--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মোদীয়ে সৰ্বাধিক সময় দেশৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ অভিলেখ গঢ়িব।ইন্দিৰা গান্ধী ৪০৭৭ দিন প্রধানমন্ত্ৰীৰ পদত আছিল।

ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ১০ জুনত আন এক ইতিহাসৰ সৃষ্টি কৰিব। সেইদিনা তেওঁ দেশৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰীসকলৰ ভিতৰত সৰ্বাধিক সময় এই পদত থকা প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হ'ব। তেওঁ গণতান্ত্রিকভাৱে নিৰ্বাচিত হোৱাৰ পাছত জৱাহৰলাল নেহৰুৰ সুদীর্ঘ কাৰ্যকালৰ অভিলেখো ভংগ কৰিব। 


উল্লেখযোগ্য যে নেহৰুৱে ১৯৪৭ চনত কোনোধৰণৰ নিৰ্বাচন নোহোৱাকৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল। কিন্তু তেওঁ গণতান্ত্রিকভাৱে প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল গ্ৰহণ কৰিছিল ১৯৫২ চনৰ ১৩ মে'ত। উল্লেখযোগ্য যে দেশত প্রথম সংসদীয় নির্বাচন হৈছিল ১৯৫২ চনত আৰু প্ৰথম লোক সভা গঠন হৈছিল সেই বছৰৰ ১৭ এপ্রিলত। 


আনহাতে, লোক সভাৰ প্ৰথম অধিৱেশন আৰম্ভ হৈছিল ১৯৫২ চনৰ ১৩ মে'ত। নেহৰুৱে ১৯৫২ চনৰ ১৩ মে'ত প্ৰধানমন্ত্ৰীৰূপে শপত গ্রহণ কৰে। তেওঁ ১৯৬৪ চনৰ ২৭ মে'ত মৃত্যু হোৱাৰ সময়লৈকে দেশৰ প্রধানমন্ত্রীৰূপে সেৱা আগবঢ়াইছিল। আন কথাত নেহৰু ৪,৩৯৮ দিন প্ৰধানমন্ত্ৰীৰ পদত আছিল। আনহাতে, মোদীয়ে ২০১৪ চনৰ ২৬ মে'ত দেশৰ প্রধানমন্ত্রীৰূপে শপত গ্রহণ কৰিছিল। অহা ১৩ মে'ত তেওঁ প্রধানমন্ত্রী হিচাপে ৪৩৯৯ দিন সম্পূৰ্ণ কৰি নেহৰুৰ অভিলেখ ভংগ কৰিব। ইয়াৰ লগে মোদীয়ে সৰ্বাধিক সময় দেশৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ অভিলেখো গঢ়িব। উল্লেখযোগ্য যে প্ৰয়াত ইন্দিৰা গান্ধী ৪০৭৭ দিন প্রধানমন্ত্ৰীৰ পদত আছিল। 


মোদীয়ে যোৱা বছৰ ২৫ জুলাইত ইন্দিৰা গান্ধীৰ অভিলেখ অতিক্ৰম কৰিছিল। নেহৰু আৰু মোদীয়ে ভিন্ন ভিন্ন পৰিস্থিতিত দেশৰ প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰিছিল। নেহৰু দেশৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত দেশৰ জনসংখ্যা আছিল ৩৪ কোটি। মোদীয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত দেশৰ জনসংখ্যা আছিল ১৩১ কোটি। আনহাতে, ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনত ৫৩টা দলে প্রতিদ্বন্দ্বিতা কৰিছিল। ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰা ৰাজনৈতিক দলৰ সংখ্যা আছিল ৪৬৪টা।

উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক