--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ চুবুৰীয়া দেশ ম্যানমাৰত অতি শক্তিশালী ভূমিকম্পৰ ফলত কঁপি উঠিল পৃথিৱী। থাইলেণ্ডৰ ৰাজধানী বেংককতো ইয়াৰ প্ৰভাৱ দেখা গৈছে। ভূমিকম্পৰ কেন্দ্ৰবিন্দু ম্যানমাৰত আৰু ইয়াৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৭.৭। 

ম্যানমাৰৰ লগতে অসম, দিল্লী, কলকাতা আৰু দেশৰ কেইবাখনো ৰাজ্যতো অনুভূত হ’ল কম্পন। 

বিষয়াসকলে জনোৱা মতে, বেংককত নিৰ্মাণৰত বহুমহলীয়া অট্টালিকা ভূমিকম্পৰ ফলত ভাঙি চূৰমাৰ হৈ যায়। ইতিমধ্যে, ছ’চিয়েল মিডিয়াত ভূমিকম্পৰ কেইবাটাও ভিডিঅ’ প্ৰকাশ পাবলৈ আৰম্ভ কৰিছে। ভূমিকম্পৰ ফলত বেংককত নিৰ্মাণৰত এটা আকাশচুম্বী অট্টালিকা তাচপাতৰ দৰে খহি পৰে। হোটেল আৰু ওখ অট্টালিকাৰপৰা মানুহবোৰ লৰালৰিকৈ নামি ৰাজপথলৈ ওলাই আহে। সকলোতে আতংক বিয়পি পৰে। অট্টালিকাটোৰ ধ্বংসাৱশেষৰ তলত ৪০ জনতকৈ অধিক শ্ৰমিক আবদ্ধ হৈ পৰাৰ আশংকা। 

আৰক্ষীয়ে জনোৱা মতে, বেংককৰ চাটুচাক মাৰ্কেটৰ সমীপৰ ঘটনাস্থলীত তেওঁলোকে সাহায্য আৰু উদ্ধাৰ অভিযান চলাই আছে।

প্ৰাৰম্ভিক খবৰ অনুসৰি আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ আৰু জাৰ্মানীৰ জি এফ জেড ভূতত্ত্ব কেন্দ্ৰই জনোৱা মতে, বিয়লি ১০ কিলোমিটাৰ (৬.২ মাইল) গভীৰতাত এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰ। 

গ্ৰেটাৰ বেংকক অঞ্চলৰ জনসংখ্যা ১ কোটি ৭০ লাখতকৈ অধিক, ইয়াৰে বহুতেই উচ্চ এপাৰ্টমেণ্টত থাকে। দুপৰীয়া ১.৩০ মান বজাত ভূমিকম্পৰ ফলত অট্টালিকাত এলাৰ্ম বাজিবলৈ ধৰে আৰু ঘন জনবসতিপূৰ্ণ মধ্য বেংককৰ ওখ অট্টালিকা আৰু হোটেলৰ পৰা মানুহক উলিয়াই অনা হয়। 

এতিয়ালৈকে এই ভূমিকম্পৰ ফলত ৫৯ জন লোকৰ মৃত্যু আৰু ৮০ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। মৃতকৰ সংখ্যা অধিক হোৱাৰ সম্ভাৱনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ