--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিধানসভাত দাখিল কৰা বাজেটক লৈ বৃহস্পতিবাৰে নলবাৰীত সংবাদমেল সম্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।নলবাৰী জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কয় যে এই বাজেটে নতুন নিযুক্তিৰ বাট মুকলি কৰিছে। 

ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু বহুকেইখন দলং নিৰ্মাণ কৰা আৰু ব্রহ্মপুত্রৰ তলেৰে সুৰংগ পথ নির্মাণ হৈ আছে বুলিও মন্তব্য প্রকাশ কৰে মন্ত্ৰীগৰাকীয়ে। নলবাৰীত বহু উন্নয়নৰ কাম কৰা হ'ল বুলি মন্তব্য কৰি নলবাৰীত ঔদ্যোগিক পাম‌ সম্প্ৰসাৰণ কৰাৰ সন্দৰ্ভত এই বাজেটত নীতি নির্ধাৰণ কৰা হৈছে বুলি ব্যক্ত কৰে। 

বিত্ত মন্ত্রী, মুখ্যমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই। আনহাতে এইবাৰ 'এডভান্টেজ আছাম'লৈ উদ্যোগীক নলবাৰীত পর্যাপ্ত ভূমি দিবলৈ পৰিকল্পনা কৰা বুলি মন্তব্য কৰাৰ লগতে নলবাৰীত মৰাপাট কল সন্দর্ভত প্রস্তাৱ লোৱা বুলিও ব্যক্ত কৰে। নলবাৰীৰ উন্নয়নমূলক আঁচনিৰ কাম সঠিকভাৱেই হৈ আছে বুলিও তেওঁ মন্তব্য কৰাৰ লগতে আৰু কয় যে নলবাৰীৰ নলা-নর্দমা ক্ষিপ্রগতিত নির্মাণ হৈ আছে। যান-জঁটৰ সমস্যা সমাধানৰ বাবে পার্কিঙৰ ব্যৱস্থা কৰা হৈছে। পুৰণি হস্পিটেলৰ কাষত আৰু নতুনকৈ পার্কিং নির্মাণৰ কাম চলি আছে। 

পথৰ দুয়োকাষে বহি থকা খুচৰা শাক-পাচলিৰ ব্যৱসায়ীসকলক নির্দিষ্ট স্থানলৈ নি ব্যৱসায়-বাণিজ্য কৰিবলৈ দিয়া হৈছে। ইপিনে ৰাজপথত নিৰ্মাণ কৰা ডিভাইদাৰক লৈ হোৱা সমালোচনাৰ প্ৰত্যুত্তৰ দি তেওঁ কয় যে ডিভাইদাৰ দিয়াৰ ফলত যান-জঁট কমিবহে। ইফালে নলবাৰীৰ বড় মছজিদ আৰু জিলিঙনি চ'কত পার্কিঙৰ সু-ব্যৱস্থা কৰি থকা বুলি আজি সদৰী কৰাৰ লগতে সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কাম এই বছৰতে সম্পূৰ্ণ হোৱাৰ লগতে নলবাৰী ক্রীড়া প্ৰকল্পৰ কামো এই বছৰতে সম্পূৰ্ণ কৰা হ'ব বুলিও মন্তব্য কৰে। 

১৯ কোটি টকা ব্যয়সাপেক্ষ নলবাৰী চহৰত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা বুলিও আজিৰ সংবাদমেলত প্রকাশ কৰে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই। আজিৰ এই সংবাদমেলত জিলা বিজেপিৰ সভাপতি জয়ন্ত বুজৰবৰুৱা আৰু সম্পাদক পুলক শর্মাও উপস্থিত আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ