--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অবিবাহিত পুৰুষসকল ব্যক্তিগত পৰিচ্ছন্নতা বজাই ৰখাৰ ক্ষেত্ৰত কিমান সচেতন? এই কথা জানিবলৈ শেহতীয়াকৈ চলোৱা হৈছিল এক সমীক্ষা৷ ব্যক্তিগত পৰিচ্ছন্নতা বজাই ৰাখিবলৈ আন কাপোৰৰ লগতে বিচনাৰ চাদৰৰ যত্ন লোৱাও প্ৰয়োজন। বহুলোকে প্ৰতি দুদিন-তিনি দিনৰ মূৰত  বিচনাৰ চাদৰ ধুই পৰিষ্কাৰ কৰে। আকৌ বহুতে চাৰি মাহলৈও বিচনা চাদৰৰ ধোৱাৰ কথা নাভাবে৷ 

এইক্ষেত্ৰত অবিবাহিত পুৰুষসকল বেছি আগবঢ়া বুলি শেহতীয়া এক সমীক্ষাত প্ৰকাশ পাইছে৷ শেহতীয়া  অধ্যয়ন অনুসৰি বেছিভাগ অবিবাহিত পুৰুষে প্ৰতিদিনে বিচনাৰ চাদৰ সলনি নকৰে। তেওঁলোকে চাৰি মাহত এবাৰহে বিচনাৰ চাদৰ ধুৱে।

 প্ৰায় ২,৫০০ অবিবাহিত যুৱক-যুৱতীৰ ওপৰত এই জৰীপটো চলোৱা হৈছিল। জৰীপটো পিজুনা লিনেন
নামৰ এটা কোম্পানীৰ দ্বাৰা কৰা হৈছিল যিটো কোম্পানীয়ে  বিচনাৰ চাদৰ প্ৰস্তুত কৰে। জৰীপটোত অংশগ্ৰহণ কৰা প্ৰায় ৪৫ শতাংশ পুৰুষে কয়  যে তেওঁলোকে  বিচনা চাদৰ চাৰিমাহৰ মূৰতহে এবাৰ ধুৱে৷ তেওঁলোকৰ মতে  একেখন বিচনা চাদৰ বহুদিনলৈ  বিচনাত ৰখাত কোনো অসুবিধা নাই। ফলস্বৰূপে, চাৰি বা পাঁচ মাহসময় চলি থাকিলেও একো অসুবিধা নহয়৷ 

সমীক্ষাটোত অংশগ্ৰহণ কৰা ১২ শতাংশ পুৰুষে কয় যে তেওঁলোকে পুৱা বাহিৰলৈ  ওলায় যায় আৰু ৰাতি কেৱল শুবলৈহে ঘৰলৈ আহে। ফলস্বৰূপে বিচনা  চাদৰবোৰ অত্যাধিক লেতেৰা নহয়। গতিকে সঘনাই বিচনাৰ চাদৰ সলনি কৰাৰ কোনো প্ৰয়োজন নাথাকে। এই জৰীপটোত অংশগ্ৰহণ কৰা সকলৰ বহুতে প্ৰেমৰ পৰি আছে । সেই সংখ্যাটো প্ৰায় ২৭ শতাংশ। তেওঁলোকৰ ক্ষেত্ৰত প্ৰেমিকাৰ ভয়তে বা যিকোনো কাৰণতে তেওঁলোকে প্ৰতি এমাহত বিচনা চাদৰ ধুবলৈ বাধ্য হয়৷ 

সমীক্ষা চলোৱা সংস্থাটোৱে জৰীপৰ শেষত বিচনা চাদৰ ব্যৱহাৰ কৰাৰ বিষয়ে কিছু পৰামৰ্শ দিছে। তেওঁলোকৰ মতে সপ্তাহত এবাৰ কৈ বিচনা চাদৰ, গাৰুৰ কভাৰ আদি  সলনি কৰিব লাগে। একেখন চাদৰত প্ৰতিদিনে শুৱাতো  স্বাস্থ্যকৰ নহয়। এই অভ্যাসটো ছালৰ বাবেও ক্ষতিকাৰক। শীতকালত ব্যৱহৃত ডাঠ কম্বল বোৰ ধুই পেলোৱা সম্ভৱ নহয়। কাৰণ শুকাবলৈ দীঘলীয়া সময় লাগিব। গতিকে পুৱা সাৰ পোৱাৰ পিছত সেইবোৰ  এবাৰ ৰ'দত দিব পাৰি।এনেদৰে সেইবোৰ  বীজাণুমুক্ত কৰিব পাৰি৷ আনহাতে অবিবাহিত পুৰুষৰ তুনাত অবিবাহিতা যুৱতীসকলে ব্যক্তিগত পৰিচ্ছন্নতা বজাই ৰখাৰ ক্ষেত্ৰত অধিক সচেতন বুলি সমীক্ষাটোত প্ৰকাশ পাইছে৷ অবিবাহিতা যুৱতীসকলে নিয়মীয়াকৈ বিচনা চাদৰ আদি ধুৱে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক