--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ১৭ ছেপ্টেম্বৰত ৭১ বছৰীয়া হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰীগৰাকীয়ে “ৰাইজৰ সেৱাত ২০ টা বছৰ” অতিক্ৰম কৰাৰ উপলক্ষত ১৭ ছেপ্টেম্বৰৰ পৰাই ২০ দিনীয়া কাৰ্যসূচীৰে বিজেপি দলে আৰম্ভ কৰিব - - “সেৱা আৰু সমৰ্পণ অভিযান”। উক্ত কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি শাসনাধিস্থিত দলটোৱে আয়োজন কৰিব স্বচ্ছতা আৰু ৰক্তদান অভিযান। দলৰ মুৰব্বী জে পি নাড্ডাই কাৰ্যসূচীসমূহ সফল ভাৱে উদযাপন কৰাৰ বাবে দলটোৰ সকলো ৰাজ্যিক গোটলৈ নিৰ্দেশ জাৰি কৰিছে। লগতে দেশৰ বিজেপি বুথসমূহৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীলৈ অভিনন্দন জনাই প্ৰেৰণ কৰা হ’ব ৫ কোটি পোষ্টকাৰ্ড

এই কাৰ্যসূচীৰ অংশ হিচাপে “বিনামূলীয়া খাদ্যশস্য আৰু ভেকচিন” দৰিদ্ৰলোকক প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক অভিনন্দন জনাই বিভিন্ন স্থানত হ’ৰ্ডিং আঁৰি দিয়া হ’ব।দলীয় সদস্যসকলে প্ৰধানমন্ত্ৰীৰ জীৱনৰ বিভিন্ন ঘটনা বিষয়ক আলোকচিত্ৰৰ প্ৰদৰ্শনী অনুষ্ঠান আয়োজন কৰিব। প্ৰতিগৰাকী জনপ্ৰতিনিধি ৰেচন বিতৰণ কেন্দ্ৰলৈ যাব আৰু প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি ভিডিঅ’ ক্লিপ প্ৰস্তুত কৰিব।
এনে অনুষ্ঠানবোৰলৈ বুদ্ধিজীৱি আৰু বিখ্যাত ব্যক্তিসকলকো আমন্ত্ৰণ জনাই প্ৰধানমন্ত্ৰীগৰাকীৰ জীৱনৰ কৃতি আৰু কৰ্মৰাজিৰ বিষয়ে আভাস দিয়া হ’ব।
২ অক্ট’ৱৰ অৰ্থাৎ গান্ধী জয়ন্তীৰ দিনাও এক ব্যাপক স্বচ্ছতা অভিযান চলোৱা হ’ব। খাদী আৰু থলুৱা সামগ্ৰী ব্যৱহাৰৰ হকেও ব্যাপক প্ৰচাৰ অভিযান চলোৱা হ’ব।
যি নহওঁক, এই ব্যতিক্ৰমী আৰু ব্যাপক কাৰ্যসূচীয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ ৰাজনৈতিক ভাৱমূৰ্তি উন্নত কৰত কিভাৱে সহায় কৰে সেয়াহে লক্ষ্যণীয় হ’ব। নক’লেও চলে, ক’ভিডৰ অতিচাৰ আৰু মূল্যবৃদ্ধিত দিক্-বিদিক হেৰুওৱা সাধাৰণ লোক কিম্বা কৃষক আইনে শংকিত কৰা কৃষকসকলৰ মাজত প্ৰধানমন্ত্ৰীৰ ভাৱমূৰ্তি শেহতীয়া সময়ত বহু পৰিমাণে ম্লান হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ