--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ  বিতৰ্কই আপ নেতৃত্বাধীন পঞ্জাব চৰকাৰক এৰি যাবলৈকে যেন বিচৰা নাই। এইবাৰ পঞ্জাৱৰ পৰিবহণ মন্ত্ৰী ললজিৎ ভুল্লা চৰ্চালৈ আহিছে।  মন্ত্ৰীজনে তেওঁৰ ব্যক্তিগত এছইউভিখন চানৰুফত বহি উচ্চ স্বৰৰ পাঞ্জাৱী সংগীতত নৃত্য কৰা দেখা গৈছিল। আৰু এই ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হ'বলৈ আৰম্ভ কৰিছে।

 

পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে দুৰ্নীতিৰ বাবে কিছুদিনৰ আগতে বিজয় চিংলাক স্বাস্থ্য মন্ত্ৰীৰ পদৰ পৰা বৰ্খাস্ত কৰিছিল। বিশিষ্ট গায়ক আৰু কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাৰ হত্যাক লৈ পঞ্জাৱত এতিয়াও ৰাজনীতি উত্তপ্ত হৈ আছে। এইবাৰ পঞ্জাৱৰ পৰিবহণ মন্ত্ৰী ললজিৎ ভুল্লা চৰ্চালৈ আহিছে। তেওঁৰ এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু নেটিজেনসকল ইয়াকে লৈ ক্ষুব্ধ হৈ পৰিছে।

 

ভাইৰেল ভিডিঅ'টোত দেখা গৈছে যে পঞ্জাৱৰ পৰিবহণ মন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথত  এছইউভিখনৰ চানৰুফ খুলি বহি আছিল আৰু তেওঁ পাঞ্জাৱী সংগীতত নৃত্য কৰি থকা দেখা গৈছিল।

 

নেটিজেনসকলে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅটোৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে। তেওঁলোকে পৰিবহন মন্ত্ৰী ভুল্লাৰৰ ওপৰত পৰিবহন আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে প্ৰশ্ন কৰিছিল যে, তেওঁ পৰিবহন মন্ত্ৰী হিচাপে যান-বাহনৰ নিয়ম ভংগ কৰিব পাৰে নেকি। অৱশ্যে, ভিডিঅ'টো কেতিয়াৰ হয় সেই কথা এতিয়াও স্পষ্ট হোৱা নাই।  অৱশ্যে, পঞ্জাৱৰ পৰিবহন মন্ত্ৰীয়ে এই অভিযোগ খণ্ডন কৰিছে। তেওঁ দাবী কৰিছিল যে এইটো এটা পুৰণি ভিডিঅ' । ভুল্লাৰে নিজকে এজন দায়িত্বশীল নাগৰিক বুলি দাবী কৰে। বিৰোধীয়ে ভাইৰেল ভিডিঅ'টোক লৈ আপ চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বিজেপি নেতা মনজিন্দৰ সিং চিৰছাই কৈছিল যে আপৰ মন্ত্ৰীসকলে পঞ্জাৱৰ সংস্কৃতি ধ্বংস কৰাৰ খেলত নামিছে। তেওঁ পৰিবহন আইন উলংঘা কৰাৰ বাবে মন্ত্ৰীজনৰ পদত্যাগো দাবী কৰিছে। কংগ্ৰেছে আপ চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিব বুলি হুংকাৰ দিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে