--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী তথা 'দেশী গাৰ্ল' খ্যাত প্ৰিয়ংকা চোপ্ৰাই নিউয়ৰ্কত 'ছ'না' নামৰ এখন ভাৰতীয় ৰেষ্টুৰেণ্ট মুকলি কৰে। শেহতীয়াকৈ প্ৰিয়ংকাই দেশী খাদ্যৰ ওপৰত বেছি মনোনিবেশ কৰা দেখা গৈছিল৷ আনহাতে ২০১৯ চনত তেওঁৰ স্বামী, গায়ক নিক জোনাছ আৰু তেওঁৰ মাতৃ মধু চোপ্ৰাৰ সৈতে কৰা ৰেষ্টুৰেণ্টৰ ছবি আৰু এক অন্তৰঙ্গ প্ৰাৰ্থনা অনুষ্ঠান পোষ্ট কৰিছিল। প্ৰিয়ংকাই তেওঁৰ এটা পোষ্টত লিখিছিল যে, ভাৰতীয় ৰন্ধনশৈলী পৰিৱেশন কৰা ৰেষ্টুৰেণ্ট এখন এই মাহৰ পাছৰ ভাগত মুকলি হ'ব আৰু ইয়াৰ মুখ্য ৰান্ধনী হ'ব চেফ হৰি নায়ক।

আৰু পঢ়িব পাৰিব : সৰ্বানন্দক মাজুলীত প্ৰতিদন্দ্বীতা কৰিব কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে

অভিনেত্ৰীগৰাকীয়ে পোষ্টত উল্লেখ কৰিছিল যে, "মই বহুত আগ্ৰহেৰে এনৱাইচিৰ নতুন ৰেষ্টুৰেণ্ট 'ছ'না'ক আপোনাৰ ওচৰত উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছো৷ য'ত মই ভাৰতীয় খাদ্যৰ প্ৰতি থকা মোৰ ভালপোৱা ঢালি দিছো। ছ'না হৈছে সময়হীন ভাৰতৰ প্ৰতিমূৰ্তি আৰু মই ভাৰতৰ মাটিত ডাঙৰ হোৱা প্ৰতিটো ফ্লেভাৰ ইয়াত পোৱা যাব।'

আৰু পঢ়িব পাৰিব : আজি অগপই ঘোষণা কৰিব বহু প্ৰতাক্ষিত প্ৰাৰ্থীৰ তালিকা

তেওঁ হৰি নায়কৰ ওপৰতো কিছু বাখ্যা আগবঢ়ায়- ছ'নাৰ এই পাকঘৰটো চেফ হৰি নায়কৰ দ্বাৰা পৰিচালনা কৰা হৈছে, যাৰ ৰন্ধন প্ৰণালীত আছে দক্ষতাপূৰ্ণ প্ৰতিভা, যিয়ে আটাইতকৈ সুস্বাদু আৰু অভিনৱ মেনু সৃষ্টি কৰিছে, আপোনাক মোৰ আশ্চৰ্যজনক দেশৰ মাজেৰে খাদ্য যাত্ৰাত লৈ গৈছে।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ