--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ১৭ ছেপ্টেম্বৰত ৭১ বছৰীয়া হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰীগৰাকীয়ে “ৰাইজৰ সেৱাত ২০ টা বছৰ” অতিক্ৰম কৰাৰ উপলক্ষত ১৭ ছেপ্টেম্বৰৰ পৰাই ২০ দিনীয়া কাৰ্যসূচীৰে বিজেপি দলে আৰম্ভ কৰিব - - “সেৱা আৰু সমৰ্পণ অভিযান”। উক্ত কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি শাসনাধিস্থিত দলটোৱে আয়োজন কৰিব স্বচ্ছতা আৰু ৰক্তদান অভিযান। দলৰ মুৰব্বী জে পি নাড্ডাই কাৰ্যসূচীসমূহ সফল ভাৱে উদযাপন কৰাৰ বাবে দলটোৰ সকলো ৰাজ্যিক গোটলৈ নিৰ্দেশ জাৰি কৰিছে। লগতে দেশৰ বিজেপি বুথসমূহৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীলৈ অভিনন্দন জনাই প্ৰেৰণ কৰা হ’ব ৫ কোটি পোষ্টকাৰ্ড।

এই কাৰ্যসূচীৰ অংশ হিচাপে “বিনামূলীয়া খাদ্যশস্য আৰু ভেকচিন” দৰিদ্ৰলোকক প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক অভিনন্দন জনাই বিভিন্ন স্থানত হ’ৰ্ডিং আঁৰি দিয়া হ’ব।দলীয় সদস্যসকলে প্ৰধানমন্ত্ৰীৰ জীৱনৰ বিভিন্ন ঘটনা বিষয়ক আলোকচিত্ৰৰ প্ৰদৰ্শনী অনুষ্ঠান আয়োজন কৰিব। প্ৰতিগৰাকী জনপ্ৰতিনিধি ৰেচন বিতৰণ কেন্দ্ৰলৈ যাব আৰু প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি ভিডিঅ’ ক্লিপ প্ৰস্তুত কৰিব।
এনে অনুষ্ঠানবোৰলৈ বুদ্ধিজীৱি আৰু বিখ্যাত ব্যক্তিসকলকো আমন্ত্ৰণ জনাই প্ৰধানমন্ত্ৰীগৰাকীৰ জীৱনৰ কৃতি আৰু কৰ্মৰাজিৰ বিষয়ে আভাস দিয়া হ’ব।
২ অক্ট’ৱৰ অৰ্থাৎ গান্ধী জয়ন্তীৰ দিনাও এক ব্যাপক স্বচ্ছতা অভিযান চলোৱা হ’ব। খাদী আৰু থলুৱা সামগ্ৰী ব্যৱহাৰৰ হকেও ব্যাপক প্ৰচাৰ অভিযান চলোৱা হ’ব।
যি নহওঁক, এই ব্যতিক্ৰমী আৰু ব্যাপক কাৰ্যসূচীয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ ৰাজনৈতিক ভাৱমূৰ্তি উন্নত কৰত কিভাৱে সহায় কৰে সেয়াহে লক্ষ্যণীয় হ’ব। নক’লেও চলে, ক’ভিডৰ অতিচাৰ আৰু মূল্যবৃদ্ধিত দিক্-বিদিক হেৰুওৱা সাধাৰণ লোক কিম্বা কৃষক আইনে শংকিত কৰা কৃষকসকলৰ মাজত প্ৰধানমন্ত্ৰীৰ ভাৱমূৰ্তি শেহতীয়া সময়ত বহু পৰিমাণে ম্লান হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু