--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ  বিতৰ্কই আপ নেতৃত্বাধীন পঞ্জাব চৰকাৰক এৰি যাবলৈকে যেন বিচৰা নাই। এইবাৰ পঞ্জাৱৰ পৰিবহণ মন্ত্ৰী ললজিৎ ভুল্লা চৰ্চালৈ আহিছে।  মন্ত্ৰীজনে তেওঁৰ ব্যক্তিগত এছইউভিখন চানৰুফত বহি উচ্চ স্বৰৰ পাঞ্জাৱী সংগীতত নৃত্য কৰা দেখা গৈছিল। আৰু এই ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হ'বলৈ আৰম্ভ কৰিছে।

 

পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে দুৰ্নীতিৰ বাবে কিছুদিনৰ আগতে বিজয় চিংলাক স্বাস্থ্য মন্ত্ৰীৰ পদৰ পৰা বৰ্খাস্ত কৰিছিল। বিশিষ্ট গায়ক আৰু কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাৰ হত্যাক লৈ পঞ্জাৱত এতিয়াও ৰাজনীতি উত্তপ্ত হৈ আছে। এইবাৰ পঞ্জাৱৰ পৰিবহণ মন্ত্ৰী ললজিৎ ভুল্লা চৰ্চালৈ আহিছে। তেওঁৰ এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু নেটিজেনসকল ইয়াকে লৈ ক্ষুব্ধ হৈ পৰিছে।

 

ভাইৰেল ভিডিঅ'টোত দেখা গৈছে যে পঞ্জাৱৰ পৰিবহণ মন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথত  এছইউভিখনৰ চানৰুফ খুলি বহি আছিল আৰু তেওঁ পাঞ্জাৱী সংগীতত নৃত্য কৰি থকা দেখা গৈছিল।

 

নেটিজেনসকলে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅটোৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে। তেওঁলোকে পৰিবহন মন্ত্ৰী ভুল্লাৰৰ ওপৰত পৰিবহন আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে প্ৰশ্ন কৰিছিল যে, তেওঁ পৰিবহন মন্ত্ৰী হিচাপে যান-বাহনৰ নিয়ম ভংগ কৰিব পাৰে নেকি। অৱশ্যে, ভিডিঅ'টো কেতিয়াৰ হয় সেই কথা এতিয়াও স্পষ্ট হোৱা নাই।  অৱশ্যে, পঞ্জাৱৰ পৰিবহন মন্ত্ৰীয়ে এই অভিযোগ খণ্ডন কৰিছে। তেওঁ দাবী কৰিছিল যে এইটো এটা পুৰণি ভিডিঅ' । ভুল্লাৰে নিজকে এজন দায়িত্বশীল নাগৰিক বুলি দাবী কৰে। বিৰোধীয়ে ভাইৰেল ভিডিঅ'টোক লৈ আপ চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বিজেপি নেতা মনজিন্দৰ সিং চিৰছাই কৈছিল যে আপৰ মন্ত্ৰীসকলে পঞ্জাৱৰ সংস্কৃতি ধ্বংস কৰাৰ খেলত নামিছে। তেওঁ পৰিবহন আইন উলংঘা কৰাৰ বাবে মন্ত্ৰীজনৰ পদত্যাগো দাবী কৰিছে। কংগ্ৰেছে আপ চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিব বুলি হুংকাৰ দিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ