--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অবিবাহিত পুৰুষসকল ব্যক্তিগত পৰিচ্ছন্নতা বজাই ৰখাৰ ক্ষেত্ৰত কিমান সচেতন? এই কথা জানিবলৈ শেহতীয়াকৈ চলোৱা হৈছিল এক সমীক্ষা৷ ব্যক্তিগত পৰিচ্ছন্নতা বজাই ৰাখিবলৈ আন কাপোৰৰ লগতে বিচনাৰ চাদৰৰ যত্ন লোৱাও প্ৰয়োজন। বহুলোকে প্ৰতি দুদিন-তিনি দিনৰ মূৰত  বিচনাৰ চাদৰ ধুই পৰিষ্কাৰ কৰে। আকৌ বহুতে চাৰি মাহলৈও বিচনা চাদৰৰ ধোৱাৰ কথা নাভাবে৷ 

এইক্ষেত্ৰত অবিবাহিত পুৰুষসকল বেছি আগবঢ়া বুলি শেহতীয়া এক সমীক্ষাত প্ৰকাশ পাইছে৷ শেহতীয়া  অধ্যয়ন অনুসৰি বেছিভাগ অবিবাহিত পুৰুষে প্ৰতিদিনে বিচনাৰ চাদৰ সলনি নকৰে। তেওঁলোকে চাৰি মাহত এবাৰহে বিচনাৰ চাদৰ ধুৱে।

 প্ৰায় ২,৫০০ অবিবাহিত যুৱক-যুৱতীৰ ওপৰত এই জৰীপটো চলোৱা হৈছিল। জৰীপটো পিজুনা লিনেন
নামৰ এটা কোম্পানীৰ দ্বাৰা কৰা হৈছিল যিটো কোম্পানীয়ে  বিচনাৰ চাদৰ প্ৰস্তুত কৰে। জৰীপটোত অংশগ্ৰহণ কৰা প্ৰায় ৪৫ শতাংশ পুৰুষে কয়  যে তেওঁলোকে  বিচনা চাদৰ চাৰিমাহৰ মূৰতহে এবাৰ ধুৱে৷ তেওঁলোকৰ মতে  একেখন বিচনা চাদৰ বহুদিনলৈ  বিচনাত ৰখাত কোনো অসুবিধা নাই। ফলস্বৰূপে, চাৰি বা পাঁচ মাহসময় চলি থাকিলেও একো অসুবিধা নহয়৷ 

সমীক্ষাটোত অংশগ্ৰহণ কৰা ১২ শতাংশ পুৰুষে কয় যে তেওঁলোকে পুৱা বাহিৰলৈ  ওলায় যায় আৰু ৰাতি কেৱল শুবলৈহে ঘৰলৈ আহে। ফলস্বৰূপে বিচনা  চাদৰবোৰ অত্যাধিক লেতেৰা নহয়। গতিকে সঘনাই বিচনাৰ চাদৰ সলনি কৰাৰ কোনো প্ৰয়োজন নাথাকে। এই জৰীপটোত অংশগ্ৰহণ কৰা সকলৰ বহুতে প্ৰেমৰ পৰি আছে । সেই সংখ্যাটো প্ৰায় ২৭ শতাংশ। তেওঁলোকৰ ক্ষেত্ৰত প্ৰেমিকাৰ ভয়তে বা যিকোনো কাৰণতে তেওঁলোকে প্ৰতি এমাহত বিচনা চাদৰ ধুবলৈ বাধ্য হয়৷ 

সমীক্ষা চলোৱা সংস্থাটোৱে জৰীপৰ শেষত বিচনা চাদৰ ব্যৱহাৰ কৰাৰ বিষয়ে কিছু পৰামৰ্শ দিছে। তেওঁলোকৰ মতে সপ্তাহত এবাৰ কৈ বিচনা চাদৰ, গাৰুৰ কভাৰ আদি  সলনি কৰিব লাগে। একেখন চাদৰত প্ৰতিদিনে শুৱাতো  স্বাস্থ্যকৰ নহয়। এই অভ্যাসটো ছালৰ বাবেও ক্ষতিকাৰক। শীতকালত ব্যৱহৃত ডাঠ কম্বল বোৰ ধুই পেলোৱা সম্ভৱ নহয়। কাৰণ শুকাবলৈ দীঘলীয়া সময় লাগিব। গতিকে পুৱা সাৰ পোৱাৰ পিছত সেইবোৰ  এবাৰ ৰ'দত দিব পাৰি।এনেদৰে সেইবোৰ  বীজাণুমুক্ত কৰিব পাৰি৷ আনহাতে অবিবাহিত পুৰুষৰ তুনাত অবিবাহিতা যুৱতীসকলে ব্যক্তিগত পৰিচ্ছন্নতা বজাই ৰখাৰ ক্ষেত্ৰত অধিক সচেতন বুলি সমীক্ষাটোত প্ৰকাশ পাইছে৷ অবিবাহিতা যুৱতীসকলে নিয়মীয়াকৈ বিচনা চাদৰ আদি ধুৱে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু