--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলোৱে নিজৰ ঘৰখন ভাল পায়, কোনেও কেতিয়াও নিবিচাৰে যে কোনো প্ৰাণীয়ে সপোনৰ ঘৰখনত অশান্তিৰ সৃষ্টি কৰক বা নষ্ট কৰক। প্ৰায়বোৰ ঘৰতে নিগনিয়ে কেতিয়াবা আতংকৰ সৃষ্টি কৰে। ঘৰৰ বিচনা-কাপোৰবোৰ নষ্ট কৰে। আনকি খাদ্য-আদিও অপচয় কৰে। আমাৰ বহুতেই এই নিগনিবোৰৰ পৰা মুক্তি পাব বিচাৰে। এনে পৰিস্থিতিত আপুনি কি ব্যৱস্থা ল’লে ভাল জানো আহক।

নিগনিক হত্যা নকৰাকৈ কেনেকৈ মুক্তি পাব পাৰি

১) নহৰুঃ নহৰু এনেকুৱা মছলা যে আমি খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰো, কিন্তু আপুনি জানেনে যে ইয়াৰ সহায়ত আপুনি নিগনিৰো পৰা মুক্তি পাব পাৰে। আচলতে নহৰুৰ উগ্ৰ গোন্ধে নিগনিবোৰক আমনি কৰে। নহৰু সৰু সৰুকৈ কাটি ঘৰৰ চুকত ৰাখি নিৰ্বিকাৰ হৈ থাকক।

২) পিঁয়াজঃ নহৰুৰ দৰে পিঁয়াজেও এক প্ৰবল গোন্ধ নিৰ্গত কৰে যিটো নিগনিয়ে একেবাৰেই ভাল নাপায়। ই নিগনিৰ বাবে বিষাক্ত পদাৰ্থৰ দৰে। পিঁয়াজৰ টুকুৰা কাটি নিগনি অহা ঠাইবোৰত ৰাখক।

৩) লং তেলঃ আপুনি খাদ্যৰ সুগন্ধি বৃদ্ধি কৰিবলৈ বা প্ৰাকৃতিক মুখ সতেজকাৰী হিচাপে লং ব্যৱহাৰ কৰে, কিন্তু ইয়াৰ সহায়ত আপুনি নিগনি খেদিব পাৰে। কাপোৰ এখন লৈ লঙৰ তেলত ডুবাই দুৱাৰৰ চুকত। 

৪) পদিনাঃ পদিনাৰ গোন্ধে নিগনিবোৰক অস্বস্তিত পেলায়। আপুনি কপাহৰ টুকুৰাত পদিনা লগাই দুৱাৰৰ চুকত ৰাখক। নিগনি পলাই যাব।

৫) জালুকৰ গুড়িঃ জালুকৰ গুড়িৰ গোন্ধে নিগনিক বিৰক্ত কৰে। এই অবাঞ্চিত প্ৰাণীক আপোনাৰ ঘৰৰ পৰা আঁতৰাই ৰাখিবলৈ নিগনিৰ গাঁতৰ জালুকৰ গুড়ি ছটিয়াই দিব। নিগনি পলাই দৌৰ মাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা