--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। অৱশ্যে, বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

ডিজিটেল ডেস্ক: নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ ন-পাৰা পামস্থিত দেওবৰীয়া বজাৰত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ড। জুইৰ লেলিহান শিখাই নিমিষতে ছানি ধৰে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান। এই বিধ্বংসী অগ্নিকাণ্ডত পাঁচখনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে প্ৰায় ১৫ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায়।


প্ৰাপ্ত তথ্য অনুসৰি, আয়ান আলী নামৰ এজন ব্যক্তিৰ কাপোৰৰ দোকানৰ পৰা জুইৰ সূত্ৰপাত ঘটে। পৰৱৰ্তী সময়ত জুই দ্ৰুতগতিত বিয়পি পৰাত ফজৰ আলী, মুঞ্জৰ আলী, আয়ান আলী, কাছেম আলী আৰু ৰফিক আলী নামৰ পাঁচগৰাকী ব্যৱসায়ীৰ দোকানত ব্যাপক ক্ষতিসাধন হয়।


অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। অৱশ্যে, বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।


ইফালে, যাতায়তৰ অচল অৱস্থাৰ বাবে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হ’ব নোৱাৰাৰ ফলত স্থানীয় ৰাইজে তাৎক্ষণিকভাৱে জুই নিৰ্বাপণৰ চেষ্টা চলায়। এই অগ্নিকাণ্ডত সৰ্বস্বান্ত হোৱা ব্যৱসায়ীসকলৰ পৰিয়াললৈ উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনে। ক্ষতিগ্ৰস্ত পৰিয়ালক সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰ আৰু নলবাৰী জিলা আয়ুক্তৰ ওচৰত দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু