দৰে খহি পৰে। হোটেল আৰু ওখ অট্টালিকাৰপৰা মানুহবোৰ লৰালৰিকৈ নামি ৰাজপথলৈ ওলাই আহে। সকলোতে আতংক বিয়পি পৰে। অট্টালিকাটোৰ ধ্বংসাৱশেষৰ তলত ৪০ জনতকৈ অধিক শ্ৰমিক আবদ্ধ হৈ পৰাৰ আশংকা। 

আৰক্ষীয়ে জনোৱা মতে, বেংককৰ চাটুচাক মাৰ্কেটৰ সমীপৰ ঘটনাস্থলীত তেওঁলোকে সাহায্য আৰু উদ্ধাৰ অভিযান চলাই আছে।

প্ৰাৰম্ভিক খবৰ অনুসৰি আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ আৰু জাৰ্মানীৰ জি এফ জেড ভূতত্ত্ব কেন্দ্ৰই জনোৱা মতে, বিয়লি ১০ কিলোমিটাৰ (৬.২ মাইল) গভীৰতাত এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰ। 

গ্ৰেটাৰ বেংকক অঞ্চলৰ জনসংখ্যা ১ কোটি ৭০ লাখতকৈ অধিক, ইয়াৰে বহুতেই উচ্চ এপাৰ্টমেণ্টত থাকে। দুপৰীয়া ১.৩০ মান বজাত ভূমিকম্পৰ ফলত অট্টালিকাত এলাৰ্ম বাজিবলৈ ধৰে আৰু ঘন জনবসতিপূৰ্ণ মধ্য বেংককৰ ওখ অট্টালিকা আৰু হোটেলৰ পৰা মানুহক উলিয়াই অনা হয়। 

এতিয়ালৈকে এই ভূমিকম্পৰ ফলত ৫৯ জন লোকৰ মৃত্যু আৰু ৮০ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। মৃতকৰ সংখ্যা অধিক হোৱাৰ সম্ভাৱনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ